সমললৈ যাওক

শ্বেতা ছালভে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বেতা ছালভে

২০১১ চনত ছালভে
জন্ম মুম্বাই
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ১৯৯৮–২০১৮
দাম্পত্যসঙ্গী হাৰ্মিট চেঠী (বি. ২০১২)

শ্বেতা ছালভে (ইংৰাজী: Shveta Salve) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু মডেল, যিয়ে নৃত্য ভিত্তিক ৰিয়েলিটি শ্ব’ ঝলক দিখলা যা ১-ৰ প্ৰথম ৰানাৰ-আপ হিচাপে পৰিচিতি লাভ কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

মুম্বাইৰ চেম্বুৰত দীপক আৰু হেমা ছালভেৰ ঘৰত শ্বেতা ছালভেৰ জন্ম হৈছিল। তেওঁৰ শৰ্ভিল নামৰ এজন ভাতৃ আছে। তেওঁ চেম্বুৰৰ লোৰেটো কনভেণ্ট স্কুলত পঢ়া-শুনা কৰিছিল আৰু মুম্বাইৰ চফিয়া কলেজৰপৰা স্নাতক (বিএ) ডিগ্ৰী লাভ কৰিছিল।[2] তেওঁ স্কুলীয়া নাট আৰু নৃত্য প্ৰদৰ্শনত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। মহাবিদ্যালয়ৰ উৎসৱত ছালভেৱে 'মিছ কেলাইডোস্কোপ' খিতাপ জয় কৰিছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]
২০০৭ চনত ছালভে

ছালভে ১৯৯৮ আৰু ২০০১ চনত জি টিভিত সম্প্ৰচাৰিত ধাৰাবাহিক হিপ হিপ হুৰ্ৰেৰ এগৰাকী অন্যতম মুখ্য অভিনেত্ৰী আছিল। তেওঁ লিপষ্টিক আৰু চৰকাৰৰ দৰে ধাৰাবাহিকত অভিনয় কৰিছিল যদিও ছাব টিভিত সম্প্ৰচাৰিত লেফট ৰাইট লেফট ধাৰাবাহিকত ডা° ৰিতু মিশ্ৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰে। ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত ছবি প্যাৰ মে কভি কভিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। এই ছবিখনৰ জৰিয়তে ৰিংকী খান্না, সঞ্জয় চুৰী, ডিনো মৰিয়া আৰু আকাশদীপ চাইগলৰ দৰে বহুতো অভিনেতা-অভিনেত্ৰীয়েও অভিষেক ঘটাইছিল, যদিও ছবিখন বক্স অফিচত বিশেষ সফল হোৱা নাছিল। পৰৱৰ্তী সময়ত তেওঁ কিটি পাৰ্টি, চৰকাৰ, কহি কিছি ৰোজ আৰু জছী জয়চি কই নেহীৰ দৰে ধাৰাবাহিকত এটা চুটি চৰিত্ৰত অভিনয় কৰিছিল।

তেওঁ জনপ্ৰিয় নৃত্য অনুষ্ঠান ঝলক দিখলা যাৰ প্ৰথম ছিজনত (২০০৬) অংশগ্ৰহণ কৰিছিল।[3] তেওঁ কৰিঅ'গ্ৰাফাৰ লংগিনাছ ফাৰ্নাণ্ডেজৰ সৈতে যুটী বান্ধিছিল আৰু প্ৰতিযোগিতাখনত ৰানাৰ-আপ হৈছিল। ২০০৭ চনত তেওঁ ক্ৰীড়া ভিত্তিক ৰিয়েলিটি ধাৰাবাহিক ক্ৰিকেট ষ্টাৰৰ উপস্থাপিকা হিচাপে কাম কৰে।[4] ২০০৮ চনৰ এপ্ৰিল মাহত তেওঁ মেক্সিম ইণ্ডিয়া আলোচনীৰ বেটুপাতত স্থান লাভ কৰিছিল।

তেওঁ ভাৰতীয় টেলিভিছনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ফিয়েৰ ফেক্টৰৰ ভাৰতীয় সংস্কৰণ খতৰো কে খিলাড়ীৰ দ্বিতীয় ছিজনত এগৰাকী প্ৰতিযোগী হিচাপে অংশ লৈছিল।[5][6]

ইয়াৰ উপৰি তেওঁ ২০১১ চনৰ ছবি দিল তো বাচ্চা হ্যায় জী আৰু একে বৰ্ষতে মুক্তি পোৱা ছবি লংকাত এটা 'আইটেম ছং'ত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১২ চনৰ ২৪ এপ্ৰিলত তেওঁ দীৰ্ঘদিনীয়া প্ৰেমিক হাৰ্মিট চেঠীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৬ চনত তেওঁলোকৰ এজনী কন্যা সন্তান জন্ম হয়।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]