শ্বীবা চাদ্ধা
| শ্বীবা চাদ্ধা Sheeba Chaddha | |
|---|---|
২০১০ চনত চাদ্ধা | |
| জন্ম | ২৪ এপ্ৰিল, ১৯৭৩ (৫৩ বছৰ) শাহাৰণপুৰ, উত্তৰ প্ৰদেশ, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | হংসৰাজ কলেজ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৬–বৰ্তমান |
| সন্তান | ১ (নুৰ চাদ্ধা) |
শ্বীবা চাদ্ধা ( ইংৰাজী: Sheeba Chaddha) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছন অভিনেত্ৰী।[1] ২০২২ চনত বধাই দো আৰু ডক্টৰ জি ছবিত তেওঁ অভিনয় কৰে আৰু বধাই দোৰ ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।[2][3]
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]চাদ্ধা দিল্লীত ডাঙৰ-দীঘল হৈছিল, য'ত তেওঁ নাট্যৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিছিল আৰু নাট্য কৰ্মশালা ল'বলৈ আৰম্ভ কৰিছিল।[4] তেওঁ হংসৰাজ কলেজ (দিল্লী বিশ্ববিদ্যালয়)ৰ পৰা ইংৰাজী সাহিত্যত মেজৰ ডিগ্ৰী লাভ কৰে।[5] তেওঁ অনুৰাগ কাশ্যপৰ সহপাঠী আছিল।

চাদ্ধাই হাম দিল দে চুকে ছানম (১৯৯৯), পাৰ্জানিয়া (২০০৭), দিল্লী ৬ (২০০৯), লাক বাই চান্স (২০০৯) আৰু তালাছ (২০১২) আদি ছবিত চৰিত্ৰাভিনেতাত অভিনয় কৰিছে।[6] ২০১১ চনত অভিনেতা ঋতুৰাজ সিঙৰ সৈতে তেওঁ 'প্ৰকাটা হেত যাদ' নামৰ চুটি ছবিত অভিনয় কৰে। ছবিখনে ৰিভাৰ টু ৰিভাৰত চুটি ছবি শাখাত অডিয়েন্স চয়ছ বঁটা লাভ কৰে।[1] ২০১২ চনত তেওঁ তালাছ: দ্য এন্সাৰ লাইজ উইথিন নামৰ ছবিখনত এগৰাকী যৌনকৰ্মী নিৰ্মলাৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৫ চনত শৰৎ কাটাৰিয়াৰ ডম লগা কে হাইছাত নয়নতাৰা তিৱাৰী (বুয়াজী)ৰ চৰিত্ৰত অভিনয় কৰিছিল৷
টেলিভিছনত তেওঁৰ প্ৰাৰম্ভিক উপস্থিতি লাভ মেৰেজ (২০০২)ত আছিল; তাৰ পিছত ২০০৭ চনত কস্তুৰীত ব্যৱসায়িক টাইকুনৰ চৰিত্ৰত অভিনয় কৰি তেওঁ টেলিভিছনলৈ পুনৰ উভতি আহে।[7] ইয়াৰ পিছত তেওঁ না আনা ইছ ডেছ লাডো (২০০৯–২০১২), কিতনি মহব্বত হাই (২০০৯), কাহানি সাত ফেৰন কি (২০০৭), কুচ তোহ লগ কাহেংগে (২০০১–২০১৩) আৰু লাখোন মেইন এক (২০১২) আদি ধাৰাবাহিকত অভিনয় কৰে।[4]
২০১২ চনৰ জুন মাহত তেওঁ জি টিভিৰ জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক হিটলাৰ ডিডিত যোগদান কৰে।[8]
ইয়াৰ উপৰিও তেওঁ ৰজত কাপুৰৰ মঞ্চ নাট চি ফৰ ক্লাউন (২০০৭)[7] , অতুল কুমাৰৰ দ্য ব্লু মগ (২০১০)ত ৰজত কাপুৰ, মুনিষ ভৰদ্বাজ, বিনয় পাঠক[9], কংকনা সেন শৰ্মা আৰু ৰণবীৰ শ্বোৰীৰ সৈতে অভিনয় কৰে৷ তেওঁ ব্লেক এণ্ড হোৱাইটত ৰয়ষ্টেন এবেলৰ অথেলোত ডেছদিমোনাৰ চৰিত্ৰত অভিনয় কৰে আৰু ২০১২ চনত হেনৰিখ ইবচেনৰ নাটকত হেড্ডাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[6]তেওঁ মুম্বাইৰ "দ্য কোম্পানী থিয়েটাৰ"[5] নামৰ নাট্যগোষ্ঠীৰ লগতো জড়িত। বৰ্তমান তেওঁ ইণ্টাৰনেট টেলিভিছন ধাৰাবাহিক পাৰ্মানেণ্ট ৰুমমেটছৰ সৈতে জড়িত, যিখন দ্য ভাইৰেল ফিভাৰ (টিভিএফ)ৰ বেনাৰত নিৰ্মিত হৈছে৷
