শ্বৰীফাখাতুন চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

শ্বৰীফাখাতুন চৌধুৰী হৈছে এগৰাকী অসমীয়া কবি। ডুমডুমাৰ নিকটৱৰ্তী ৰূপাইত তেখেতৰ জন্ম হৈছিল ৬০ৰ দশকৰ মাজভাগত। তেখেতৰ পিতৃ মৰহুম আব্দুল হক চৌধুৰী আছিল এগৰাকী সংস্কৃতিপ্ৰাণ ব্যক্তি। তেখেতৰ মাতৃ ফানোৱাৰা বেগমেও কবিতা চৰ্চা কৰিছিল।

শিক্ষা আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

ডুমডুমা মহাবিদ্যালয়ৰ পৰা ১৯৭৩ চনত অসমীয়া বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত শ্বৰীফাখাতুন চৌধুৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে অসমীয়া ভাষা (১৯৭৬) আৰু সাহিত্যত (১৯৭৯) স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৭৭ চনত ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী হিচাপে যোগ দিছিল। পৰৱৰ্তীকালত তেখেতে বিদ্যালয়খনৰ অধ্যক্ষা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

কৰ্মৰাজী[সম্পাদনা কৰক]

অসমীয়া কাব্যজগতত শ্বৰীফা খাতুন চৌধুৰীৰ আত্মপ্ৰকাশ ঘটিছিল ঘাইকৈ আশীৰ দশকৰ আৰম্ভণীৰ কালছোৱাত। সেই সময়ছোৱাত লিখা তেখেতৰ অন্যতম উল্লেখযোগ্য কবিতা আছিল- 'অমৃতৰ দৰে মানুহ হোৱা তুমি'। শ্বৰীফা খাতুন চৌধুৰীৰ কবিতা বিগত তিনিটা দশকত আমাৰ প্ৰতিনিধি, প্ৰান্তিক, প্ৰকাশ,গৰীয়সী, সাতসৰী,শ্ৰীময়ী,সাদিন, অগ্ৰদূত, অসমবাণী,আদি প্ৰায় সকলোবোৰ আগশাৰীৰ আলোচনী আৰু বাতৰি-কাকততে প্ৰকাশ পাইছে। কবিৰ প্ৰথমখন কবিতাপুথি আছিল ১৯৯৮ চনত যুটীয়া ভাৱে প্ৰকাশিত 'জুমুঠি'। দ্বিতীয়খন কবিতাপুথি 'গুণগুণাই উঠিছে ৰাগ তুড়ীৰ দৰে' প্ৰকাশ পাইছিল ২০০৬ চনত আৰু তৃতীয়খন কবিতা পুথি আছিল ২০১৫ চনত প্ৰকাশিত 'ক'লা গোলাপৰ বাগিচা'। উল্লেখযোগ্য যে এই দুয়োখন কবিতাপুথিত সন্নিৱিষ্ট বেছিভাগ কবিতাই ৯০ৰ দশকৰ পৰা ২০১৪ চনৰ সময়ছোৱাত ৰচিত। ৮০ৰ দশকৰ কবিতাসমূহৰ বেছিভাগেই কবিতাপুথি দুখনত সন্নিৱিষ্ট হোৱা নাই। কবিতা ৰচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা কবি শ্বৰীফা খাতুন চৌধুৰীক ২০১৮ চনত নতুন দিল্লীত অনুষ্ঠিত South Asian Literature Festival লৈ আমন্ত্ৰণ জনোৱা হৈছিল-কবিতা পাঠ কৰিবলৈ। ইতিমধ্যে তেখেতৰ কেইবাটাও কবিতা ইংৰাজী ভাষালৈ অনুবাদো হৈছে।

বঁটা[সম্পাদনা কৰক]

ডিগবৈৰ মাধৱীলতা সাহিত্য ন্যাসৰ দ্বাৰা ২০১৭−১৮ বৰ্ষৰ 'মাধৱীলতা সাহিত্য বঁটা'ৰ বাবে কবি শ্বৰীফা খাতুন চৌধুৰীক নিৰ্বাচন কৰা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]