শ্বাহৰাম আলিদী
| শ্বাহৰাম আলিদী | |
|---|---|
| জন্ম | ১১ ডিচেম্বৰ, ১৯৭১ (৫৪ বছৰ) সানান্দাজ, কুৰ্ডিষ্টান প্ৰদেশ, ইৰান |
| শিক্ষানুষ্ঠান | তেহৰান বিশ্ববিদ্যালয় তেহৰান কলা বিশ্ববিদ্যালয় |
| পেচা | চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ প্ৰযোজক, ছেট ডিজাইনাৰ, চিত্ৰশিল্পী, ইলাষ্ট্ৰেটৰ, গ্ৰাফিক ডিজাইনাৰ |
| সক্ৰিয় হৈ থকা সময় | ১৯৮২–বৰ্তমান |
| উল্লেখযোগ্য কৰ্ম | হুৱিস্পাৰ উইথ দা ৱিণ্ড ব্লেক হৰ্চ মেমৰিজ দা লাষ্ট আনকাউণ্টেড ভিলেজ |
শ্বাহৰাম আলিদী (ফাৰ্চী: شهرام علیدی; জন্ম ১১ ডিচেম্বৰ, ১৯৭১, সানান্দাজ, কুৰ্ডিষ্টান, ইৰান) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। ইয়াৰ উপৰি তেওঁ এজন চিত্ৰশিল্পী, ইলাষ্ট্ৰেটৰ আৰু গ্ৰাফিক ডিজাইনাৰ। আলিদী ইৰানী নিউ ৱেভ (ইৰানী চলচ্চিত্ৰৰ নতুন ধাৰা) ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰজন্মৰ এজন অন্যতম অংশীদাৰ। এই চলচ্চিত্ৰ নিৰ্মাতাসকলে কাব্যিক সংলাপ আৰু ৰূপক কাহিনী কথনকে ধৰি বহুতো উমৈহতীয়া কৌশল ব্যৱহাৰ কৰে। তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত ২০০৯ চনৰ চলচ্চিত্ৰ হুৱিস্পাৰ উইথ দা ৱিণ্ড অন্যতম।
পটভূমি
[সম্পাদনা কৰক]আলিদীৰ প্ৰথম কলাত্মক অভিজ্ঞতা আছিল বিদ্যালয়ৰ থিয়েটাৰত এজন অভিনেতা হিচাপে। পৰৱৰ্তী সময়ত তেওঁ চিত্ৰকলাৰ কাম আৰম্ভ কৰে যিটো তেওঁৰ কৈশোৰ কালৰ শেষৰ ফাললৈকেও অব্যাহত আছিল আৰু তেহৰান বিশ্ববিদ্যালয়ৰ চাৰুকলা অনুষদত চিত্ৰকলা অধ্যয়ন আৰম্ভ কৰাৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় কলা প্ৰতিযোগিতাসমূহত বহুতো প্ৰথম বঁটা লাভ কৰিছিল। পিছলৈ তেওঁ কলা বিশ্ববিদ্যালয়ৰ চিনেমা আৰু থিয়েটাৰ অনুষদৰপৰা এনিমেশ্যন পৰিচালনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯৪-৯৭ চনৰ সময়ছোৱাত গ্ৰাফিক ডিজাইনাৰ, ইণ্টেৰিয়ৰ ডিজাইনাৰ, শিশুৰ কিতাপৰ ইলাষ্ট্ৰেটৰ, থিয়েটাৰ আৰু চিনামাত মঞ্চ ডিজাইনাৰ আৰু টাইটেল ডিজাইনাৰ হিচাপে ব্যাপকভাৱে কাম কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
অনুষ্ঠানসমূহ
[সম্পাদনা কৰক]- ৱিচপাৰ উইথ দ্য উইণ্ড চলচ্চিত্ৰৰ বাবে লাভ কৰা বঁটাসমূহ:
- ২০১০: ট্ৰমছ’ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ / গোল্ডেন ডন কুইক্সোট / নৰৱে
- ২০০৯: ব্ৰাটিশ্লাভা চলচ্চিত্ৰ উৎসৱ / য়াং একাডেমী ষ্টুডেণ্ট জুৰী বঁটা / শ্লোভাকিয়া, পেচাক আন্তৰ্জাতিক ঐতিহাসিক চলচ্চিত্ৰ উৎসৱ / একাডেমী জুৰী বঁটা / ফ্ৰান্স, আমাজন চলচ্চিত্ৰ উৎসৱ / বিশেষ জুৰী বঁটা / ব্ৰাজিল, মুম্বাই আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ / মুম্বাই যুৱ সমালোচক বঁটা / ভাৰত
