শ্যাম সুন্দৰ পালিৱাল
| শ্যাম সুন্দৰ পালিৱাল | |
|---|---|
| জন্ম | ০৯ জুলাই, ১৯৬৪ (৬১ বছৰ) পিপলান্ত্ৰী, ৰাজসমন্দ, ৰাজস্থান, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | সমাজ সেৱক |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | সমাজ সেৱাৰ বাবে পদ্মশ্ৰী |
শ্যাম সুন্দৰ পালিৱাল এজন সমাজ সেৱক, যি ভাৰতৰ ৰাজস্থানৰ ৰাজসমন্দ জিলাৰ পিপলান্ত্ৰী গাঁৱৰ বাসিন্দা। ২০২১ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক সমাজ সেৱাৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[1] তেওঁ "ইকো-নাৰীবাদৰ জনক" হিচাপে পৰিচিত।[2]
২০০৬ চনত ডিহাইড্ৰেচনৰ ফলত তেওঁৰ জীয়ৰীৰ মৃত্যু হৈছিল, কিয়নো পিপলান্ত্ৰী গাঁৱত পানীৰ নিম্নভূমি স্তৰ ৭০০ মিটাৰৰ তললৈ নামি গৈছিল।[3] সেই সময়ৰ পৰা তেওঁৰ প্ৰচেষ্টাত নতুন সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সেই সিদ্ধান্ত অনুসৰি যেতিয়া গাঁৱখনত এজনী ছোৱালীৰ জন্ম হয়, তেতিয়া ১১১জোপা গছপুলি ৰোপণ কৰা হয়।[4][5]
জীৱনী
[সম্পাদনা কৰক]শ্যাম সুন্দৰ পালিৱাল আছিল ৰাজস্থানৰ পিপলান্ত্ৰী গাঁৱৰ এজন আদৰ্শ ব্যক্তি। কেৱল ছয় বছৰ বয়সতে মাতৃক হেৰুওৱা পালিৱালে জীৱন-সংগ্ৰামৰ বাবে এসময়ত গাঁও এৰি অন্য ঠাইলৈ কাম কৰিবলৈ গৈছিল। কিন্তু পিছত বৃহৎ মাৰ্বল খনিয়ে বিধ্বস্ত কৰা নিজ গাঁৱলৈ উভতি আহি তেওঁ গাঁও আৰু গাঁওবাসীক উদ্ধাৰ কৰাৰ বাবে নিজকে উৎসৰ্গা কৰে।[6]
সমাজ সেৱা
[সম্পাদনা কৰক]২০০৫ চনত শ্যাম সুন্দৰ পালিৱাল পিপলান্ত্ৰী গাঁৱৰ মুখিয়াল হয়। তাৰ পিছতে তেওঁৰ কন্যা কিৰণৰ আকস্মিক মৃত্যু ঘটে। এই বেদনাৰ স্মৃতিত তেওঁ গছ ৰোপণ আৰম্ভ কৰে আৰু সেইটো "কিৰণ নিধি যোজনা" হিচাপে পৰিচিত হয়।[6]
কিৰণ নিধি যোজনা
[সম্পাদনা কৰক]এই আঁচনি অনুসৰি গাঁওবাসীয়ে প্ৰতিগৰাকী কন্যা সন্তান জন্মৰ লগে লগে ১১১টা গছ ৰোপণ কৰিবলৈ বাধ্য হয়।
এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱত ৪টা দায়িত্ব পালন বাধ্যতামূলক কৰা হয়:
- কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই আদৰ-যত্নৰে ডাঙৰ কৰা।
- পানী সংৰক্ষণৰ ব্যৱস্থা কৰা।
- গছ-গছনি ৰোপণ আৰু লালন-পালন কৰা।
- খেতি-বাতিৰ ওপৰত ভিত্তি কৰি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰা।
পানী সংৰক্ষণ আৰু পৰিৱেশ সংৰক্ষণ
[সম্পাদনা কৰক]গাঁৱত পানীৰ ভূগৰ্ভস্থ স্তৰ ইতিমধ্যে ৮০০ ফুট তললৈ গৈ আছিল। পালিৱালে পানী সংৰক্ষণৰ আঁচনি হাতত লৈ গাঁওবাসীক পানীৰ সংকটৰ পৰা উদ্ধাৰ কৰে। সংৰক্ষিত পানী আৰু ৰোপণ কৰা গছ-গছনিয়ে গাঁওখন সাৰুৱা কৰি তোলে।[6]
সমাজ-সচেতনতামূলক কাৰ্যাৱলী
[সম্পাদনা কৰক]পালিৱালে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে কেইটামান সামাজিক নিয়ম স্থাপন কৰে:
- কন্যা ভ্ৰুণ হত্যা নিষিদ্ধ কৰে।
- ছোৱালীক যেনেদৰে মৰম-চেনেহেৰে ডাঙৰ কৰা হয়, তেনেদৰে ১১১জোপা গছকো পালন কৰিব লাগিব।
- কোনোধৰণৰ বাল্যবিবাহ নহ’ব।
- প্ৰতিজন ছোৱালীৰ বাবে বেংকত ৩১,০০০ টকা জমা ৰাখিব লাগিব— যাৰ ভিতৰত ২১,০০০ টকা ৰাইজে আৰু ১০,০০০ টকা মাক-দেউতাকে দিব লাগিব।
- সেই টকা কেৱল ছোৱালীৰ শিক্ষাৰ আৰু বিবাহৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব পাৰিব।
