শ্বাহিদা পাৰবীন
| শ্বাহিদা পাৰবীন | |
|---|---|
| জন্ম | শ্বাহিদা পাৰবীন বেগম ১৯৫৩ লাহোৰ, পাকিস্তান |
| মৃত্যু | ১৪ মাৰ্চ, ২০০৩ (৫০ বছৰ) লাহোৰ, পাকিস্তান |
| অন্য নাম | দ্য কুইন অৱ কাফি[1] |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৬৮ – ২০০৩ |
| পিতৃ-মাতৃ | জাহিদা পাৰবীন (মাতৃ) |
| সন্তান | ২ |
| আত্মীয়-স্বজন | পীৰণ দিত্তি (খুৰী) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা প্ৰাইড অৱ পাৰ্ফমেন্স বঁটা (২০০৪)[2] |
শ্বাহিদা পাৰবীন (ইংৰাজী: Shahida Parveen; ১৯৫৩ – ১৪ মাৰ্চ ২০০৩) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় গায়িকা আৰু লোক-গায়িকা।[3] তেওঁক দ্য কুইন অৱ কাফি নামেৰে জনা গৈছিল।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৫৩ চনত পাকিস্তানৰ লাহোৰত শ্বাহিদাৰ জন্ম হৈছিল। শ্বাহিদাৰ মাতৃ জাহিদা পাৰবীন এগৰাকী শাস্ত্ৰীয় গায়িকা।[3] শ্বাহিদাই মাকৰ পৰা শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লয় আৰু পিছলৈ পাটিয়ালা ঘৰানাৰ প্ৰশিক্ষণ বিদ্যালয়ত সংগীতৰ শিক্ষা গ্ৰহণ কৰে।[3]
প্ৰশিক্ষণ বিদ্যালয়ত সংগীত অধ্যয়ন কৰি অমানত আলী খান আৰু হামিদ আলী খানৰ পিতৃ উস্তাদ আখতাৰ হুছেইনৰ গজল আৰু চুফী শৈলীৰ সংগীতৰ প্ৰশিক্ষণ লাভ কৰে। পিছলৈ পাকিস্তানৰ সুপৰিচিত শাস্ত্ৰীয় গায়ক ছোটে গোলাম আলী খানৰ পৰা গীত আৰু কাৱালীৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।[4][3]
কৰ্মজীৱন
[সম্পাদনা কৰক]শ্বাহিদাই লাহোৰস্থিত ৰেডিঅ' পাকিস্তানত শাস্ত্ৰীয় সংগীত আৰু চুফী কবিতাৰ গীত গাবলৈ আৰম্ভ কৰে।[5] পিছলৈ তেওঁ ৰেডিঅ’ত গজল গাবলৈ আৰম্ভ কৰে আৰু জনপ্ৰিয় হৈ পৰা জুহুৰ নাজাৰে ৰচনা কৰা গজল দীপক ৰাগ হেঁ চাহত আপনি পৰিবেশন কৰে। ১৯৭০ চনত হিজ মাষ্টাৰছ ভইচ (এইচএমভি) ৰেডিঅ' আৰু মঞ্চত কাফি গীত গোৱাৰ বাবে তেওঁক দ্য কুইন অৱ কাফি (কাফীৰ ৰাণী) নামেৰে অভিহিত কৰা হয়।[1]
১৯৮৬ চনত তেওঁ পাকিস্তানী টেলিভিছন (পিটিভি) অনুষ্ঠানত গীত গাবলৈ আৰম্ভ কৰে আৰু তেওঁৰ এটা অনুষ্ঠান পায়ল ঔৰ সৰগম বেছ জনপ্ৰিয় হয়।[6] তাৰ পিছত ব্যক্তিগত অনুষ্ঠান আৰু উৎসৱত তেওঁ কাৱালী গাবলৈ আৰম্ভ কৰে আৰু নব্বৈৰ দশকত দূৰদৰ্শনত গীত গাবলৈ আৰম্ভ কৰে।[7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]শ্বাহিদাৰ বিবাহ সম্পন্ন হৈছিল আৰু তেওঁৰ দুগৰাকী কন্যা আছিল।[3]
অসুস্থতা আৰু মৃত্যু
[সম্পাদনা কৰক]বৃক্কৰ সমস্যা হোৱাত সৈইখ জায়েদ হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰথমতে তেওঁৰ অৱস্থা ভাল হৈছিল যদিও পিছত স্বাস্থ্যৰ অৱনতি ঘটিছিল।[3]
এসপ্তাহজোৰা অসুস্থতাৰ বাবে ২০০৩ চনৰ ১৪ মাৰ্চত ৫০ বছৰ বয়সত শ্বাহিদাৰ মৃত্যু হয় আৰু মিয়ানি চাহাব কবৰস্থানত মাতৃৰ কবৰৰ কাষতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।[3][8][9]
বঁটা
[সম্পাদনা কৰক]| বৰ্ষ | বঁটা | শাখা | ফলাফল | শিৰোনাম | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০০৪ | প্ৰাইড অৱ পাৰ্ফমেন্স বঁটা | পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা | বিজয়ী | কলা | [2][8] |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 The Herald - Volume 22, Issues 7-12. Pakistan Herald Publications. পৃষ্ঠা. 152.
- ↑ 2.0 2.1 "Top Stories (scroll down to read Pride of Performance awards for 2004)". Pakistan Times newspaper. Archived from the original on 14 June 2011. https://web.archive.org/web/20110614094618/http://pakistantimes.net/2004/03/24/top1.htm.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 "Noted singer Shahida Parveen passes away". Dawn News. March 10, 2023. https://www.dawn.com/news/87835/noted-singer-shahida-parveen-passes-away.
- ↑ "شاہدہ پروین کی وفات". Tareekh-e-Pakistan website. 13 March 2003. Archived from the original on 20 April 2023. https://web.archive.org/web/20230420184537/https://www.tareekhepakistan.com/detail?title_id=479&dtd_id=608। আহৰণ কৰা হৈছে: 15 May 2024.
- ↑ Lahore: A Musical Companion. M. Saeed Malik. পৃষ্ঠা. 77.
- ↑ South and Southeast Asia Video Archive Holdings Issue 5. University of Wisconsin--Madison. পৃষ্ঠা. 79.
- ↑ Continuum Encyclopedia of Popular Music of the World: Asia and Oceania. The University of Michigan. পৃষ্ঠা. 123.
- ↑ 8.0 8.1 "Death anniversary of Shahida Parveen observed". Radio Pakistan website. 13 March 2024. https://www.radio.gov.pk/13-03-2020/death-anniversary-of-shahida-parveen-being-observed-today। আহৰণ কৰা হৈছে: 15 May 2024.
- ↑ Economic Review Volume 35. University of Michigan. পৃষ্ঠা. 15.