সমললৈ যাওক

শ্ৰদ্ধা আৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰদ্ধা আৰ্য

২০২৩ চনত আৰ্য
জন্ম ১৭ আগষ্ট, ১৯৮৭ (৩৮ বছৰ)
নতুন দিল্লী, ভাৰত
শিক্ষা অৰ্থনীতিত স্নাতকোত্তৰ
শিক্ষানুষ্ঠান মুম্বাই বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমান
সন্তান

শ্ৰদ্ধা আৰ্য (ইংৰাজী: Shraddha Arya; জন্ম: ১৭ আগষ্ট ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী।[1] তেওঁ ২০০৬ চনত এছ জে সূৰ্যৰ তামিল ছবি কালভানিন কাধালিত নয়নতৰাৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত খোজ পেলাইছিল। ইয়াৰ উপৰি তেওঁ হিন্দী ছবি নৈঃশব্দ্য আৰু বৈভৱ ৰেড্ডীৰ সৈতে তেলুগু ছবি গদৱাত অভিনয় কৰিছিল। লাইফ ওকে চেনেলৰ ধাৰাবাহিক মে লক্ষ্মী তেৰে আংগন কী, তুমাৰী পাখি আৰু ড্ৰিম গাৰ্লত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত।[2]

জী টিভিৰ কুণ্ডলী ভাগ্যত ড° প্ৰীতি আৰোৰাৰ চৰিত্ৰত অভিনয় কৰি আৰ্যই ব্যাপক জনপ্ৰিয়তা আৰু প্ৰশংসা লাভ কৰে।[3] ২০১৯ চনত তেওঁ একেলগে আলম মক্কৰৰ সৈতে এগৰাকী প্ৰতিযোগী হিচাপে নাচ বলিয়ে ৯ত অংশগ্ৰহণ কৰিছিল।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আৰ্যৰ জন্ম ভাৰতনতুন দিল্লীত হৈছিল। তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰপৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।[5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৫ চনত আৰ্যই জয়ন্ত ৰাট্টি নামৰ এজন অনিৱাসী ভাৰতীয়ৰ সৈতে বাগদান কৰিছিল যদিও পাৰস্পৰিক মিল নথকাৰ বাবে তেওঁলোকে বাগদান বাতিল কৰে।[6][7] ২০১৯ চনত নৃত্য ভিত্তিক ৰিয়েলিটী শ্ব’ নাচ বলিয়েত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁ আলম সিং মক্কৰৰ সৈতে থকা সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিল।[8] শ্ব’টো শেষ হোৱাৰ কিছুসময়ৰ পাছতে তেওঁলোকৰ বিচ্ছেদ ঘটে।[9]

২০২১ চনৰ ১৬ নৱেম্বৰত আৰ্যই তেওঁৰ গৃহ চহৰ নতুন দিল্লীত এক ব্যক্তিগত অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ বিষয়া ৰাহুল নাগালৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[10][11][12]

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত এই দম্পতীয়ে তেওঁলোকৰ প্ৰথম সন্তান লাভ কৰিব বুলি ঘোষণা কৰে।[13] ২০২৪ চনৰ ২৯ নৱেম্বৰত দম্পতীটি যমজ সন্তান— এজন ল’ৰা (শৌৰ্য) আৰু এজনী ছোৱালীৰ (চিয়া) পিতৃ-মাতৃ হয়।[14][15][16]

কৰ্মজীৱন

[সম্পাদনা কৰক]

আৰ্যই জী টিভিৰ টেলেণ্ট হাণ্ট শ্ব’ ইণ্ডিয়াছ বেষ্ট চিনেষ্টাৰ্চ কি খোজৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল; [17] তেওঁ ইয়াত প্ৰথম ৰানাৰ্ছ-আপ হৈছিল।

২০০৬ চনত অভিনেতা-পৰিচালক এছ. জে. সূৰ্যৰ বিপৰীতে তামিল ছবি কালভানিন কাধালিৰ জৰিয়তে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ ৰাম গোপাল বাৰ্মাৰ নৈঃশব্দ্যৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰে। তেওঁ শ্বাহিদ কাপুৰ অভিনীত পাঠশালাতো অভিনয় কৰিছিল। একে সময়তে তেওঁ তেলেগু চিনেমা জগততো খোজ পেলায় আৰু বৈভৱ ৰেড্ডীৰ বিপৰীতে গদৱা, কোঠি মুকা আৰু ৰোমিঅ'ৰ দৰে ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। তেওঁ কলীউডৰ ছবি কালভানিন কাধালিতো অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ দুখন কানাড়া ছবি আৰু এখন মালয়ালম ছবিত অভিনয় কৰিছে। ২০১১ চনত আৰ্যই ভাৰতীয় ধাৰাবাহিক মে লক্ষ্মী তেৰে আংগন কীৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে। লাইফ ওকেৰ তুমাৰী পাখিত পাখিৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁলৈ বিশেষ সফলতা কঢ়িয়াই আনে। ড্ৰিম গাৰ্ল - এক লড়কী দিৱানী চিত আয়েশাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰে।