- কান আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ / ফ্ৰান্স / ক্ৰিটিক উইকছ শাখা / গোল্ডেন কেমেৰাৰ বাবে প্ৰতিযোগী:
- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ এচিআইডি সমৰ্থন
- প্ৰাইজ অৱ ভিউ অৱ য়ুথ
- প্ৰাইজ অৱ য়াং ইউৰোপিয়ান ক্ৰিটিকছ
- দ্য লাষ্ট আনকাউণ্টেড ভিলেজ চলচ্চিত্ৰৰ বাবে লাভ কৰা বঁটাসমূহ:
- প্ৰথম ছনী কোম্পানী উৎসৱ / শ্ৰেষ্ঠ চলচ্চিত্ৰ / ইৰাণ / ২০০২
- আভানকা উৎসৱ / শ্ৰেষ্ঠ চলচ্চিত্ৰ / পৰ্তুগাল / ২০০৩
- বুছান উৎসৱ / ডিফাৰেণ্ট চিনেমা অৱ এছিয়া / দক্ষিণ কোৰিয়া / ২০০৩
- তেহৰাণ চুটি ছবি উৎসৱ / শ্ৰেষ্ঠ চলচ্চিত্ৰ, এ লেভেল / ইৰাণ / ২০০৩
- ডি’অৰ্নিজ উৎসৱ / কুৰ্দিস্তান চিনেমা / ফ্ৰান্স / ২০০৩
- ক্লেৰমেণ্ট-ফেৰাণ্ড / দৰ্শকৰদ্বাৰা নিৰ্বাচিত / ফ্ৰান্স / ২০০৩
- আৰোকা উৎসৱ / শ্ৰেষ্ঠ চিত্ৰনাট্য / পৰ্তুগাল / ২০০৪
- চুলেমানিয়া উৎসৱ / জুৰীৰ বিশেষ বঁটা / ইৰাক / ২০০৪
- ইমাগো উৎসৱ / দৰ্শকৰদ্বাৰা নিৰ্বাচিত / পৰ্তুগাল / ২০০৪
- হামবাৰ্গ উৎসৱ / ফ্ৰাঙ্কোইছ ও’ডা বঁটা / জাৰ্মানী / ২০০৪
- টুৰিন উৎসৱ / জুৰীৰ বিশেষ বঁটা / ইটালী / ২০০৪
- ব্লেক হৰ্চ মেমৰিজ চলচ্চিত্ৰৰ বাবে লাভ কৰা বঁটাসমূহ:
- ২০ তম বুছান আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ / দক্ষিণ কোৰিয়া, ১-১০ অক্টোবৰ / ২০১৫[1]
- ২য় ব্ৰিসবেন এছিয়া পেচিফিক চলচ্চিত্ৰ উৎসৱ / অষ্ট্ৰেলিয়া, ১৯-২৯ নৱেম্বৰ ২০১৫[2]
- ৯ম এছিয়া পেচিফিক স্ক্ৰীন বঁটা, ব্ৰিসবেন / অষ্ট্ৰেলিয়া, ২৬ নৱেম্বৰ / ২০১৫[3]
- ১৫ তম ইফ ইস্তাম্বুল আন্তৰ্জাতিক স্বতন্ত্ৰ চলচ্চিত্ৰ উৎসৱ / তুৰস্ক / ১৮-২৮ ফেব্ৰুৱাৰী / ২০১৬ / "ইফ ইনস্পায়াৰ্ড কঁপটিচন" শাখা[4]
- ৪ৰ্থ দুহক আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ / কুৰ্দিস্তান অঞ্চল / ইৰাক, ৯-১৬ ছেপ্টেম্বৰ / ২০১৬[5]
- চুলেমানী আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ / কুৰ্দিস্তান অঞ্চল, ইৰাক / ১-৪ অক্টোবৰ / ২০১৬ "প্ৰতিযোগিতা" শাখা[6]
- বিজয়ী: জুৰীৰ বিশেষ বঁটা
- ৯ম কুৰ্দিছ ফিল্মডেজ "চেৰকাভান" ভিয়েনা, অষ্ট্ৰেলিয়া / ২৪-২৭ নৱেম্বৰ / ২০১৬[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ প্ৰতিযোগিতামূলক শাখা "নিউ কাৰেণ্টছ" http://www.biff.kr
- ↑ "অ-প্ৰতিযোগিতামূলক উৎসৱ" http://brisbaneasiapacificfilmfestival.com/
- ↑ "প্ৰতিযোগিতা" http://www.asiapacificscreenawards.com
- ↑ মাই ব্লগ http://www.ifistanbul.com/en/
- ↑ 'কুৰ্দিছ ফিচাৰ্ছ কঁপটিচন' http://duhokiff.com/
- ↑ শাখা http://www.slemanifest.com/
- ↑ হোম http://www.sercavan.at/