শ্বাৰিল লী ৰালফ্
| দ্য অনাৰেবল শ্বাৰিল লী ৰালফ্ OJ (Hon.) | |
|---|---|
২০১২ চনত ৰালফ্ | |
| জন্ম | ৩০ ডিচেম্বৰ, ১৯৫৬ (৬৯ বছৰ) ৱাটাৰবেৰী, কানেকটিকাট, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| অন্য নাম | শ্বাৰিল লী ৰালফ্-হিউজ |
| শিক্ষা | ৰাটগাৰ্ছ ইউনিভাৰ্ছিটী, নিউ ব্ৰান্সৱিক (BFA) |
| পেচা | অভিনেত্ৰী, গায়িকা |
| সক্ৰিয় হৈ থকা সময় | ১৯৭৭–বৰ্তমান |
| জনা যায় | ড্ৰীমগাৰ্লছ (ব্ৰডৱে; ১৯৮১), ইটছ এ লিভিং, মোৱেশ্বা, মাদাৰলেণ্ড° ফৰ্ট ছালেম, এৰট এলিমেণ্টৰী |
| দাম্পত্যসঙ্গী |
|
| সন্তান | ২ |
| ৱেবছাইট | |
| sherylleeralph | |
শ্বাৰিল লী ৰালফ্[1] (ইংৰাজী: Sheryl Lee Ralph; জন্ম: ৩০ ডিচেম্বৰ ১৯৫৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। মঞ্চ আৰু পৰ্দাত কৰা অভিনয়ৰ বাবে পৰিচিত ৰালফে ১৯৮১ চনত ব্ৰডৱে মিউজিকেল ড্ৰীমগাৰ্লছ-ত ডিনা জোনছৰ চৰিত্ৰত অভিনয় কৰি ব্যাপক প্ৰশংসা লাভ কৰিছিল। এই চৰিত্ৰটোৰ বাবে তেওঁ মিউজিকেলৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ টনি বঁটাৰ মনোনয়ন লাভ কৰিছিল। ২০২১ চনৰপৰা তেওঁ এবিচিৰ মকউমেণ্টৰী চিটকম এৰট এলিমেণ্টৰী-ত বাৰ্বাৰা হাওৱাৰ্ডৰ চৰিত্ৰত অভিনয় কৰি আছে। ইয়াৰ বাবে তেওঁ ২০২২ চনত কমেডী ধাৰাবাহিকৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ প্ৰাইমটাইম এমি বঁটা লাভ কৰে। তেওঁ বিগত ৩৫ বছৰৰ ভিতৰত এই বঁটা লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা।[2]
১৯৭৭ চনৰ কমেডী ছবি এ পিচ অৱ দ্য একচন-ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। ১৯৯১ চনত ১৯৯০ চনৰ কমেডী-ড্ৰামা ছবি টু স্লিপ উইথ এংগাৰ-ত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ইণ্ডিপেণ্ডেণ্ট স্পিৰিট বঁটা লাভ কৰে। ৰালফৰ আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে দ্য মাইটি কুইন (১৯৮৯), মিষ্ট্ৰেছ (১৯৯২), দ্য ডিষ্টিংগুইছড জেণ্টলমেন (১৯৯২), চিষ্টাৰ এক্ট ২: বেক ইন দ্য হেবিট (১৯৯৩) আৰু দ্য কামবেক ট্ৰেইল (২০২০)।
টেলিভিছনত প্ৰাৰম্ভিক সময়ত গুড টাইমছ, দ্য জেফাৰছনছ আৰু ৱাণ্ডাৰ ৱমেন-ৰ দৰে অনুষ্ঠানত অতিথি চৰিত্ৰত অভিনয় কৰাৰ পাছত তেওঁ এবিচি চিটকম ইটছ এ লিভিং (১৯৮৬–১৯৮৯) আৰু নিউ এটিটিউড (১৯৯০), লগতে নিক এট নাইট চিটকম ইনষ্টেণ্ট মম (২০১৩–২০১৫)-ত অভিনয় কৰে। ইউপিএন চিটকম মোৱেশ্বা (১৯৯৬–২০০১)-ত তেওঁ কৰা ডি মিচেলৰ চৰিত্ৰটোৱে তেওঁক পাঁচটাকৈ এনএএচিপি ইমেজ বঁটাৰ মনোনয়ন দিছিল।
