সমললৈ যাওক

শ্বেকেলিয়া জেকচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্বেকেলিয়া জেকচন (ইংৰাজী: Shackelia Jackson; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮২) এগৰাকী জামাইকাৰ মানৱ অধিকাৰ কৰ্মী[1] যি ২০১৪ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পিছত ন্যায়ৰ বাবে প্ৰচাৰ চলাইছিল৷[2]

নেকিয়া জেকছনৰ হত্যা

[সম্পাদনা কৰক]

জেকচনৰ ভাতৃ নাকিয়াক ২০১৪ চনত[3] তেওঁলোকৰ গৃহ চহৰ কিংষ্টনত জামাইকা আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল।

২৯ বছৰীয়া নাকিয়াই এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল[4] আৰু তেওঁৰ ৰন্ধন দক্ষতাৰ বাবে অৰেঞ্জ ভিলা সম্প্ৰদায়ৰ চাৰিওফালে পৰিচিত আছিল।[3] ২০১৪ চনৰ ২০ জানুৱাৰীৰ পুৱা প্ৰত্যক্ষদৰ্শীয়ে জনাইছিল যে নাকিয়াই নেচনেল ব্লাড বেংকৰ স্থানীয় শাখাৰ বাবে ফ্ৰাইড চিকেনৰ বৃহৎ টিফিনৰ অৰ্ডাৰ ৰান্ধি আছিল যেতিয়া এজন আৰক্ষী বিষয়াই তেওঁৰ দোকানত সোমাই তেওঁক দুবাৰকৈ গুলীয়াই হত্যা কৰে।[3][5] বিষয়াজনে তেওঁক ভৰিৰে টানি টানি ফুটপাথত এৰি দিয়াৰ পিছত আৰক্ষীৰ গাড়ীৰ পিছফালে পেলাই চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাত নিৰ্ণয় কৰা হয় যে তেওঁৰ মৃত্যুৰ কাৰণ হৈছে দুটা গুলীৰ আঘাত।[3][5]

গুলীচালনাৰ সময়ত নাকিয়াৰ ভগ্নী শ্বেকেলিয়া জেকচনে তেওঁৰ নাম লৈ চিঞৰি মাতি থকা শুনিছিল আৰু তেওঁ সৰু ৰেঁষ্টুৰাখনকৈ দৌৰি গৈছিল৷[1] অপৰাধস্থলী সংৰক্ষণৰ বাবে শ্বেকেলিয়াই দোকানখনত তলা মাৰিছিল।[3][1]

আৰক্ষীয়ে জনোৱা মতে, সেই অঞ্চলত ডকাইতি সংঘটিত হৈছে আৰু তেওঁলোকে মানুহজনক বন্দুক দেখুৱাই আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল।[5] আৰক্ষী বিষয়াসকলে ড্ৰেডলক পিন্ধা "ৰাষ্টাফেৰিয়ান চেহেৰা" মানুহ এজনক বিচাৰিছিল।[1] নাকিয়াই সেই বৰ্ণনাৰ লগত খাপ খাই পৰিছিল।[3]আৰক্ষীয়ে ৰিপৰ্ট দিছিল যে এটা ৯ মিমি পিষ্টল উদ্ধাৰ কৰা হৈছে।[5] কিছুমান প্ৰত্যক্ষদৰ্শীয়ে কয় যে গুলীচালনাৰ সময়ত নাকিয়া নিৰস্ত্ৰ আছিল।[3]

২০১৬ চনৰ জুলাই মাহত নাকিয়াক গুলীয়াই হত্যা কৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰা হৈছিল। মূল সাক্ষীসকলৰ এজনে আদালতত হাজিৰ হ'বলৈ অস্বীকাৰ কৰিছিল।[3] এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ মতে, তাৰ পিছত কি হ'ব পাৰে তাক লৈ তেওঁ অত্যধিক ভয় খাইছিল।[2]

২০১৭ চনৰ হিচাপত জেকচন পৰিয়ালে এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনাইছে।[3]

নাকিয়াৰ মৃত্যুৰ পিছৰে পৰা শ্বেকেলিয়াই জামাইকাত মানৱ অধিকাৰ আৰু অপৰাধমূলক-ন্যায় সংস্কাৰৰ পোষকতা কৰি আহিছে, বিশেষকৈ চহৰৰ ভিতৰৰ কম আয়ৰ চুবুৰীৰ যুৱকসকলক গুৰুত্ব আৰোপ কৰি।[1] তেখেতে এবছৰ স্কুলৰ পৰা ছুটী লৈছিল [2] আৰু জামাইকাৰ আদালতৰ জৰিয়তে অপৰাধ কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰা হয় আৰু অপৰাধৰ অভিযোগ উত্থাপন হোৱাৰ পিছত আৰক্ষী বিষয়াসকলক কেনেদৰে ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে তেওঁ মত ৰাখে৷ তেওঁ কয়: "জবাবদিহিতা আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ আমাক আইনগত পৰিৱৰ্তনৰ প্ৰয়োজন। আৰক্ষীৰ প্ৰশিক্ষণো ১৯৬০ চনৰ দৰেই হৈ আছে৷ ইয়াক একবিংশ শতিকাৰ সমাজৰ লগত খাপ খুৱাই বিকশিত কৰাটো প্ৰয়োজন"[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 Kale, Sirin (2018-02-07). "Police Shot Her Brother. Now She's Fighting for Justice" (en-us ভাষাত). Broadly. Archived from the original on 2019-02-15. https://web.archive.org/web/20190215215823/https://broadly.vice.com/en_us/article/59w74z/jamaica-police-killing-nakiea-jackson. 
  2. 2.0 2.1 2.2 2.3 "Shackelia Jackson: People Thought I Was Obsessive, But That Activism Helped Me To Heal'" (en-US ভাষাত). Marie Claire. 2018-05-04. http://www.marieclaire.co.uk/reports/shackelia-jackson-women-who-win-590605. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 Salomon, Josefina (2017-01-19). "Jamaica's killer cops: How the families of police victims face intimidation and violence" (en ভাষাত). International Business Times UK. https://www.ibtimes.co.uk/jamaicas-killer-cops-how-families-police-victims-face-intimidation-violence-1601928. 
  4. "How Receiving Letters From Thousands Of Strangers Has Helped Me Fight For Justice For My Brother's Murder" (en-GB ভাষাত). HuffPost UK. 2018-01-20. https://www.huffingtonpost.co.uk/entry/how-receiving-letters-from-thousands-of-strangers-has-helped-me-fight-for-justice-for-my-brothers-murder_uk_5a620499e4b0125fd6360aff. 
  5. 5.0 5.1 5.2 5.3 Limited, Jamaica Observer. "Shooting victim's sister still loves the police". Jamaica Observer. http://www.jamaicaobserver.com/news/Shooting-victim-s-sister-still-loves-the-police_15872849। আহৰণ কৰা হৈছে: 2018-05-20.