- সকলো ঘৰতে অনাময় শৌচালয়ৰ ব্যৱস্থা কৰিব লাগিব।
তেওঁৰ নিৰ্দেশ অনুসৰি পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে ৰাখী বন্ধনৰ দিনা গছত ৰাখী বান্ধে। এইদৰে গছ আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠে বুলি তেওঁ ভাবে।[6]
প্ৰচাৰ আৰু স্বীকৃতি
[সম্পাদনা কৰক]পিপলান্ত্ৰী গাঁৱৰ এই ব্যতিক্ৰমী সাফল্য দেশ-বিদেশত প্ৰচাৰ পায়। এই গাঁৱৰ কাহিনীৰ ওপৰত ভিত্তি কৰি আৰ্জেণ্টিনাৰ এটা চলচ্চিত্ৰ নিৰ্মাণ দলে Tree Sisters নামৰ এখন চিনেমা নিৰ্মাণ কৰিছে।[6] ডেনমাৰ্কৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যপুথিত এই গাঁৱৰ বিষয়ে অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে।[6] ভাৰতৰ ৰাজস্থান ৰাজ্যৰ শিক্ষা বিভাগৰ সপ্তম আৰু অষ্টম শ্ৰেণীত এই বিষয়বস্তু সংযোজন কৰা হৈছে।[6] অসম শিক্ষা বিভাগৰ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিটো এই বিষয়টো অন্তৰ্ভুক্ত হৈছে।[6]
শ্যাম সুন্দৰ পালিৱালৰ প্ৰচেষ্টাই পিপলান্ত্ৰী গাঁওখনক কেৱল পৰিবেশগত দিশত নহয়, সমাজৰ দৃষ্টিভংগী সলনি কৰাৰ ক্ষেত্ৰতো এগৰাকী পথ প্ৰদৰ্শক হিচাপে প্ৰতিষ্ঠিত কৰিছে। তেওঁৰ উদ্ভাৱনী চিন্তাভাবনাই বিশ্ববাসীক অনুপ্ৰাণিত কৰিছে।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Padma awardee Shyam Sunder Paliwal turned Rajasthan village into oasis" (en ভাষাত). Hindustan Times. ২০২১-০১-২৬. https://www.hindustantimes.com/india-news/padma-awardee-shyam-sunder-paliwal-turned-rajasthan-village-into-oasis-101611649222028.html.
- ↑ "ৰাজসমন্দৰ শ্যাম সুন্দৰ পালিৱালে ৰাজস্থানৰ নাম উজ্জ্বল কৰিলে, পদ্মশ্ৰী সন্মান লাভ" (hi ভাষাত). Zee News. https://zeenews.india.com/hindi/india/rajasthan/udaipur/shyam-sundar-paliwal-of-rajasthan-rajsamand-padma-shri-award-padma-award-2021-list/1023560.
- ↑ Asnani, Rajesh (২০১৮-০৯-০২). "Girl empowerment, afforestation tied in unbreakable bond" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/thesundaystandard/2018/sep/02/girl-empowerment-afforestation-tied-in-unbreakable-bond-1866277.html.
- ↑ Dore, Bhavya (২০২১-০৩-০২). "Piplantri: The Indian village where girls rule" (en ভাষাত). BBC News. https://www.bbc.com/travel/article/20210302-piplantri-the-indian-village-where-girls-rule.
- ↑ Singh, Mahim Pratap (২০১৩-০৪-১১). "A village that plants 111 trees for every girl born in Rajasthan" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/other-states/a-village-that-plants-111-trees-for-every-girl-born-in-rajasthan/article4606735.ece.
- ↑ 6.0 6.1 6.2 6.3 6.4 6.5 6.6 6.7 "SEBA Class 9 Assamese Chapter 10 – পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন (PDF)" (as ভাষাত). Might Learn. https://mightlearn.com/seba-class-9-assamese-chapter-10-books-pdf/। আহৰণ কৰা হৈছে: ২০২৫-০৭-০১.