সমললৈ যাওক

শ্বিমন ছাকাগুচি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বিমন ছাকাগুচি

ক্ষেত্ৰ ৰোগবিদ্যা, ৰোগ প্ৰতিৰোধ বিজ্ঞান
কৰ্মস্থান অছাকা বিশ্ববিদ্যালয়
জনা যায় নিয়ন্ত্ৰক টি কোষ
উল্লেখনীয় বঁটা উইলিয়াম বি কলি বঁটা (২০০৪)
ক্ৰেফৰ্ড বঁটা (২০১৭)
ৰবাৰ্ট কোচ বঁটা (২০২০)
শৰীৰবিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা (২০২৫)

শ্বিমন ছাকাগুচি (ইংৰাজী: Shimon Sakaguchi; জন্ম: ১৯ জানুৱাৰী, ১৯৫১) এজন ৰোগপ্ৰতিৰোধ বিজ্ঞানী আৰু ওছাকা বিশ্ববিদ্যালয়ৰ বিশিষ্ট অধ্যাপক।[1] নিয়ন্ত্ৰক টি কোষৰ আৱিষ্কাৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত ইয়াৰ ভূমিকা বৰ্ণনা কৰাৰ বাবে তেওঁ অধিক পৰিচিত। এই আৱিষ্কাৰ কৰ্কট আৰু স্ব-প্ৰতিৰোধী ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ২০২৫ চনত ছাকাগুচিক আন দুজন বিজ্ঞানী যথাক্ৰমে ফ্ৰেড ৰামছ্‌ডেল আৰু মেৰী ই ব্ৰুংকোৰ সৈতে পৰিধীয় প্ৰতিৰোধ সহিষ্ণুতাৰ ক্ষেত্ৰত কৰা আৱিষ্কাৰৰ বাবে শৰীৰবিজ্ঞান বা চিকিৎসা-বিজ্ঞাননোবেল বঁটা প্ৰদান কৰা হয়।

জাপানৰ শ্বিগা প্ৰিফেকচাৰত জন্মগ্ৰহণ কৰা ছাকাগুচিয়ে কিয়'ট' বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।[2]১৯৭৬ চনত তেওঁ এম.ডি. আৰু পি.এইচ.ডি. ১৯৮২ চনত তেওঁ জনছ হপকিন্স বিশ্ববিদ্যালয় আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত লুচিল পি মাৰ্কি স্কোলাৰ হিচাপে পোষ্ট ডক্টৰেট অধ্যয়ন কৰে। তেওঁ স্ক্ৰিপছ ৰিচাৰ্চ ইনষ্টিটিউটৰ ইমিউন’লজী বিভাগত সহকাৰী অধ্যাপক হিচাপে কাম কৰিছিল। ১৯৯১ চনত জাপানলৈ উভতি অহাৰ পিছত তেওঁ টকিঅ’ মেট্ৰ’পলিটান ইনষ্টিটিউট অৱ জেৰ’ণ্ট’লজী, টকিঅ’ৰ ইমিউন’পেথ’লজী বিভাগৰ মুৰব্বী হয়। ১৯৯৮ চনৰ পৰা ২০১১ চনৰ ভিতৰত তেওঁ ইনষ্টিটিউট ফৰ ফ্ৰন্টিয়াৰ মেডিকেল চাইন্সেছ কিয়’ট’ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু পিছলৈ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনত তেওঁৰ লেবটো ওছাকা বিশ্ববিদ্যালয়লৈ স্থানান্তৰ কৰা হয়।[3][2]