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]| এতিয়ালৈকে মুক্তি লাভ নকৰা চলচ্চিত্ৰ/শ্ব'/ধাৰাবাহিকসমূহক বুজায় |
চলচ্চিত্ৰসমূহ
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | সূত্ৰ |
|---|---|---|---|
| ১৯৯৮ | দিল চে.. | মইনাৰ ভনীয়েক | |
| ১৯৯৯ | হম দিল দে চুকে চনম | অনুপমা ত্ৰিপাঠী | |
| ২০০০ | ফিৰ ভি দিল হ্যায় হিন্দুস্তানী | জুহী আনন্দ | |
| ২০০২ | কালী চালোৱাৰ | ৰুখছানা | |
| ২০০৩ | জিম | শীবা | |
| ইন ওথেলো | কৰীণা | ||
| ২০০৪ | এক হাছিনা থী | শিল্পা শৰ্মা | |
| মাৰ্ডাৰ | নাৰ্গিছ | ||
| ২০০৭ | পৰজানিয়া | অনামিকা | |
| ২০০৯ | দিল্লী-৬ | ৰাজ্জো | |
| লাক বাই চান্স | কবিতা | ||
| ২০১০ | ৱেষ্ট ইজ ৱেষ্ট | ৰেহানা খান | |
| ২০১১ | জক্কমোন | ৰাজৰাণী | |
| ২০১২ | লভ ইউ টু ডেথ | মায়া কুমাৰী | |
| তালাশ: দি আনছাৰ লাইজ ৱিদিন | নিৰ্মলা | ||
| ২০১৫ | দম লগা কে হাইছা | নয়নতৰা | |
| ২০১৭ | ৰইজ | আমিনা আলম | |
| ইন্দু চৰকাৰ | মেখলা | ||
| ৱাট ৱিল পিপল চে | অৰ্চনা ভোচলে | ||
| ২০১৮ | ৰাজমা চাৱল | নীতু | |
| ৰেইড | প্ৰভা দেৱী | ||
| বধাই হো | সংগীতা শৰ্মা | ||
| জিৰ’ | বীণা সিং | ||
| ২০১৯ | গলী বয় | জোয়া ফিৰদৌছী | |
| জবৰীয়া জোড়ী | বীণা সিং | ||
| বেবাক | শীলা | ||
| ২০২০ | শকুন্তলা দেৱী | তাৰাবাঈ | |
| ২০২১ | হাতী মেৰে সাথী | বিচাৰক ইমাৰতী | |
| পগলেত | উষা | [10] | |
| ২০২২ | বধাই দো | মীনাক্ষী | [11] |
| মাজা মা | পম্মি হংসৰাজ | ||
| শৰ্মাজী নামকীন | আৰতি শৰ্মা | ||
| ফোন ভূত | চিকনি চুড়াইল | ||
| খুদা হাফিজ ২ | শীলা ঠাকুৰ | [12] | |
| ডাক্টৰ জি | শোভা গুপ্তা | [13] | |
| ২০২৩ | ৰাবিয়া এণ্ড অলিভিয়া | ৰাবিয়াৰ মাক | |
| ট্ৰায়েল পিৰিয়ড | মামীজী | ||
| দ্য টেনেন্ট | মিচেচ মিশ্ৰ | ||
| ২০২৪ | অল ইণ্ডিয়া ৰেংক | কল্পনা বুন্দেলা | |
| বেড নিউজ | বিষ্ণি চধা | ||
| বিস্ফোট | ৰোছন | ||
| নৱৰস কথা কলেজ | অফিচ বছ | ||
| বেবী জন | মাধৱী বাৰ্মা, সত্যৰ মাক | ||
| ২০২৫ | কৌশলজীজ ভাৰ্চেচ কৌশল | সংগীতা কৌশল | |
| চংছ অব পেৰাডাইজ | হামিদা | ||
| হক | বেলা জৈন | ||
| দ্য গ্ৰেট চামছুদ্দিন ফেমিলী | চাফিয়া | ||
| হেমলেট | গাৰ্ট্ৰুড | ||
