সমললৈ যাওক

শ্বেননং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বেননং
দ্বিতীয় খ্ৰীষ্টাব্দৰ মধ্যভাগত, শ্বেননং সম্ৰাটক শানডং প্ৰদেশৰ জিয়াশিয়াং জিলাৰ উ পৰিবাৰৰ মন্দিৰত প্ৰতিমূৰ্তি ৰূপে দৰ্শন কৰা হৈছে।
ৰাজত্ব 120 years[1]
উত্তৰাধিকাৰী লিঙ্কুই
সন্তান
লিঙ্কুই
মাতৃ নুডেং
পিতৃ শাওডিয়ান
সম্ৰাট শ্বেননং
শেননংৰ প্ৰতিচ্ছবি, ১৮শ শতিকাত শু জেটিয়ানৰ দ্বাৰা অঙ্কিত
চীনা নাম
পৰম্পৰাগত চীনা লিপি 神農
সৰলীকৃত চীনা লিপি 神农
আক্ষৰিক অৰ্থ "ঐশ্বৰিক খেতিয়ক/কৃষিৰ দেৱতা "
Vietnamese name
Quốc ngữ Thần Nông
Korean name
Hangul 신농
Hanja 神農
Japanese name
Kanji 神農

শ্বেননং (ইংৰাজী: Shennong), যাক বিভিন্ন ধৰণে "ঐশ্বৰিক খেতিয়ক" বা "ঐশ্বৰিক কৃষক" বুলি অনুবাদ কৰা হয়, তেওঁৰ প্ৰকৃত নাম আছিল জিয়াং শিনিয়ান। তেওঁ চীনা পৌৰাণিক কাহিনীৰ এজন কাল্পনিক সম্ৰাট আছিল, যাক "য়ান সম্ৰাট" বুলিও জনা যায় আৰু তেওঁ চীনা লোক-ধৰ্মৰ এজন দেৱতা। চীন দেশত তেওঁক এজন সাংস্কৃতিক নায়ক হিচাপে শ্ৰদ্ধা কৰা হয়।[2]

প্ৰাগঐতিহাসিক চীনৰ প্ৰাচীন দেৱতা বা দেৱত্ব আৰোপিত ৰজাসকলৰ এটা গোট, যাক "তিনিজন সাৰ্বভৌম আৰু পাঁচজন সম্ৰাট" (তিনিজন ৰজা বা তিনিজন পৃষ্ঠপোষক বুলিও জনা যায়) বুলি কোৱা হয়, শ্বেননঙক কেতিয়াবা তাৰে এজন হিচাপে গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে শ্বেননঙে প্ৰাচীন চীনা লোকসকলক কেৱল কৃষি কাৰ্যই শিকোৱা নাছিল, বৰঞ্চ বনৌষধি ঔষধৰ ব্যৱহাৰো শিকাইছিল।[3]

শ্বেননঙক বিভিন্ন আৱিষ্কাৰৰ কৃতিত্ব দিয়া হয়, যাৰ ভিতৰত আছে:

  • কৃষি সঁজুলি: কোৰ, কুঠাৰ আৰু নাঙল ('লেইচি' শৈলী আৰু নাঙলৰ ফাল দুয়োবিধ)।
  • কৃষি পদ্ধতি: কুঁৱা খন্দা, কৃষি জলসিঞ্চন আৰু উৰহ বা পোক-পৰুৱাৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ উতলুৱা ঘোঁৰাৰ প্ৰস্ৰাৱ ব্যৱহাৰ কৰি সংৰক্ষিত বীজ দীৰ্ঘদিন ধৰি ৰখাৰ পদ্ধতি।
  • অৰ্থনীতি আৰু বাণিজ্য: ব্যৱসায়, বাণিজ্য, মুদ্ৰা আৰু সাপ্তাহিক কৃষক বজাৰৰ সূচনা কৰা।
  • পঞ্জিকা: চীনা পঞ্জিকাৰ বিশেষকৈ ২৪ টা সৌৰ পৰ্যায় বা ঋতু-বিভাজন ('জিয়েকি')।

ইয়াৰ উপৰিও, নাড়ী জোখাৰ জৰিয়তে ৰোগ নিৰ্ণয়ৰ উপকাৰিতা, একুপাংচাৰ, আৰু মক্সিবষ্টিয়ন (এক ধৰণৰ তাপ চিকিৎসা) চিকিৎসা পদ্ধতিৰ ধাৰণাটোক অধিক উন্নত কৰাৰ কৃতিত্বও তেওঁক দিয়া হয়। তেওঁ শস্য চপোৱাৰ পিছত কৃতজ্ঞতা জ্ঞাপন কৰাৰ উৎসৱ বা ধৰ্মীয় অনুষ্ঠান (যাক 'ঝাজি' বা 'লাজি' বলিদান প্ৰথা বুলি জনা যায়) প্ৰৱৰ্তন কৰিছিল।[5]


