শ্বিলং চেৰী ব্লছম ফেষ্টিভেল
| শ্বিলং চেৰী ব্লছম ফেষ্টিভেল | |
|---|---|
![]() শ্বিলং চেৰী ব্লছম ফেষ্টিভেল প্ৰতীক | |
শ্বিলং চেৰী ব্লছম ফেষ্টিভেল | |
| ঠাই | শ্বিলং |
| সক্ৰিয়তাৰ সময় | ২০১৬-বৰ্তমান |
| উপস্থিতি | ৬০,০০০+ |
| প্ৰকাৰ | সাংস্কৃতিক |
শ্বিলং চেৰী ব্লছম ফেষ্টিভেল (ইংৰাজী: Shillong Cherry Blossom Festival) মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হোৱা এক বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান। মূলতঃ নৱেম্বৰ মাহত উদ্যাপন কৰা, এই উৎসৱটো চেৰী ফুল (চেৰী ব্লছম নামেৰে পৰিচিত)ৰ ফুলাৰ কালছোৱাৰ সৈতে মিল খায়। এই উৎসৱটোক জাপান আৰু অন্যান্য অঞ্চলত এই পৰিঘটনাৰ বাবে পৰিচিত আৰু উদযাপিত অনুৰূপ উৎসৱৰ সৈতে তুলনা কৰা হয়।[1][2]
এই উৎসৱটোত ইতিমধ্যে একন, আৰ৩এইচএবি, জেছলিন ৰয়েল, কণিকা কাপুৰ, বনি এম, দ্য গ্ৰেট ছ’চাইটি, জোনাছ ব্লু, নে-য়ো আৰু আন বহু প্ৰসিদ্ধ শিল্পীয়ে অংশগ্ৰহণ কৰিছে।[3][4]
সংক্ষিপ্ত বিৱৰণ
[সম্পাদনা কৰক]
এই উৎসৱটো সাধাৰণতে ২–৩ দিনীয়া হয়, প্ৰতিটো দিনতে বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়, যʼত আন্তঃৰাষ্ট্ৰীয় প্ৰসিদ্ধ শিল্পীৰদ্বাৰা পৰিৱেশিত সংগীতানুষ্ঠানকে ধৰি বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়।[5][6] সংগীত পৰিৱেশনৰ উপৰি এই উৎসৱত ফেশ্বন শ্বʼ, সাংস্কৃতিক পৰিৱেশন, খাদ্যৰ বিপণি, প্ৰদৰ্শনী আৰু শিল্পকৰ্মৰ ব্যৱস্থা কৰা হয়। বছৰ বছৰ ধৰি ই এক সজীৱ মঞ্চলৈ বিকশিত হৈছে যিয়ে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিভাক প্ৰদৰ্শন কৰে, কলাত্মক আৰু সাংস্কৃতিক দুয়োটা বিনিময়ক প্ৰসাৰিত কৰে।[7][8] এই উৎসৱত প্ৰতিটো অনুষ্ঠানতে ৫০,০০০ৰো অধিক লোকৰ সমাগম হৈছে।[9]
ইতিহাস
[সম্পাদনা কৰক]মেঘালয় চৰকাৰৰ উদ্যোগত ২০১৬ চনত অঞ্চলটোৰ পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে শ্বিলং চেৰী ব্লছম ফেষ্টিভেলৰ আয়োজন কৰা হৈছিল।[10] বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰেষ্টন টাইনছঙৰ নেতৃত্বত জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠান (আই বি এছ ডি)ৰ সহায়ত এই উৎসৱটোৱে বছৰ বছৰ ধৰি আকাৰ আৰু উপস্থিতি দুয়োটা দিশতে সম্প্ৰসাৰিত হৈছে, ইয়াৰ ফুলৰ প্ৰদৰ্শনী আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে সংবাদ মাধ্যমৰপৰা মনোযোগ লাভ কৰিছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰপৰা অহা দৰ্শনাৰ্থীৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যটককো আকৰ্ষণ কৰে।[11][12]
২০২২ চনত মেঘালয়ৰ সীমান্তৰ সমীপৱৰ্তী অসমৰ পশ্চিম কাৰ্বি আংলং জিলাত সংঘটিত হিংসাত্মক ঘটনা আৰু হত্যাকাণ্ডৰ বাবে এই উৎসৱ বাতিল কৰা হৈছিল।[13]
জাপানৰ সৈতে অংশীদাৰিত্ব
[সম্পাদনা কৰক]২০২৩ চনত জাপানৰ ৰাষ্ট্ৰদূতে ৰাজ্যখন ভ্ৰমণ কৰাৰ পাছত, ২০২৪ চনত মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই শ্বিলং চেৰী ব্লছম ফেষ্টিভেলৰ বাবে জাপানৰ সৈতে আনুষ্ঠানিক অংশীদাৰিত্ব ঘোষণা কৰিছিল।[14] এই অংশীদাৰিত্বৰ জৰিয়তে এই উৎসৱত এটি জাপান জ’নৰ প্ৰৱৰ্তন কৰা হয়, য’ত দেশখনৰ বৈচিত্ৰ্যময় আৰু চহকী সংস্কৃতি প্ৰদৰ্শন কৰা হয়।[15]
আন্তঃৰাষ্ট্ৰীয় সম্প্ৰসাৰণ
[সম্পাদনা কৰক]২০২৪ চনত ৪ ছেপ্টেম্বৰ তাৰিখে থাইলেণ্ডত ইয়াৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত হৈছিল যʼত লুকাছ, ভায়োলেট ৱাউটিয়াৰ, এটলাছ, আৰু জিমি ব্ৰাউনৰ দৰে শিল্পীসকলে অংশগ্ৰহণ কৰিছিল।[16]
২০২৪ চনত এই অনুষ্ঠানটোৱে ৱাও এৱাৰ্ডছ এছিয়া ২০২২-ত "বৰ্ষশ্ৰেষ্ঠ সংগীতানুষ্ঠান" আৰু "বৰ্ষশ্ৰেষ্ঠ উৎসৱ"ৰ শিতানত ২টাকৈ বঁটা লাভ কৰিছিল।[17][18]
১৫ নৱেম্বৰ তাৰিখে ২ দিনৰ বাবে অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ অনুষ্ঠানটোৰ কথা ঘোষণা কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Cherry Blossom Festival in Shillong | Cherry Blossoms in Shillong" (en ভাষাত). www.hotelpolotowers.com. https://www.hotelpolotowers.com/blogs/cherry-blossom-festival-in-shillong.html। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ Staff, O. T. (2023-11-07). "All About The Cherry Blossom Festival In Shillong" (en ভাষাত). Outlook Traveller. https://www.outlooktraveller.com/experiences/heritage/all-about-the-cherry-blossom-festival-in-shillong। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ "Boney M, Akon and SuperM's Lucas to headline Cherry Blossom Festival 2024 in Shillong" (en-IN ভাষাত). The Hindu. 2024-09-10. ISSN 0971-751X. https://www.thehindu.com/entertainment/music/boney-m-akon-and-superms-lucas-to-headline-cherry-blossom-festival-2024-in-shillong/article68625595.ece.
