সমললৈ যাওক

শ্বেতকেতু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্বেতকেতু চান্দোগ্য উপনিষদত উল্লেখ কৰা এজন ঋষি আছিল। তেওঁ উদ্দালক ঋষিৰ পুত্ৰ আছিল, যাৰ প্ৰকৃত নাম আছিল আৰুণি, আৰু ই জিজ্ঞাসাক প্ৰতিনিধিত্ব কৰে। উপনিষদত শ্বেতকেতুৰ অজ্ঞানতাৰপৰা আত্মা আৰু সত্যৰ জ্ঞান(সত)লৈ পৰিৱৰ্তিত যাত্ৰাত জড়িত হৈ আছে।

মহাভাৰতত শ্বেতকেতুৱে পিতৃৰ সন্মুখতে এজন ব্ৰাহ্মণে মাকৰ হাত ধৰা দেখি "পত্নীক আজীৱন এজন স্বামীৰ প্ৰতি আনুগত্যশীল হোৱা" প্ৰথা সৃষ্টি কৰাৰ কৃতিত্ব দিয়া হৈছে।[1][টোকা 1]

শ্বেতকেতুৰ ক্ষেত্ৰ তিনিটা প্ৰধান (মুখ্য) উপনিষদত দেখা যায়, যথা- বৃহদাৰণ্যক উপনিষদ ছ.৬.২.১ৰপৰা ৬.২.৮, চান্দোগ্য উপনিষদ এছ.৫.৩ আৰু কৌশিতকী ছ.১। চান্দোগ্য উপনিষদৰ ষষ্ঠ খণ্ডৰ (প্ৰপাঠক) ষোল্লটা অধ্যায়ত প্ৰকাশ পোৱা মহাৱাক্যত নিহিত জ্ঞানৰ গ্ৰাহক শ্বেতকেতু।

প্ৰথম পুনৰ্জন্মৰ কাহিনী

[সম্পাদনা কৰক]

চান্দোগ্য উপনিষদত শ্বেতকেতুৰ কাহিনীটোৱেই প্ৰথমবাৰৰ বাবে বেদত আৰু হয়তো মানৱ ইতিহাসৰ সকলো জনাজাত লিখনিত পুনৰ্জন্মৰ কথা উল্লেখ কৰা হৈছে। কাহিনীটোত শ্বেতকেতুৱে পঢ়া-শুনা কৰি ঘৰলৈ উভতি আহে আৰু তেওঁৰ শৈশৱৰ বন্ধুসকলে তেওঁক সুধিছে যে, তেওঁ মৃত্যুৰ পিছৰ জীৱনৰ বিষয়ে কি জানিব পাৰিলে; যাৰ উত্তৰত তেওঁ কয় যে সেয়া তেওঁৰ পাঠ্যক্ৰমৰ অংশ নাছিল। তেওঁলোকে শ্বেতকেতুৰ পিতৃক সুধিছে আৰু তেৱোঁ নাজানে, গতিকে তেওঁলোকে ৰজাক সুধিছে, যিয়ে সকলো সময়তে জানিছিল বুলি দাবী কৰি পুনৰ্জন্মৰ ধাৰণাটো বুজাই দিছিল। তেওঁ লগতে কয় যে, ক্ষত্ৰিয় (যোদ্ধা আৰু প্ৰশাসনিক শ্ৰেণী)সকলৰ মাজত ই এক সাধাৰণ বিশ্বাস আৰু এই বিশ্বাসৰপৰাই তেওঁলোকে নিজৰ ক্ষমতা (যুদ্ধত সাহস) আহৰণ কৰে।[2]

  1. ক্ৰোধাম্ তাম্ তু পিতা দ্ৰষ্টা শ্বেতকেতম। উৱাকা হা; মা তত কোপম্ কাৰ্চিচ ত্বম্ এচা ধৰ্মহ্ সনাতনঃ
    মহাভাৰত পুথি ১ আদি পৰ্ব: ধাৰা ১২২ (সম্ভৱ পৰ্ব),-পাণ্ডুৱে কুন্তীৰ আগত বৰ্ণনা কৰিছে: "আমি জানি আহিছোঁ যে, উদ্দালক নামৰ এজন মহান ঋষি আছিল, তেওঁৰ শ্বেতকেতু নামৰ এজন পুত্ৰ আছিল, যিজনো পুণ্যবান তপস্বী আছিল।" হে পদ্ম-পাহিৰ দৰে আয়তনয়না, সেই শ্বেতকেতুৰ ক্ৰোধৰ পৰাই বৰ্তমানৰ এই প্ৰথা প্ৰতিষ্ঠা হৈছে। কাৰণ শুনা। এদিন শ্বেতকেতুৰ পিতৃৰ সম্মুখতে এজন ব্ৰাহ্মণ আহি শ্বেতকেতুৰ মাকৰ হাতত ধৰি ক’লে, ‘ব’লা আমি যাওঁ’। মাকৰ হাতত ধৰি আপাত দৃষ্টিত বলপূৰ্বকভাৱে লৈ যোৱা দেখি পুত্ৰ শ্বেতকেতু ক্ৰোধত অতিশয় জ্বলি উঠিল। পুত্ৰক ক্ষুব্ধ হোৱা দেখি উদ্দালকে তেওঁক সম্বোধন কৰি ক’লে, ‘খং নকৰিবা হে পুত্ৰ! প্ৰাচীন কালৰ পৰাই এই প্ৰথা অনুমোদিত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Paul Thomas (1960). Kama Kalpa, or The Hindu Ritual of Love. D.B. Taraporevala. পৃষ্ঠা. 3. https://books.google.com/books?id=6FAiAQAAIAAJ. 
  2. "Does the Rig-Veda Mention Reincarnation or not? : Part 1 | Hindu Human Rights Worldwide". www.hinduhumanrights.info. 4 April 2013. https://www.hinduhumanrights.info/does-the-rig-veda-mention-reincarnation-or-not-part-1/। আহৰণ কৰা হৈছে: 23 April 2020.