তেওঁৰ আন ব্ৰডৱে চৰিত্ৰসমূহৰ ভিতৰত আছে থৰ’লি মডাৰ্ণ মিলি (২০০২)-ত মাজী ভান হছমেৰ আৰু উইকেড (২০১৬–২০১৭)-ত মেডাম মৰিবল। ইয়াৰ উপৰি তেওঁ ব্ৰডৱে নাটক থটছ অৱ এ কালাৰ্ড মেন (২০২১) আৰু অ’হাইঅ’ ষ্টেট মাৰ্ডাৰ্ছ (২০২২) প্ৰযোজনা কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কানেকটিকাটৰ ৱাটাৰবেৰীত ৰালফৰ জন্ম হৈছিল। তেওঁ আফ্ৰিকান-আমেৰিকান কলেজৰ অধ্যাপক ষ্টেনলি ৰালফ আৰু জামাইকান ফেশ্বন ডিজাইনাৰ তথা ক'ৰিবা চুটৰ (kariba suit) স্ৰষ্টা আইভি ৰালফৰ (O.D.) কন্যা।[3][4] তেওঁৰ এজন সৰু ভায়েক আছে, অভিনেতা আৰু কৌতুক অভিনেতা মাইকেল ৰালফ। 'ফাইণ্ডিং ইউৰ ৰুটছ'ৰ (Finding Your Roots)দ্বাৰা চলোৱা গৱেষণা অনুসৰি, তেওঁৰ মাতৃৰফালৰ তৃতীয় আজো-ককাক আছিল হিউ মেকক্লিমণ্ট নামৰ এজন শ্বেতাংগ ব্যক্তি, যি জামাইকাৰ এজন চহকী সম্পত্তিৰ মালিাক আছিল। তেওঁ তেওঁৰ সমগ্ৰ সম্পত্তি "জিঞ্জাৰ হল" তেওঁৰ মুক্ত পত্নী মেৰী ৰবিনছন আৰু তেওঁলোকৰ সন্তানক উইল কৰি দিছিল। ৰালফ জামাইকাৰ মেণ্ডেভিল আৰু লং আইলেণ্ডৰ মাজত ডাঙৰ-দীঘল হৈছিল।[5][6] তেওঁ নিউয়ৰ্কৰ ইউনিয়নডেলৰ ইউনিয়নডেল হাইস্কুলত অধ্যয়ন কৰিছিল।
হাইস্কুলত থাকোঁতে তেওঁ অ'ক্লাহোমা! মিউজিকেলৰ এটা নিৰ্মাণত এডো এনীৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰালফে ১৯৭২ চনত স্নাতক ডিগ্ৰী লাভ কৰে। সেই বছৰৰ আৰম্ভণিতে তেওঁ 'মিছ ব্লেক টিন-এজ নিউয়ৰ্ক'ৰ খিতাপ অৰ্জন কৰিছিল। ১৯ বছৰ বয়সত ৰালফ ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰা আটাইতকৈ কম বয়সীয়া মহিলা আছিল। ৰাটগাৰ্ছত পঢ়ি থকাৰ সময়তে ৰালফ আমেৰিকান কলেজ থিয়েটাৰ ফেষ্টিভেলৰদ্বাৰা প্ৰদান কৰা আইৰিন ৰিয়ান এক্টিং স্কলাৰশ্বিপৰ অন্যতম প্ৰাৰম্ভিক বিজয়ী আছিল।[7]
সেই বছৰ তেওঁক 'গ্লেমাৰ' আলোচনীয়ে আমেৰিকাৰ শীৰ্ষ দহগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীৰ ভিতৰত এগৰাকী হিচাপে মনোনীত কৰিছিল। প্ৰথম অৱস্থাত তেওঁ চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ আশা কৰিছিল, কিন্তু প্ৰাক-চিকিৎসা বিজ্ঞানৰ ক্লাছত মৃতদেহৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আৰু আমেৰিকান কলেজ থিয়েটাৰ ফেষ্টিভেলৰ এক প্ৰতিযোগিতাত জলপানী লাভ কৰাৰ পাছত, তেওঁ চিকিৎসা বিজ্ঞান ত্যাগ কৰি অভিনয় কলা বাছি লৈছিল।