"শ্বেননং" শব্দটোৱে তেওঁৰ জনগোষ্ঠী বা বংশটোকো বুজাব পাৰে, যাক 'শ্বেননং-চি' (শ্বেননং বংশ) বুলি কোৱা হয়।[6]

পৌৰাণিক কাহিনী

[সম্পাদনা কৰক]

পৌৰাণিক বিশ্বাস অনুসৰি, শ্বেননঙৰ মাতৃয়ে এটা ড্ৰেগনৰ ভাপ বা নিশাহ গিলি পেলাইছিল আৰু ইয়াৰ ৯ দিনৰ পিছত জিয়াং নদীৰ পাৰত তেওঁৰ পুত্ৰৰ জন্ম হৈছিল। তেওঁৰ মূৰটো এটা বলধ গৰুৰ দৰে আৰু শৰীৰটো মানুহৰ দৰে আছিল। তেওঁ অতি খৰটকীয়াকৈ ডাঙৰ-দীঘল হৈছিল আৰু জন্মৰ তিনি দিনৰ পিছতেই কথা ক’বলৈ আৰম্ভ কৰিছিল। অৱশেষত তেওঁ আঠ ফুটতকৈও অধিক ওখ হৈ উঠিছিল।[7]

চীনা পৌৰাণিক কাহিনী অনুসৰি, তেওঁ এজন তাওবাদী গুৰুৰ পৰা বনৌষধিৰ এখন অলৌকিক কিতাপ লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ সমগ্ৰ চীন দেশ ভ্ৰমণ কৰি ৩৬৫ বিধ ঔষধি গছ-লতা আৰু ভেঁকুৰ তালিকাভুক্ত কৰে, যিবোৰ পৰম্পৰাগত চীনা চিকিৎসা পদ্ধতিৰ বাবে অপৰিহাৰ্য অংগ হৈ পৰিছিল। শ্বেননঙে মানুহক নাঙলৰ ব্যৱহাৰ, মৌলিক কৃষি কাৰ্য আৰু কানি বা ভাং ৰ ব্যৱহাৰো শিকাইছিল। 'য়ান সম্ৰাট' ৰ আখ্যান বা 'দাহ-আৰু-কটা' (জুম খেতিৰ দৰে) কৃষি পদ্ধতিৰ প্ৰভাৱৰ বাবে শ্বেননঙক 'প্ৰচণ্ড বতাহৰ দেৱতা' বুলিও গণ্য কৰা হৈছিল। তেওঁক কেতিয়াবা 'চিয়ৌ' নামৰ পৌৰাণিক চৰিত্ৰটোৰ পূৰ্বপুৰুষ বুলি কোৱা হয়, বা চিয়ৌ তেওঁৰ এজন মন্ত্ৰী আছিল বুলি ধৰা হয় (আৰু তেওঁৰ দৰেই চিয়ৌৰো মূৰটো বলধৰ দৰে, জোংগা শিং থকা, ব্ৰঞ্জৰ কপাল আৰু লোৰ লাওখোলাযুক্ত আছিল)।[9][10]

শ্বেননঙক "হালধীয়া সম্ৰাট"ৰ পিতৃ বুলিও গণ্য কৰা হয়, যিয়ে পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞান, অমৰত্ব আৰু সোণ উৎপাদনৰ গোপন ৰহস্যসমূহ আগবঢ়াই লৈ গৈছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ ঐতিহাসিক গ্ৰন্থ "শিজি"ৰ ওপৰত অষ্টম শতিকাৰ বুৰঞ্জীবিদ চিমা জেনৰ ভাষ্য অনুসৰি, শ্বেননং হৈছে হালধীয়া সম্ৰাটৰ এজন তেজৰ সম্পৰ্কীয় আত্মীয় আৰু তেওঁক চীনা লোকসকলৰ প্ৰাচীন পুৰ্বপুৰুষ বা পিতৃপুৰুষ বুলি কোৱা হয়।[12]

ঝৌ ৰাজবংশৰ পিছত, একাংশ প্ৰাচীন চীনা ইতিহাসবিদ আৰু ধৰ্মীয় সাধকে শ্বেননঙক সেই যুগৰে এক কাল্পনিক জ্ঞানী ৰজা 'হৌ জি'ৰ দেৱত্ব আৰোপিত ৰূপ বুলি বিশ্বাস কৰিছিল, যাৰ বংশধৰসকলে পৰৱৰ্তী সময়ত ঝৌ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল।[13][14]

