শ্যামকুমাৰী দেৱী
অৱয়ব
শ্যামকুমাৰী দেৱী | |
---|---|
ৰাজ্যসভা | |
কাৰ্যকাল ১৯৬৮ – ১৯৮০ | |
সমষ্টি | মধ্যপ্ৰদেশ |
লোকসভা | |
কাৰ্যকাল ১৯৬৩-১৯৬৭ | |
পূৰ্বসূৰী | কেশৰ কুমাৰী দেৱী |
উত্তৰসূৰী | লক্ষণ লাল গুপ্তা |
সমষ্টি | ৰায়পুৰ, মধ্যপ্ৰদেশ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৯১০ |
মৃত্যু | ১৯৮৪ |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
শ্যামকুমাৰী দেৱী (ইংৰাজী: Shyamkumari Devi) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাতো মধ্যপ্ৰদেশক প্ৰতিনিধিত্ব কৰি সংসদৰ সদস্য আছিল৷.[1][2][3] মধ্যপ্ৰদেশৰ ৰায়পুৰৰ পৰা তেওঁ ১৯৬৩ চনত লোকসভাৰ টিকট লাভ কৰে আৰু নিৰ্বাচনত জয়ী হৈ ১৯৬৭ চন পৰ্যন্ত সংসদৰ সদস্য পদত অধিস্থিত হৈ থাকে৷ তাৰ পৰৱৰ্তী বছৰত, অৰ্থাৎ ১৯৬৮ চনত তেওঁ মধ্যপ্ৰদেশৰ পৰাই ৰাজ্যসভাৰ বাবে নিৰ্বাচিত হয়৷ তেওঁ সুদীৰ্ঘ ১২ বছৰ, ১৯৬৮ চনৰ পৰা ১৯৮০ চনলৈকে ৰাজ্যসভাৰ সদস্য হৈ থাকে৷ ১৯৮৪ চনত তেওঁৰ মৃত্যু হয়৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003". Rajya Sabha. http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/s.pdf। আহৰণ কৰা হৈছে: 23 December 2017.
- ↑ Shanta Bhatt (1995). Women Parliamentarians of India. Shiva Publishers Distributors. পৃষ্ঠা. 115. ISBN 978-81-86026-14-4. https://books.google.com/books?id=0ysqAAAAYAAJ। আহৰণ কৰা হৈছে: 18 February 2018.
- ↑ India. Parliament. Lok Sabha (1966). Who's who. Lok Sabha.. পৃষ্ঠা. 37. https://books.google.com/books?id=6j8EAAAAMAAJ। আহৰণ কৰা হৈছে: 18 February 2018.