[8] বহু বছৰ পাছত, তেওঁ ২০২৩ বৰ্ষৰ স্নাতকসকলৰ বাবে ৰাটগাৰ্ছত আৰু তাৰ পিছত ২০২৪ চনত ড্ৰেক্সেল বিশ্ববিদ্যালয়ত সমাৱৰ্তন ভাষণ প্ৰদান কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ৰালফ ১৯৯০ চনৰপৰা ২০০১ চনলৈ ফৰাচী ব্যৱসায়ী এৰিক মৰিছৰ সৈতে বিবাহপাশত আবদ্ধ আছিল আৰু তেওঁলোকৰ দুটি সন্তান আছে (১৯৯২ চনত এজন পুত্ৰ আৰু ১৯৯৫ চনত এগৰাকী কন্যাৰ জন্ম হয়)। ২০০৫ চনৰ ৩০ জুলাইৰপৰা তেওঁ পেঞ্চিলভেনিয়াৰ ৰাজ্যিক চিনেটৰ ভিনচেণ্ট হিউজৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আছে।[9]
২০০৪ চনৰ জুলাই মাহত নেভাডাৰ লাছ ভেগাছত অনুষ্ঠিত ৪৭তম ৰাষ্ট্ৰীয় সন্মিলনত ৰালফক 'ডেল্টা চিগমা থিটা' ছ’ৰ’ৰিটিৰ এগৰাকী সন্মানীয় সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়।[10]
২০০৮ চনৰ মে' মাহত টুগালু কলেজত সমাৱৰ্তন ভাষণ প্ৰদান কৰাৰ পাছত ৰালফক সন্মানীয় 'ডক্টৰেট অফ হিউমেন লেটাৰ্ছ' ডিগ্ৰী প্ৰদান কৰা হয়।
২০২৩ চনত ৰালফক তেওঁৰ শিক্ষাৰ প্ৰতিষ্ঠান ৰাটগাৰ্ছ ইউনিভাৰ্ছিটীৰ সমাৱৰ্তন বক্তা হিচাপে মনোনীত কৰা হয়। সেই অনুষ্ঠানতে তেওঁক সন্মানীয় 'ডক্টৰেট অফ ফাইন আৰ্টছ' ডিগ্ৰী প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰা হয়।[11]
২০২৪ চনৰ ডিচেম্বৰ মাহত জামাইকানছ ডট কমৰ (Jamaicans.com) 'বেষ্ট অফ জামাইকা ২০২৪' বঁটাত ৰালফক বৰ্ষটোৰ শ্ৰেষ্ঠ ব্যক্তি (Person of the Year) হিচাপে সন্মানিত কৰা হয়। বিশ্বজুৰি জামাইকান সংস্কৃতি আৰু পাৰদৰ্শিতাক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ অৱদানৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছিল।[12][13]
২০২৪ চনৰ ডিচেম্বৰত দ্য এডভোকেট (The Advocate) আলোচনীয়ে ৰালফক ২০২৪ চনৰ শ্ৰেষ্ঠ অধিবক্তা (Advocate of the Year) হিচাপে মনোনীত কৰে। সমাজৰ পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিত্ব আৰু তেওঁলোকৰ অধিকাৰৰ হকে কৰা প্ৰভাৱশালী কামৰ বাবে তেওঁক এই স্বীকৃতি দিয়া হয়। ২০২৫ চনৰ ১৬ এপ্ৰিলত ৰালফক হলিউড ৱাক অফ ফেমত (Hollywood’s Walk of Fame) এটা তৰাৰে সন্মানিত কৰা হয়।[14][15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Recipients for the National Honours and Awards". Government of Jamaica. August 6, 2022. https://jis.gov.jm/media/2022/08/recipients-for-the-National-Honours-and-Awards-2022.pdf। আহৰণ কৰা হৈছে: December 23, 2025.