| ২০২৬ | বটতমিজ গিল | শ্বুটিং চলি আছে | |
| ৰামায়ণ: পাৰ্ট ১ | মন্থৰা | [14] |
টেলিভিছন
[সম্পাদনা কৰক]| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | সূত্ৰ |
|---|---|---|---|
| ১৯৯৯ | ষ্টাৰ বেষ্টচেলাৰ্ছ | খণ্ডভিত্তিক (Episodic) | |
| ১৯৯৮–২০০১ | হিপ হিপ হুৰ্ৰে | কৰুণা মেদাম | |
| ১৯৯৯–২০০০ | গুব্বাৰে | অনু | |
| ২০০২ | লভ মেৰেজ | সোনালী | |
| ২০০৩ | জছী জৈছী কই নহীঁ | কেমিঅ’ (সংবাদদাতা হিচাপে) | |
| ২০০৭ | কস্তুৰী | দেৱিকা (ৰবীৰ মাক) | |
| ২০০৯ | না আনা ইচ দেচ লাডো | বাজৰী প্ৰতাপসিং | |
| কিতনী মোহব্বত হ্যায় | |||
| কহানী সাত ফেৰোঁ কী | |||
| ২০১১–২০১৩ | কুছ তো লোগ কহেংগে | সঞ্জীৱনী গাৰ্গ | |
| ২০১২ | হিটলাৰ দিদি | দুলাৰী বুৱা | |
| লাখোঁ মেঁ এক | |||
| ২০১৩–২০১৪ | পবিত্ৰ ৰিস্তা | ৰুছালী কৰ্মকাৰ | |
| ২০১৫ | হেল্ল’ প্ৰতিভা | পুষ্পা চাচী | |
| ২০১৭ | চন্দ্ৰ নন্দিনী | অপমা |
ৱেব চিৰিজ
[সম্পাদনা কৰক]| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | সূত্ৰ |
|---|---|---|---|
| ২০১৪–বৰ্তমান | পাৰমানেন্ট ৰুমমেটচ | লতা চৌধুৰী | |
| ২০১৭ | তन्हाইয়ান | ৰাজাৰ মাক (খালা) | |
| ২০১৮ | ফিল্টাৰকপি | ||
| ২০১৮–২০২২ | এডাল্টিং | নিখতৰ মাক | |
| ২০১৮–বৰ্তমান | মিৰ্জাপুৰ | বসুধা পণ্ডিত | |
| ২০১৮ | ৱাটছ ইয়ৰ ষ্টেটাছ | ভাৰতৰ মাক | |
| ২০১৯ | হে প্ৰভু! | তৰুণৰ মাক | |
| ২০২০ | বন্দিছ বেণ্ডিতছ | মোহিনী | |
| তাজমহল ১৯৮৯ | মুমতাজ | ||
| ২০২১ | ঐচা ৱৈচা প্যাৰ | সুনিতা | |
| স্পেচিয়েল ডে' | মালতী মেহৰা | ||
| ২০২২ | গুড বেড গাৰ্ল | নিম্মী আহুজা | |
| ২০২৩–বৰ্তমান | দ্য ট্ৰায়েল | মালিনী খান্না | |
| ২০২৪ | দ্য ছিগনেল | ভাৰতীয় বিলিয়নেয়াৰ বেনিছা মুধি | |
| ২০২৫ | বকাইতী | সুষমা কাটাৰীয়া | |
| ৰঙীন | চিতাৰা | ||
| বিন্দিয়া কে বাহুবলী | ধাৰাৱী | ||
| ২০২৬ | বেট (Bait) |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- শ্বীবা চাদ্ধা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Dipti Nagpaul D'souza (15 March 2012). "Language no bar". http://www.indianexpress.com/news/Language-no-bar/923717/। আহৰণ কৰা হৈছে: 15 July 2013. "..renowned theater artiste Sheeba Chaddha"
- ↑ "Nominations for the 68th Hyundai Filmfare Awards 2023 with Maharashtra Tourism". Filmfare. 24 April 2023. https://www.filmfare.com/features/nominations-for-the-68th-hyundai-filmfare-awards-2023-with-maharashtra-tourism-58094.html.
