শ্বেৰ শ্বাহ ছুৰী মছজিদ
| শ্বেৰ শ্বাহ ছুৰী মছজিদ | |
|---|---|
| সাধাৰণ তথ্য | |
| স্থান | পাটনা |
| ভৌগোলিক স্থানাংক | 25°36′40″N 85°08′38″E / 25.611°N 85.144°Eস্থানাংক: 25°36′40″N 85°08′38″E / 25.611°N 85.144°E |
| ধৰ্মীয় আনুগত্য | ছুন্নী ইছলাম |
| অঞ্চল | মগধ |
| ৰাজ্য | ভাৰত |
| বিভাগ | বিহাৰ |
| জিলা | পাটনা জিলা |
| পৌৰসভা | পাটনা পৌৰ নিগম |
| Ecclesiastical or organizational status | ইছলাম |
| স্থাপত্য সম্পৰ্কীয় বৰ্ণনা | |
| স্থাপত্য প্ৰকাৰ | মধ্যযুগ মছজিদ |
| স্থাপত্য শৈলী | আফগান স্থাপত্য |
| সম্পূৰ্ণ | ১৫৪৫ |
| নিৰ্দিষ্টকৰণ | |
| গম্বুজ | ৫ |
| নিৰ্মাণ সামগ্ৰী | শিল |
ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী চহৰ পাটনাৰ এটা মছজিদ শ্বেৰ শ্বাহ ছুৰী মছজিদ, যাক শ্বেৰশ্বাহী মছজিদ বুলিও কোৱা হয়। ই আফগান শৈলীৰ স্থাপত্যৰ এক উদাহৰণ।[1] শ্বেৰ শ্বাহ ছুৰীয়ে ১৫৪০–১৫৪৫ চনত তেওঁৰ ৰাজত্বকালৰ স্মৃতিত এই মছজিদটো নিৰ্মাণ কৰিছিল। ই ধৱলপুৰাৰ ওচৰৰ পূৰব দৰৱাজাৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত।[2]
ইতিহাস
[সম্পাদনা কৰক]১৫৪০ চনত শ্বেৰ শ্বাহ ছুৰীৰ ৰাজত্বকালত এই মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হয় আৰু ১৫৪৫ চনত এই মছজিদ নিৰ্মাণ সম্পূৰ্ণ হয়।
স্থাপত্য
[সম্পাদনা কৰক]আফগান স্থাপত্য শৈলীত নিৰ্মিত এই মছজিদ ভাৰতৰ বহুতো ঐতিহাসিক মছজিদৰ ভিতৰত অন্যতম আৰু পাটনাৰ এক কীৰ্তিচিহ্ন। মছজিদৰ কমপ্লেক্সৰ ভিতৰত এটা সমাধি আছে যিটো অষ্টভুজ শিলৰ ফলকেৰে আবৃত। কিন্তু শ্বেৰ শ্বাহ ছুৰী মছজিদৰ তাৰকা আকৰ্ষণ হ’ল ইয়াৰ কেন্দ্ৰীয় গম্বুজ যিটো চালৰ মাজত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে চাৰিটা সৰু গম্বুজ। এই ডিজাইনৰ অনন্য অংশটো হ'ল যে যদি আপুনি যিকোনো কোণৰ পৰা চায় তেন্তে ইয়াত মাত্ৰ তিনিটা গম্বুজহে দেখা যায়।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ http://www.splendidindia.com/destinations/bihar/traveling-to-shershahsurimasjidpatna.html [সংযোগবিহীন উৎস]
- ↑ 2.0 2.1 "Sershasurikimasjid". Archived from the original on 10 April 2009. https://web.archive.org/web/20090410055512/http://patna.bih.nic.in/html/sssmasjid.htm। আহৰণ কৰা হৈছে: 2008-09-19.