সমললৈ যাওক

শ্বীমা কেৰমানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বীমা কেৰমানী

সিন্ধৰ এখন চুফি সন্মিলনীত প্ৰদৰ্শন কৰি থকা অৱস্থাত কেৰমানী
জন্ম ১৬ জানুৱাৰী, ১৯৫১ (৭৪ বছৰ)
ৰাৱালপিণ্ডি, পঞ্জাব, পাকিস্তান
পেচা
  • ধ্ৰুপদী নৃত্যশিল্পী
  • সমাজকৰ্মী
  • থিয়েটাৰ পৰিচালক
  • অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫৯ - বৰ্তমানলৈকে

শ্বীমা কেৰমানী (ইংৰাজী: Sheema Kermani; জন্ম: ১৬ জানুৱাৰী ১৯৫১) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু সমাজ কৰ্মী।[1] তেখেত তেহৰিক-ই-নিছৱান কালচাৰেল একচন গ্ৰুপ (মহিলা আন্দোলন)ৰ প্ৰতিষ্ঠাপক।[2] তেখেত ভাৰতনাট্যম নৃত্যৰ প্ৰতিনিধিও।[3][4] কেৰমানী পাকিস্তানৰ কৰাচীত বাস কৰা এগৰাকী প্ৰখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পী, নৃত্য পৰিচালক, নৃত্য গুৰু, নাট্য অনুশীলনকাৰী, অভিনেত্ৰী, পৰিচালক, প্ৰযোজক, টিভি অভিনেত্ৰী৷ তেওঁ সংস্কৃতি, নাৰীৰ অধিকাৰকে[5] প্ৰমুখ্য কৰি শান্তিৰ বিষয়সমূহৰ পোষকতা কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৫১ চনৰ ১৬ জানুৱাৰীত পঞ্জাৱৰ ৰাৱালপিণ্ডিত কেৰমানীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃয়ে পাকিস্তান সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিছিল আৰু ব্ৰিগেডিয়াৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷ তাৰ পিছত তেওঁ কৰাচী ইলেক্ট্ৰিক চাপ্লাই কৰ্প'ৰেশ্যনৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল।[6][7] তেওঁৰ পৈতৃক পৰিয়াল লক্ষ্ণৌ চহৰৰ৷ আৰু ইয়াৰ বংশ ইৰাণৰ কেৰমান চহৰৰ লগত সংপৃক্ত৷ আনহাতে তেওঁৰ মাতৃৰ পৰিয়ালৰ হায়দৰাবাদ ডেক্কানৰ।[7]

কেৰমানীৰ দুগৰাকী ভাই-ভনী আছে৷[7] তেওঁ পাকিস্তানৰ বিভিন্ন চহৰৰ কনভেণ্ট স্কুলৰ পৰা শিক্ষা লাভ কৰে য'ত তেওঁৰ পিতৃ কিছুমান বিশেষ পদত অধিষ্ঠিত আছিল।[7]স্কুলৰ ছুটীৰ সময়ত কেৰমানীয়ে ভাৰতত বাস কৰা মাতৃৰ ফালৰ পৰা ককা-আইতাকক লগ কৰিবলৈ গৈছিল আৰু তাতেই তেওঁৰ পৰিৱেশন কলাৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠিছিল।[7]

সামাজিক সক্ৰিয়তা

[সম্পাদনা কৰক]

কেৰমানীয়ে নিজকে নাৰীবাদী আৰু মাৰ্ক্সবাদী হিচাপে পৰিচয় দিয়ে।[7] তেওঁ উপলব্ধি কৰিছিল যে পাকিস্তানী সমাজৰ মহিলাসকলে সমাজত সমতা লাভ কৰিব নোৱাৰে গতিকে তেওঁ 'তেহৰিক-ই-নিছৱান' (মহিলা আন্দোলন) নামৰ এক আন্দোলন আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ অধিকাৰ, স্বাস্থ্যজনিত বিষয়, শিক্ষা আৰু সমতাৰ বাবে মাত মাতিছিল।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Cultural resilience celebrated at a unique event" (en-US ভাষাত). Daily Times. 2022-08-15. https://dailytimes.com.pk/981963/cultural-resilience-celebrated-at-a-unique-event/। আহৰণ কৰা হৈছে: 2023-01-07. 
  2. Baloch, Shah Meer (2021-06-24). "'A haven for free-thinkers': Pakistan creatives mourn loss of progressive arts space" (en ভাষাত). The Guardian. http://www.theguardian.com/global-development/2021/jun/24/a-haven-for-free-thinkers-pakistan-creatives-mourn-loss-of-progressive-arts-space। আহৰণ কৰা হৈছে: 2023-01-07. 
  3. "What went down at Aurat March 2019 in Karachi" (en-US ভাষাত). Something Haute. 2019-03-09. Archived from the original on 2020-03-25. https://web.archive.org/web/20200325065759/https://www.somethinghaute.com/what-went-down-at-aurat-march-2019-in-karachi/। আহৰণ কৰা হৈছে: 2019-04-09. 
  4. Raza, Laila; Khan, Muhammad Salman (2018-10-29). "Arts Council hosts 4th Women's Peace Table Conference" (en-US ভাষাত). The Express Tribune. https://tribune.com.pk/story/1836220/1-arts-council-hosts-4th-womens-peace-table-conference/। আহৰণ কৰা হৈছে: 2019-04-09. 
  5. Sheikh, Fatima (2020-03-07). "'Aurat March is not confined to a single slogan'" (en ভাষাত). The Express Tribune. https://tribune.com.pk/story/2171033/aurat-march-not-confined-single-slogan। আহৰণ কৰা হৈছে: 2023-01-07. 
  6. "SHEEMA KERMANI". KarachiBiennale 2017. 21 October 2017. https://www.kbcuratorial.com/artists/sheema-kermani. 
  7. 7.0 7.1 7.2 7.3 7.4 7.5 Magsi, Mariam (2016-01-12). "I think Muslim men see my dancing as a challenge to them, says Sheema Kermani" (en ভাষাত). Dawn Images. http://images.dawn.com/news/1174600। আহৰণ কৰা হৈছে: 2019-04-09. 
  8. "Identity, Performance and Gender in Pakistan". Michigan State University Museum. 8 October 2019. https://www.museum.msu.edu/?event=identity-performance-and-gender-in-pakistan.