- ↑ "Winners of the 68th Hyundai Filmfare Awards 2023". Filmfare. 28 April 2023. https://www.filmfare.com/awards/filmfare-awards-2023/winners.
- 1 2 "Sheeba's brotherly love!". The Times of India. 6 October 2011. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Sheebas-brotherly-love/etarticleshow/10254244.cms। আহৰণ কৰা হৈছে: 15 July 2013.
- 1 2 Gaurangi, Dang. "Sheeba Chadha — interview". MumbaiTheatreGuide. https://www.mumbaitheatreguide.com/dramas/interviews/sheeba-chadha-interview.asp। আহৰণ কৰা হৈছে: 15 July 2013.
- 1 2 "Essaying conflicts". 11 February 2010. http://www.hindu.com/mp/2010/02/11/stories/2010021151140300.htm। আহৰণ কৰা হৈছে: 15 July 2013.
- 1 2 Kimi Dangor (11 June 2007). "Back with a bang: Sheeba Chadha". India Today. https://www.indiatoday.in/magazine/eyecatchers/story/20070611-sheeba-chadha-comeback-with-the-movie-c-for-clown-748328-2007-06-10। আহৰণ কৰা হৈছে: 15 July 2013.
- ↑ "Sheeba Chaddha enters Hitler Didi". Sify.com News. 19 June 2012. http://www.sify.com/news/sheeba-chaddha-enters-hitler-didi-news-entertainment-mgtqKBjghdh.html। আহৰণ কৰা হৈছে: 15 July 2013.
- ↑ Piyasree Dasgupta (31 March 2010). "Memory Central". http://www.indianexpress.com/news/memorycentral/598014/0। আহৰণ কৰা হৈছে: 15 July 2013.
- ↑ Kambam, Saichaitanya (16 September 2020). "Netflix picks up "Pagglait" starring Sanya Malhotra and Shruti Sharma". OnlyTech. https://onlytech.com/netflix-picks-up-pagglait-starring-sanya-malhotra-and-shruti-sharma/। আহৰণ কৰা হৈছে: 16 September 2020.
- ↑ "Sheeba Chadha opens up on playing a mother in Rajkummar Rao and Bhumi Pednekar's Badhaai Do". Pinkvilla. 7 May 2021. https://www.pinkvilla.com/entertainment/exclusives/exclusive-video-sheeba-chadha-opens-playing-mother-rajkummar-rao-and-bhumi-pednekars-badhaai-do-726997। আহৰণ কৰা হৈছে: 6 September 2021.
- ↑ "Khuda Haafiz Chapter 2 Agnipariksha trailer: Vidyut Jammwal stars in actioner inspired by Taken, watch". The Indian Express. 8 June 2022. https://indianexpress.com/article/entertainment/bollywood/khuda-haafiz-chapter-2-agnipariksha-trailer-vidyut-jammwal-stars-in-this-desi-taken-video-7958787/। আহৰণ কৰা হৈছে: 8 June 2022.
- ↑ "Ayushmann Khurrana Celebrates Film Wrap With This Oh-So-Cute Cake". NDTV Food. 5 September 2021. https://food.ndtv.com/news/ayushmann-khurrana-gives-sneak-peek-into-sweet-celebration-as-doctor-g-shoot-wraps-up-2530339। আহৰণ কৰা হৈছে: 6 September 2021.[সংযোগবিহীন উৎস]
- ↑ "First Pics From Ranbir Kapoor's Ramayan Set Are Going Viral: Lara Dutta As Kaikeyi, Arun Govil As Dashrath And More". Mashable India. https://in.mashable.com/entertainment/72729/first-pics-from-ranbir-kapoors-ramayan-set-are-going-viral-lara-dutta-as-kaikeyi-arun-govil-as-dashr। আহৰণ কৰা হৈছে: 5 April 2024.