- ↑ Hill, Libby (September 12, 2022). "Sheryl Lee Ralph Becomes First Black Woman to Win Supporting Actress in Comedy Series in 35 Years". TheWrap. https://www.thewrap.com/sheryl-lee-ralph-wins-emmy-comedy-supporting-actress/। আহৰণ কৰা হৈছে: September 13, 2022.
- ↑ Henry, Balford (9 October 2018). "Fashion designer Ivy Ralph dies at 90". Jamaica Observer. http://www.jamaicaobserver.com/news/fashion-designer-ivy-ralph-dies-at-90_146396?profile=1373। আহৰণ কৰা হৈছে: 2020-07-03.
- ↑ Blumenthal, Ralph (24 March 1976). "Kareeba: Jamaica's 'Uniform" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/1976/03/24/archives/kareeba-jamaicas-uniform.html.
- ↑ ""Sheryl Lee Ralph a Passionate AIDS Activist", The Caribbean Current". Archived from the original on May 2, 2016. https://web.archive.org/web/20160502041851/https://thecaribbeancurrent.com/sheryl-lee-ralph-a-passionate-aids-activist/। আহৰণ কৰা হৈছে: October 19, 2017.
- ↑ "Sheryl Lee Ralph". Turner Classic Movies. https://www.tcm.com/tcmdb/person/157371%7C0/Sheryl-Lee-Ralph/.
- ↑ "Previous Winners of the Irene Ryan Acting Scholarship". The Kennedy Center for the Performing ArtsKennedyCenter.org. http://web.kennedy-center.org/Education/KCACTF/awards/IreneRyan/PreviousWinners#main_content। আহৰণ কৰা হৈছে: April 5, 2015.
- ↑ Collier, Aldore, "Sheryl Lee Ralph Talks About Her New TV Series And How She Kept A String On Her Finger Until She Found The Right Man", pp 56–58, August 27, 1990, Jet magazine, retrieved via Google Books on February 10, 2010
- ↑ "Actress Sheryl Lee Ralph Marries Senator". People. July 31, 2005. https://people.com/celebrity/actress-sheryl-lee-ralph-marries-senator/.
- ↑ "Sheryl Lee Ralph | Agency For Artists" (en-US ভাষাত). http://agencyforartists.com/roster/sheryl-lee-ralph/। আহৰণ কৰা হৈছে: 2020-03-07.
- ↑ "'Abbott Elementary' star Sheryl Lee Ralph named Rutgers commencement speaker". ABC, Inc., WLS-TV ChicagoOnTheRedCarpet.com. 26 April 2023. https://abc7chicago.com/rutgers-university-abbott-elementary-sheryl-lee-ralph-abc/13188821/। আহৰণ কৰা হৈছে: 12 May 2023.
- ↑ "Sheryl Lee Ralph Named Jamaicans.com's 2024 Person of the Year". Jamaicans.com. December 2024. https://jamaicans.com/sheryl-lee-ralph-named-jamaicans-coms-2024-person-of-the-year/। আহৰণ কৰা হৈছে: December 27, 2024.
- ↑ "Sheryl Lee Ralph Named Jamaicans.com 2024 Person of the Year". South Florida Caribbean News. December 2024. https://sflcn.com/sheryl-lee-ralph-jamaicans-dot-com-2024-person-of-the-year/। আহৰণ কৰা হৈছে: December 27, 2024.
- ↑ "Sheryl Lee Ralph Accepts Advocate of the Year Award at Out100". The Advocate. December 2024. https://www.advocate.com/arts-entertainment/sheryl-lee-ralph-advocate-of-the-year-award-at-out100। আহৰণ কৰা হৈছে: December 27, 2024.
- ↑ "Sheryl Lee Ralph Accepts Advocate of the Year Award". Yahoo Entertainment. December 2024. https://www.yahoo.com/entertainment/sheryl-lee-ralph-accepts-advocate-234016726.html। আহৰণ কৰা হৈছে: December 27, 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত শ্বাৰিল লী ৰালফ্ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Official website (archived)
- শ্বাৰিল লী ৰালফ্ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- শ্বাৰিল লী ৰালফ্ at the "Internet Broadway Database"