শ্বাৰ্ল পেৰ'
| শ্বাৰ্ল পেৰ’ Charles Perrault | |
|---|---|
চাৰ্লছ লে ব্ৰুনৰদ্বাৰা অংকিত প্ৰতিকৃতি, প্ৰায় ১৬৭০ চন | |
| জন্ম | ১২ জানুৱাৰী, ১৬২৮ পেৰিছ, ফ্ৰান্স |
| মৃত্যু | ১৬ মে', ১৭০৩ (৭৫ বছৰ) পেৰিছ, ফ্ৰান্স |
| পেচা | লেখক |
| ধৰণ | সাধুকথা (Fairy tale) |
| উল্লেখনীয় কৰ্মৰাজি |
|
| আত্মীয়-স্বজন |
|
শ্বাৰ্ল পেৰ’ (ইংৰাজী: Charles Perrault; ১২ জানুৱাৰী ১৬২৮ – ১৬ মে’ ১৭০৩) আছিল এগৰাকী ফৰাচী লেখক আৰু ফৰাচী একাডেমীৰ সদস্য। তেওঁ পূৰ্বৰ লোককথা বা সাধুকথাৰপৰা সমল লৈ ১৬৯৭ চনত প্ৰকাশ কৰা ইষ্টোৱাৰ উ কঁত দ্যু তঁ পাছে নামৰ কিতাপখনৰ জৰিয়তে এক নতুন সাহিত্যিক ধাৰা অৰ্থাৎ সাধুকথাৰ আধাৰশিলা স্থাপন কৰিছিল। তেওঁৰ আটাইতকৈ বিখ্যাত সাধুবোৰৰ ভিতৰত লিটল ৰেড ৰাইডিং হুড, চিণ্ডাৰেলা, পুছ ইন বুটছ, শ্লিপিং বিউটী আৰু ব্লু বিয়েৰ্ড অন্যতম।[1]
পেৰ’ৰ এই পুৰণি সাধুবোৰৰ কিছুমান সংস্কৰণে ১০০ বছৰতকৈও অধিক সময়ৰ পাছত গ্ৰিম ভাতৃদ্বয়ৰদ্বাৰা প্ৰকাশিত জাৰ্মান সংস্কৰণসমূহক প্ৰভাবিত কৰিছিল। এই সাধুবোৰ আজিও ধাৰাবাহিকভাৱে ছপা হৈ আহিছে আৰু বিনোদনৰ বেছিভাগ মাধ্যমলৈ ইয়াক ৰূপান্তৰ কৰা হৈছে। পেৰ’ ১৭ শতিকাৰ ফৰাচী সাহিত্য জগতৰ এজন প্ৰভাৱশালী ব্যক্তি আছিল আৰু প্ৰাচীন বনাম আধুনিকতাবাদীৰ বিতৰ্কৰ সময়ত তেওঁ আধুনিকতাবাদী ফৈদৰ নেতৃত্ব দিছিল।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Biography, Bibliography Archived 14 January 2006 at the Wayback Machine (in French)
- ↑ Morgan, Jeanne (1985). Perrault's Morals for Moderns. প্ৰকাশক New York, Berne, Frankfurt am Main: Peter Lang Publishing Inc.. ISBN 0-8204-0230-3.