এই মতবাদৰ বিপৰীতে, চীনা দৰ্শনৰ 'শতাধিক মতবাদৰ যুগ'ত শ্বেননঙক এজন দেৱতাৰ পৰিৱৰ্তে এজন সাংস্কৃতিক নায়ক হিচাপেহে গণ্য কৰা হৈছিল। কিন্তু তাত বৰ্ণনা কৰা হৈছে যে তেওঁৰ এক অতিপ্ৰাকৃতিক পাচনতন্ত্ৰ আছিল। সেই যুগত উপলব্ধ প্ৰতিটো উদ্ভিদৰ একোখনকৈ নমুনা তেওঁ নিজে খাই পৰীক্ষা কৰিছিল যাতে মানুহে কোনবোৰ খাব পাৰে সেইটো বিচাৰি উলিয়াব পৰা যায়। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত, যেতিয়া চীনা ৰাজ্যসমূহৰ মাজত তীব্ৰ ৰাজনৈতিক সংকট, সাম্ৰাজ্য বিস্তাৰ আৰু যুদ্ধ চলি আছিল, তেতিয়া শ্বেননঙক কেন্দ্ৰ কৰি নতুন আখ্যান গঢ়ি উঠিছিল। তাত তেওঁক এজন আদৰ্শ প্ৰাগঐতিহাসিক শাসক হিচাপে দেখুওৱা হৈছিল যিয়ে শ্ৰমিক আৰু খেতিয়কসকলক সৰ্বাধিক মূল্য দিছিল আৰু "কোনো মন্ত্ৰী, আইন বা শাস্তি অবিহনেই শাসন কৰিছিল।"[15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Tongzhi, Volume 1". https://ctext.org/wiki.pl?if=gb&chapter=59773.
  2. ↑ name=":122">Ivanhoe, Philip J.; Van Norden, Bryan W. (2005). Readings in Classical Chinese Philosophy (2nd সম্পাদনা). প্ৰকাশক Indianapolis: Hackett Publishing Company. পৃষ্ঠা. 381. ISBN 0-87220-781-1. OCLC 60826646. https://archive.org/details/readingsinclassi0000unse_k0q4.
  3. ↑ "Traditional Chinese medicine (TCM) Description, History, & Facts Britannica" (en ভাষাত). www.britannica.com. 2025-08-02. https://www.britannica.com/science/traditional-Chinese-medicine। আহৰণ কৰা হৈছে: 2025-08-21.
  4. ↑ Yang, An & Turner 2005, পৃষ্ঠা. 190-199.
  5. ↑ [4]
  6. ↑ 神農氏; Shénnóngshì; 'Shennong Clan'
  7. ↑ Wong, Eva (2007). Tales of the dancing dragon: stories of the Tao (1st Shambhala সম্পাদনা). প্ৰকাশক Boston London: Shambhala. পৃষ্ঠা. 17. ISBN 978-1-59030-523-2. https://archive.org/details/talesofdancingdr0000wong.
  8. ↑ Christie 1975, পৃষ্ঠা. 90.
  9. ↑ [8]
  10. ↑ Wong, Eva (2007). Tales of the dancing dragon: stories of the Tao (1st সম্পাদনা). প্ৰকাশক Boston : [New York]: Shambhala ; Distributed in the United States by Random House. ISBN 978-1-59030-523-2. OCLC 123284916. https://www.worldcat.org/title/123284916.
  11. ↑ Christie 1975, পৃষ্ঠা. 116-117.
  12. ↑ [11]
  13. ↑ name=":0">Asim, Ina (2007). "Keynotes 2". University of Oregon. https://pages.uoregon.edu/inaasim/Hist%20410/Hist%20410%20Keynotes2.htm। আহৰণ কৰা হৈছে: 2023-07-18.
  14. ↑ name=":42">Scarpari, Maurizio (2006). Ancient China: Chinese Civilization from the Origins to the Tang Dynasty. প্ৰকাশক New York: Barnes & Noble. পৃষ্ঠা. 28. ISBN 978-0-7607-8379-5. https://archive.org/details/ancientchinachin0000maur.
  15. ↑ name=":1">Armstrong, Karen (2005). A Short History of Myth (First American সম্পাদনা). প্ৰকাশক Broadway, New York: Canongate Books. পৃষ্ঠা. 90–91. ISBN 9781841957166. https://archive.org/details/shorthistoryofmy00kare.