সমললৈ যাওক

শ্যাম কুমাৰী খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্যাম কুমাৰী নেহৰু
জন্ম শ্যাম কুমাৰী নেহৰু
২০ অক্টোবৰ, ১৯০৪
মৃত্যু ০৯ জুন, ১৯৮০ (৭৫ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা উকীল
ভাৰতৰ স্বাধীনতা সংগ্ৰামী
ৰাজ্যসভাৰ সাংসদ
সমাজকৰ্মী
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী আব্দুল জমিল খান
সন্তান
আত্মীয়-স্বজন জৱাহৰলাল নেহৰু
উমা নেহৰু (মাতৃ)
অৰুণ নেহৰু (ভতিজা)

শ্যাম কুমাৰী খান জন্ম: নেহৰু (ইংৰাজী: Shyam Kumari Khan ; ২০ অক্টোবৰ ১৯০৪ – ৯ জুন ১৯৮০) এগৰাকী ভাৰতীয় অধিবক্তা, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ১৯৬৩ চনৰ পৰা ১৯৬৮ চনলৈ তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

খানে এলাহাবাদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু ১৯২৪–২৮ চনত এলাহাবাদ বিশ্ববিদ্যালয় ছাত্ৰসংঘৰ সম্পাদিকা, উপ-সভানেত্ৰী আৰু সভানেত্ৰী হোৱা প্ৰথম মহিলা।[1] পেছাত এগৰাকী অধিবক্তা খানে ১৯৩২ চনত ব্ৰিটিছ সাম্ৰাজ্যক উফৰাই পেলোৱাৰ প্ৰচেষ্টা চলোৱাৰ বাবে কাৰাগাৰত বন্দী হৈ থকা লেখক আৰু স্বাধীনতা সংগ্ৰামী যশপালৰ বিচাৰৰ সময়ত তেওঁৰ পক্ষ লয়।[2][3][4] ১৯৩২ চনত তেওঁ খিলাফত আন্দোলন আৰু আইন অমান্য আন্দোলনত যোগদান কৰে আৰু কমলা নেহৰুৰ সৈতে মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ নেতৃত্ব দিয়ে। মাতৃ উমা নেহৰুৰ সৈতে লৱণ সত্যাগ্ৰহৰ সময়ত তেওঁ অন্যতম বিশিষ্ট মহিলা নেত্ৰী আছিল।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Nehru-Gandhi family tree on the Nehru Portal.
  2. Yashpal (2010). This is Not that Dawn. Penguin. পৃষ্ঠা. xii. ISBN 9780143103134. 
  3. Friend, Corinne (Fall 1977). "Yashpal: Fighter for Freedom – Writer for Justice". Journal of South Asian Literature খণ্ড 13 (1/4): 65–90. 
  4. Trivedi, Harish (2010). This is not that dawn. Penguin Books India. ISBN 9780143103134. 
  5. Tripathi, R. S.; Tiwari, R. P. (1999) (en ভাষাত). Perspectives on Indian Women. APH Publishing. ISBN 9788176480253. https://books.google.com/books?id=.