সমললৈ যাওক

শ্বোজা আজাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বোজা আজাৰী
ক'লা জেকেট পিন্ধি হাতত মাইক্ৰ'ফোন লৈ কথা পাতি থকা শ্বোজা আজাৰীৰ ক্ল'জ-আপ ছবি
২০০৯ চনত আজাৰী
স্থানীয় নাম شجاع آذری
জন্ম ১৮ ছেপ্টেম্বৰ, ১৯৫৭ (৬৮ বছৰ)
চিৰাজ, ইৰান
পেচা দৃশ্যকলা শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ

শ্বোজা আজাৰী (ফাৰ্চী :شجاع آذری) হৈছে নিউয়ৰ্ক চহৰত বসবাস কৰা ইৰানত জন্মগ্ৰহণ কৰা এজন দৃশ্যকলা শিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতা।[1] তেওঁ মূলতঃ তেওঁৰ চলচ্চিত্ৰ আৰু মাল্টিমিডিয়া ইনষ্টলেশ্যনসমূহৰ বাবে জনাজাত।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

আজাৰীৰ জন্ম ইৰানৰ চিৰাজত হৈছিল।[2] তেওঁ ১৯৭০-ৰ দশকত নিউয়ৰ্কত এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে প্ৰশিক্ষণ লৈছিল। ইয়াৰ পিছত ১৯৭৯ চনত ইৰানী বিপ্লৱৰ সময়ত তেওঁ ইৰানলৈ উভতি আহে।[3] পৰৱৰ্তী সময়ত তেওঁ স্থায়ীভাৱে আমেৰিকালৈ ঘূৰি যায়। ১৯৯৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে শিল্পী চিৰিন নেশ্বাটক লগ পায়, যেতিয়া চিৰিনে তেওঁৰ প্ৰথম ভিডিঅ' টাৰ্বুলেণ্ট নিৰ্মাণৰ বাবে এটা দল গঠন কৰি আছিল। ইয়াৰ পিছতে আজাৰী আৰু নেশ্বাট শৈল্পিক আৰু বৈবাহিক সংগী হৈ পৰে।[4] বৰ্তমান তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটিছে। আজাৰীৰজনী বি. আজাৰী নামেৰে এজন পুত্ৰ সন্তান আছে, যি এগৰাকী সংগীতজ্ঞ।

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

আজাৰী মূলতঃ ৱমেন উইদাউট মেন (২০০৯), উইণ্ড’জ (২০০৬) আৰু কে (২০০২) আদি চলচ্চিত্ৰৰ বাবে জনাজাত। এই ছবিকেইখন ক্ৰমে ফ্ৰাঞ্জ কাফকাৰ তিনিটা চুটি গল্প—দ্য মেৰীড কাপল, ইন দ্য পেনেল কলনী আৰু এ ফ্ৰেট্ৰিছাইড-ৰ ওপৰত আধাৰিত আছিল। তেওঁ চিৰিন নেশ্বাটৰ সৈতে যুটীয়াভাৱে লেণ্ড অৱ ড্ৰিমছ (২০২১) চলচ্চিত্ৰখন পৰিচালনা কৰিছিল, যিখন ছবিয়ে ভাৰতৰ ৫২ তম আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত সন্মানীয় গোল্ডেন পিকক (সোণৰ মৰাপক্ষী) বঁটা বুটলিৱলৈ সক্ষম হৈছিল।[5]

মাল্টিমিডিয়া ইনষ্টলেশ্যন আৰু কলা

[সম্পাদনা কৰক]

দ্য নিউয়ৰ্ক টাইমছৰ কেৰল কিনোৰ মতে, আজাৰীৰ "মাল্টিমিডিয়া ইনষ্টলেশ্যনসমূহ সমগ্ৰ বিশ্বৰ বিভিন্ন গেলাৰী আৰু সংগ্ৰহালয়ত ক্ৰমান্বয়ে প্ৰদৰ্শিত হৈ আহিছে।" ২০১০ চনত নিউয়ৰ্কৰ লেইলা তাঘিনিয়া-মিলানি হেলাৰ গেলাৰীত তেওঁৰ প্ৰথম একক প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। তেওঁৰ ভিডিঅ' ইনষ্টলেশ্যন কাৰ্য আইডিলিক লাইফ (২০১২) লছ এঞ্জেলছ কাউণ্টি মিউজিয়াম অৱ আৰ্টত অনুষ্ঠিত হোৱা ইন দ্য ফিল্ডছ অৱ এম্পটি ডে'জ: দ্য ইণ্টাৰচেকশ্বন অৱ পাষ্ট এণ্ড প্ৰেজেণ্ট ইন ইৰানিয়ান আৰ্ট (২০১৮) প্ৰদৰ্শনীৰ এটা অংশ আছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ফেক: শ্বোজা আজাৰীৰদ্বাৰা আইডিলিক লাইফ - পৰ্যালোচনা https://www.theguardian.com/world/iran-blog/2013/dec/09/fake-idyllic-life-shoja-azari-review
  2. অদম্য কলা: ইৰানৰ শিল্পী শ্বোজা আজাৰীৰ সৈতে এটা সাক্ষাৎকাৰ https://www.persianesquemagazine.com/2011/01/24/undaunted-art-interview-with-iranian-artist-shoja-azari/
  3. মধ্য প্ৰাচ্যৰ দৃষ্টিভংগীক অন্বেষণ কৰিবলৈ শিল্পীয়ে ইউটিউব আৰু ১৯ শতিকাৰ প্ৰাচ্যবাদী চিত্ৰকলা ব্যৱহাৰ কৰিছে https://huffpost.com
  4. শ্বোজা আজাৰীয়ে ইছলামিক ইতিহাসত নতুন মুখ তুলি ধৰিছে https://www.nytimes.com/2010/05/23/arts/design/23azari.html
  5. আইএফএফআই-ৰ আন্তৰ্জাতিক প্ৰতিযোগিতা শাখাত তিনিখন ভাৰতীয় চলচ্চিত্ৰ https://deccanherald.com
  6. সমীক্ষা: কলাই আমাক ইৰান বুজাত সহায় কৰিব পাৰেনে? https://www.washingtonpost.com/entertainment/museums/a-chance-to-get-to-know-iran-through-its-dazzling-art-is-fluffed/2018/06/15/3f5c801e-6b4d-11e8-9e38-24e693b38637_story.html

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]