- ↑ PTI. "Singers Ne-Yo, Ronan Keating to perform in Meghalaya's Cherry Blossom Festival" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/entertainment/singers-ne-yo-ronan-keating-to-perform-in-meghalayas-cherry-blossom-festival-2770702। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ NEWS, NE NOW (2024-09-13). "Shillong Cherry Blossom Festival to be star-studded this Nov" (en-US ভাষাত). NORTHEAST NOW. https://nenow.in/entertainment/shillong-cherry-blossom-festival-to-be-star-studded-this-nov.html। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ Tagat, Anurag (2024-09-09). "Shillong Cherry Blossom Festival 2024: Boney M, Akon, Lucas to Perform" (en-US ভাষাত). Rolling Stone India. https://rollingstoneindia.com/boney-m-akon-r3hab-shillong-cherry-blossom-festival-2024-lineup/। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ Kamei, Precious (2018-10-30). "Shillong Visit the Cherry Blossom Festival" (en ভাষাত). Outlook Traveller. https://www.outlooktraveller.com/explore/nature/shillong-cherry-blossom-festival। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ Jakhmola, Anamika (2021-11-15). "Your Trip To Japan Can Wait Because India Is Having Its Own Cherry Blossom Festival This Year" (en-IN ভাষাত). https://traveltriangle.com/blog/cherry-blossom-festival-shillong/। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ Network, Hub (2024-09-03). "Meghalaya prepares for Cherry Blossom Festival 2024 with international collaborations and star-studded lineup" (en-US ভাষাত). Hub News. https://hubnetwork.in/meghalaya-prepares-for-cherry-blossom-festival-2024-with-international-collaborations-and-star-studded-lineup/। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ "India's first Cherry Blossom Festival to be Celebrated in Shillong – GKToday". www.gktoday.in. https://www.gktoday.in/indias-first-cherry-blossom-festival-to-be-celebrated-in-shillong/। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ "Shillong Cherry Blossoms and The Festival around it" (en-US ভাষাত). 2017-12-04. https://webguy.in/shillong-cherry-blossom-festival/। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ "Meghalaya gears up to host Shillong Cherry Blossom Festival 2023" (en ভাষাত). ANI News. https://www.aninews.in/news/national/general-news/meghalaya-gears-up-to-host-shillong-cherry-blossom-festival-202320231114231725/। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ "Shillong cancels Cherry Blossom Festival as well as all other festivals, know why". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/travel//shillong-cancels-cherry-blossom-festival-as-well-as-all-other-festivals-know-why/articleshow/95714719.cms.
- ↑ News, Northeast (2024-08-15). "Japan collaborates with Meghalaya govt for 'Cherry Blossom Festival'" (en-US ভাষাত). Northeast News - Northeast India news 24×7. https://nenews.in/meghalaya/japan-collaborates-with-meghalaya-govt-for-cherry-blossom-festival/12909/। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ Reporter (2024-09-02). "Paul announces lineup for Cherry Blossom Festival" (en-US ভাষাত). Meghalaya Monitor. https://meghalayamonitor.com/paul-announces-lineup-for-cherry-blossom-festival/। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ "Shillong Cherry Blossom Festival - Govt of Meghalaya". Meghalaya Government. https://meghalaya.gov.in/sites/default/files/press_release/Shillong_Cherry_Blossom_Festival_2022_announce.pdf.
- ↑ "Cherry Blossom Festival". Utsav Gov. https://utsav.gov.in/view-event/cherry-blossom-festival-1.
- ↑ "Cherry Blossom Fest bags three awards | The Shillong Times". theshillongtimes.com. 23 August 2022. https://theshillongtimes.com/2022/08/23/cherry-blossom-fest-bags-three-awards/। আহৰণ কৰা হৈছে: 2024-10-05.