২০১৫ চনত সংবাদ সংস্থা থমছন ৰয়টাৰে শ্বিমন ছাকাগুচিক শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰাৰ সম্ভাৱ্যসকলৰ ভিতৰত অন্যতম বুলি সংকেত দিয়ে।[4] ২০২৫ চনৰ ৬ অক্টোবৰত তেওঁ মেৰী ই ব্ৰুংক' আৰু ফ্ৰেড ৰেমছডেলৰ সৈতে "পেৰিফেৰেল ইমিউন টোলাৰেন্স সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে" শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
২০১৫ চনৰ ২৯ অক্টোবৰত ৰয়েল অণ্টাৰিঅ’ মিউজিয়ামত
  • ২০০৪: উইলিয়াম বি কলি বঁটা[5]
  • ২০০৮: কেইঅ' চিকিৎসা বিজ্ঞান বঁটা[6]
  • ২০০৯: মেডেল অৱ অনাৰ (জাপান), পাৰ্পল ৰিবন[7]
  • ২০১১: আছাহি বঁটা[8]
  • ২০১২: নেচনেল একাডেমী অৱ চাইন্সেছৰ বিদেশী সহযোগী[9]
  • ২০১৫: চুনিচি সংস্কৃতি বঁটা[10]
  • ২০১৫: গেইৰ্ডনাৰ ফাউণ্ডেশ্যন আন্তৰ্জাতিক বঁটা।[11]
  • ২০১৬, ২০১৮, ২০২১: এছিয়ান বিজ্ঞানী ১০০, এছিয়ান বিজ্ঞানী[12]
  • ২০১৭: ক্ৰেফৰ্ড বঁটা[13]
  • ২০১৭: সাংস্কৃতিক যোগ্যতাৰ ব্যক্তি[14][15]
  • ২০১৭: মোমোফুকু এণ্ডো বঁটা[16]
  • ২০১৯: অৰ্ডাৰ অৱ কালচাৰ[17]
  • ২০২০: পল এহৰলিচ আৰু লুডৱিগ ডাৰ্মষ্টেডটাৰ বঁটা[18]
  • ২০২০: ৰবাৰ্ট কোচ বঁটা[19]
  • ২০২৫: শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা[20]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Experimental Immunology – Osaka University Immunology Frontier Research Center". IFReC | Osaka University Immunology Frontier Research Center. http://www.ifrec.osaka-u.ac.jp/en/laboratory/shimon_sakaguchi/। আহৰণ কৰা হৈছে: 1 May 2021. 
  2. 2.0 2.1 "『ゆらぐ自己と非自己―制御性T細胞の発見』坂口 志文" (ja ভাষাত). サイエンティスト・ライブラリー | JT生命誌研究館. https://brh.co.jp/s_library/interview/89/। আহৰণ কৰা হৈছে: 2025-10-06. 
  3. "Shimon Sakaguchi – ISNI Congress" (en-US ভাষাত). https://www.isniweb.org/congress/profile/shimon-sakaguchi/। আহৰণ কৰা হৈছে: 2025-10-06. 
  4. Announcing the 2015 Citation Laureates[সংযোগবিহীন উৎস] by Thomson Reuters.
  5. William B. Coley Award-Award Archived 2020-03-22 at the Wayback Machine, Cancer Research Institute (cancerresearch.org)
  6. The 2008 Keio Medical Science Prize Awardees Archived 2018-08-04 at the Wayback Machine, Keiō University
  7. "Distinguished Professor Shimon SAKAGUCHI of IFReC awarded Canada Gairdner International Award". Osaka University. March 26, 2015. http://www.osaka-u.ac.jp/en/news/topics/2015/03/20150326_01. 
  8. The Asahi Prize Asahi Shimbun
  9. Shimon Sakaguchi National Academy of Sciences
  10. Shimon Sakaguchi MD, PhD, Gairdner Foundation
  11. "The Asian Scientist 100". Asian Scientist. https://www.asianscientist.com/as100/। আহৰণ কৰা হৈছে: 13 March 2025. 
  12. Announcing the 2015 Citation Laureates[সংযোগবিহীন উৎস] by Thomson Reuters.
  13. "Shimon Sakaguchi -" (en-GB ভাষাত). https://www.crafoordprize.se/prize-laureate/shimon-sakaguchi/। আহৰণ কৰা হৈছে: 2025-10-06. 
  14. "Shimon Sakaguchi was named a Person of Cultural Merit of Japan | News & Topics | Osaka University Immunology Frontier Research Center". www.ifrec.osaka-u.ac.jp. https://www.ifrec.osaka-u.ac.jp/en/topics/20171025-0919.htm। আহৰণ কৰা হৈছে: 2025-10-06. 
  15. "Cultural Merit awards conferred upon Shimon Sakaguchi, Shuh Narumiya, and Michio Muramatsu (24 October 2017)" (en ভাষাত). KYOTO UNIVERSITY. 2017-11-21. https://www.kyoto-u.ac.jp/en/news/2017-11-21-2। আহৰণ কৰা হৈছে: 2025-10-06. 
  16. "News & Topics | Osaka University Immunology Frontier Research Center". http://www.ifrec.osaka-u.ac.jp/en/topics/20180315-1056.htm. 
  17. "Prof. Shimon Sakaguchi Awarded the Order of Culture | News & Topics | Osaka University Immunology Frontier Research Center". www.ifrec.osaka-u.ac.jp. https://www.ifrec.osaka-u.ac.jp/en/topics/20191029-1200.htm। আহৰণ কৰা হৈছে: 2025-10-06. 
  18. "Goethe-Universität —". www.uni-frankfurt.de. https://www.uni-frankfurt.de/84858372/ContentPage_84858372. 
  19. "Robert Koch Stiftung – Shimon Sakaguchi". www.robert-koch-stiftung.de. Archived from the original on 2021-11-28. https://web.archive.org/web/20211128061727/https://www.robert-koch-stiftung.de/index.php?article_id=357&clang=0। আহৰণ কৰা হৈছে: 2025-10-06. 
  20. "Press release". Noble Prize. 06th October 2025. https://www.nobelprize.org/prizes/medicine/2025/press-release/। আহৰণ কৰা হৈছে: 6 October 2025. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]