সমললৈ যাওক

শ্বাৰ্ল ব'দলেৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বাৰ্ল ব’দলেৰ

ব'দলেৰ প্ৰায় 1862
জন্ম শ্বাৰ্ল-পিয়েৰ ব’দলেৰ
৯ এপ্ৰিল ১৮২১
পেৰিছ, ফ্ৰান্স
মৃত্যু ৩১ আগষ্ট, ১৮৬৭ (৪৬ বছৰ)
পেৰিছ, ফ্ৰান্স
পেচা কবি, শিল্প সমালোচক, দাৰ্শনিক
শিক্ষা লিছে লুই-ল্য-গ্ৰঁ
সময় ১৮৪৪–১৮৬৭
সাহিত্যিক বিপ্লৱ দেকাদঁবাদ

স্বাক্ষৰ

শ্বাৰ্ল-পিয়েৰ ব'দলেৰ[টোকা 1] (Charles Baudelaire, উচ্চাৰণ: [ʃaʁl(ə) bodlɛʁ] ( শুনক); ৯ এপ্ৰিল ১৮২১ – ৩১ আগষ্ট ১৮৬৭) আছিল এজন ফৰাচী কবি, প্ৰবন্ধকাৰ, অনুবাদক আৰু শিল্প সমালোচক। তেওঁৰ কবিতাসমূহ ছন্দ আৰু তালৰ সুনিপুণ প্ৰয়োগ, ৰোমাণ্টিকসকলৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পোৱা এক বৈদেশিতা, আৰু বাস্তৱ জীৱনৰ নিৰীক্ষণৰ ওপৰত আধাৰিত বুলি বৰ্ণনা কৰা হয়।[2] তেওঁৰ আটাইতকৈ বিখ্যাত সৃষ্টি, লে ফ্ল্যৰ দ্যু মাল (অশুভ ফুলপাহ) নামৰ গীতিকবিতাৰ পুথিখনত ১৯ শতিকাৰ মধ্যভাগত পেৰিছৰ অ'ছমানীয়া নৱীকৰণৰ ফলত দ্ৰুত উদ্যোগীকৰণৰ দিশে গতি কৰা পেৰিছ চহৰৰ সৌন্দৰ্যৰ পৰিৱৰ্তিত ৰূপ প্ৰকাশ পাইছে। ব'দলেৰৰ গদ্য-কবিতাৰ মৌলিক শৈলীয়ে পল ভেৰ্লেন, আৰ্ত্যুৰ ৰেঁব' আৰু স্তেফান মালাৰ্মেকে ধৰি এক প্ৰজন্মৰ কৱিক প্ৰভাৱিত কৰিছিল। এখন নগৰীয়া মহানগৰীত জীৱনৰ ক্ষণস্থায়ী অভিজ্ঞতা আৰু সেই অভিজ্ঞতাক ধৰি ৰখাৰ বাবে শৈল্পিক প্ৰকাশৰ দায়িত্বক চিহ্নিত কৰিবলৈ তেওঁ আধুনিকতাবাদ (modernité) শব্দটোৰ উদ্ভাৱন কৰিছিল।[3] মাৰ্শ্বাল বাৰ্মেনে ব’দলেৰক প্ৰথমজন আধুনিকতাবাদী হিচাপে স্বীকৃতি দিছে।[4]

  1. ↑ ফৰাচী: Charles Baudelaire, উচ্চাৰণ: [ʃaʁl(ə) bodlɛʁ] ( শুনক); UK: /ˈboʊdəlɛər/; US: /ˌboʊd(ə)ˈlɛər/;[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Baudelaire". Merriam-Webster.
  2. ↑ Norwich, John Julius (1985–1993). Oxford illustrated encyclopedia. Judge, Harry George., Toyne, Anthony.. প্ৰকাশক Oxford [England]: Oxford University Press. পৃষ্ঠা. 38. ISBN 0-19-869129-7. OCLC 11814265.
  3. ↑ "By modernity I mean the transitory, the fugitive, the contingent which make up one half of art, the other being the eternal and the immutable." Charles Baudelaire, "The Painter of Modern Life" in The Painter of Modern Life and Other Essays, edited and translated by Jonathan Mayne. London: Phaidon Press, 13.
  4. ↑ "If we had to nominate a first modernist, Baudelaire would surely be the man." Marshall Berman, "Everything That Is Solid Melts Into Air".