সমললৈ যাওক

শ্বে ফকছুণ্ডো ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বে ফকছুণ্ডো ৰাষ্ট্ৰীয় উদ্যান
शे-फोकसुण्डो राष्ट्रिय निकुञ्ज
ফকছুণ্ডো হ্ৰদ
ফকছুণ্ডো হ্ৰদ
অৱস্থান নেপাল
মাটিকালি 3,555 বৰ্গ কি.মি. (3.555×109 বৰ্গ মিটাৰ)
প্ৰতিস্থা 1984
কৰ্তৃপক্ষ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ

শ্বে ফকছুণ্ডো ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Shey Phoksundo National Park) নেপালৰ আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ ট্ৰেন্স-হিমালয় বা তিব্বতীয় হিমালয়ৰ ৰাষ্ট্ৰীয় উদ্যান। ১৯৮৪ চনত প্ৰতিষ্ঠা হোৱা এই ৰাষ্ট্ৰীয় উদ্যানখন নেপালৰ মধ্য পশ্চিম অঞ্চলৰ দোলপা আৰু মুগু জিলাৰ ৩,৫৫৫ বৰ্গ কিলোমিটাৰ (১,৩৭৩ বৰ্গমাইল) অঞ্চলজুৰি বিস্তৃত। এই সংৰক্ষিত অঞ্চলটি‍ ২,১৩০ৰপৰা ৬,৮৮৫ মিটাৰ (৬,৯৮৮ৰপৰা ২২,৫৮৯ ফুট) উচ্চতালৈকে বিস্তৃত।[1][2] ফকছুণ্ডো হ্ৰদ হৈছে উদ্যানখনৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, ই ৩,৬১২ মিটাৰ (১১,৮৫০ ফুট) উচ্চতাত অৱস্থিত।[1]

উদ্যানখনৰ মুখ্য কাৰ্যালয় দোলপা জিলাৰ পালামত অৱস্থিত।

উদ্যানখনৰ উচ্চতা আংখেৰ ওচৰৰ দক্ষিণ-পূব দিশত ২,১৩০ মিটাৰ (৬,৯৯০ ফুট)ৰপৰা তিব্বতী মালভূমিৰ দক্ষিণ প্ৰান্তত থকা কাঞ্জিৰোবা হিমালৰ শিখৰৰ ৬,৮৮৩ মিটাৰ (২২,৫৮২ ফুট)লৈকে বিস্তৃত। চুলিগাড নদীৰ ওপৰৰ অংশত ৩,৬৬০ মিটাৰ (১২,০১০ ফুট) উচ্চতাত থকা ফকছুণ্ডো হ্ৰদটো হিমবাহেৰে আগুৰি আছে আৰু ই নীল আৰু সেউজীয়া মিশ্ৰণেৰে সৃষ্ট একটি শান্ত, সতেজ আৰু প্ৰাণৱন্ত ৰঙৰ বাবে জনাজাত।[1]

ফকছুণ্ডো হ্ৰদৰ জলপৃষ্ঠ ৪৯৪ হেক্টৰ (১২২০ একৰ), আৰু ২০০৭ চনৰ ছেপ্টেম্বৰ মাহত ইয়াক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়।[3] ইকো-ছাউণ্ডিং প্ৰযুক্তি ব্যৱহাৰ কৰি জোখা এই হ্ৰদটোৰ গভীৰতা ১৪৫ মিটাৰ (৪৭৬ ফুট) পৰ্যন্ত পোৱা গৈছে৷[4]

উদ্যানখনৰ উত্তৰ-পূবত অৱস্থিত উচ্চ ডলপো মালভূমিৰ পানী নিষ্কাশন কৰে লাংগু নদীয়ে। চুলিগাড আৰু জুগদুয়াল নদীয়ে দক্ষিণৰ জলাশয় গঠন কৰে আৰু দক্ষিণলৈ বৈ গৈ থুলি ভেৰী নদীৰে‍ বৈ যায়।[5]

প্ৰাণীজগত

[সম্পাদনা কৰক]

বিশ্ব বন্যপ্ৰাণী পুঁজিৰ (WWF) সহযোগত ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগে ২০১৯ চনৰপৰা ২০২২ চনলৈকে কৰা এই অধ্যয়নৰ সময়ত প্ৰতি ১০০ বৰ্গ কিলোমিটাৰত ২.২১ ঘনত্বত ৯০টা তুষাৰ নাহৰফুটুকী পোৱা গৈছিল।[6] উদ্যানখনত পোৱা আন বিলুপ্তপ্ৰায় প্ৰজাতিসমূহৰ ভিতৰত ধূসৰ কুকুৰনেচীয়া বাঘ, কস্তুৰীমৃগ, ভৰাল, গোৰাল, অৰ্গালী, হিমালয়ৰ থৰ, নাহৰফুটুকী আৰু হিমালয়ৰ ক’লা ভালুক আদি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Bhuju, U. R.; Shakya, P. R.; Basnet, T. B.; Shrestha, S. (2007). Nepal Biodiversity Resource Book. Protected Areas, Ramsar Sites, and World Heritage Sites. প্ৰকাশক Kathmandu: International Centre for Integrated Mountain Development, Ministry of Environment, Science and Technology, in cooperation with United Nations Environment Programme, Regional Office for Asia and the Pacific. ISBN 978-92-9115-033-5. http://lib.icimod.org/record/7560/files/Nepal%20Biodiversity%20Resource%20Book.pdf.
  2. GoN/MoFSC /2014). Nepal Biodiversity Strategy and Action Plan 2014-2020. Government of Nepal, Ministry of Forests and Soil Conservation, Kathmandu, Nepal
  3. Bhandari, B. B. (2009). "Wise use of wetlands in Nepal". Banko Janakari খণ্ড 19 (3): 10–17.
  4. Anonymous (2004). Rara is Nepal's deepest lake: Survey. Nepalnews.com
  5. Majupuria, T. C.; Kumar, R. (1998). Wildlife, National Parks and Reserves of Nepal. প্ৰকাশক Bangkok: S. Devi, Saharanpur and Tecpress Books. ISBN 974-89833-5-8.
  6. "Ninety endangered snow leopards recorded in Shey-Phoksundo National Park". Kathmandu Post. https://kathmandupost.com/national/2024/04/14/ninety-endangered-snow-leopards-recorded-in-shey-phoksundo-national-park আহৰণ কৰা হৈছে: 2024-04-14.