ড্ৰিম গাৰ্ল আৰু তুমাৰী পাখিত কৰা অভিনয়ৰ বাবে তেওঁ বহু বঁটা লাভ কৰে, যাৰ ভিতৰত আছে ড্ৰিম গাৰ্লৰ বাবে শ্ৰেষ্ঠ খলনায়িকাৰ ইণ্ডিয়ান টেলি বঁটা, জী গ'ল্ড এৱাৰ্ডছত শ্ৰেষ্ঠ যুটী বঁটা, লাইফ ওকেৰফালৰপৰা 'হিৰো অফ দা মান্থ' বঁটা আৰু ২০১৬ চনত 'ৱমেন এচিভাৰ্ছ এৱাৰ্ড'।

২০১৬ চনত আৰ্যই একতা কাপুৰ আৰু শোভা কাপুৰৰদ্বাৰা প্ৰযোজিত মজাক মজাক মে নামৰ এটা কমেডী শ্ব’ৰ আঁত ধৰিছিল।

২০১৭ চনৰ জুলাই মাহৰপৰা তেওঁ জী টিভিৰ কুণ্ডলী ভাগ্যত ড° প্ৰীতি আৰোৰা লুথ্ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াত তেওঁ প্ৰথমে ধীৰাজ ধুপৰ, তাৰ পিছত শক্তি আৰোৰা আৰু শক্তি আনন্দৰ বিপৰীতে অভিনয় কৰিছিল আৰু ২০২৪ চনৰ ডিচেম্বৰত ধাৰাবাহিকখন শেষ হোৱালৈকে তেওঁ ইয়াৰ সৈতে জড়িত আছিল।[18][19] এই অভিনয়ে তেওঁক গ'ল্ড এৱাৰ্ডছ, ইণ্ডিয়ান টেলি এৱাৰ্ডছ আৰু ইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু মনোনয়ন লাভ কৰাত সহায় কৰে।[20]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Shraddha Arya Birthday Special : 34 साल की हुईं 'कुंडली भाग्य' की प्रीता, असल जिंदगी में हैं काफी ज्यादा स्टाइलिश, देखिए Photos" (hi ভাষাত). TV9 Bharatvarsh. 17 August 2021. https://www.tv9hindi.com/photo-gallery/entertainment-photos/shraddha-arya-birthday-special-kundali-bhagya-s-preeta-is-stunner-in-her-real-life-check-out-34-year-olds-glamorous-photos-783828.html.
  2. "No make-up for Shraddha Arya to play the protagonist Aarti in 'Dreamgirl'!" (en ভাষাত). PINKVILLA. 29 October 2015. Archived from the original on 16 November 2022. https://web.archive.org/web/20221116031316/https://www.pinkvilla.com/tv/scoops/343918/no-make-shraddha-arya-play-protagonist-aarti-dreamgirl আহৰণ কৰা হৈছে: 16 November 2022.
  3. "Kundali Bhagya: Ekta Kapoor reveals the reason behind doing a spinoff of Kumkum Bhagya". The Times of India. 29 June 2017. http://timesofindia.indiatimes.com/tv/news/hindi/kundali-bhagya-ekta-kapoor-reveals-the-reason-behind-doing-a-spinoff-of-kumkum-bhagya/articleshow/59364745.cms.
  4. "Nach Baliye 9: Salman Khan spills the beans on contestants, confirms exes to be a part of the show". 14 June 2019. https://timesofindia.indiatimes.com/tv/news/hindi/nach-baliye-9-salman-khan-spills-the-beans-on-contestants-confirms-exes-to-be-a-part-of-the-show/photostory/69756073.cms?picid=69756104.
  5. "32 Lesser Known Facts About Kundali Bhagya's Lead Actress – Zee5 News" (en ভাষাত). ZEE5. 17 August 2020. https://www.zee5.com/zee5news/happy-birthday-shraddha-arya-32-lesser-known-facts-about-kundali-bhagyas-lead-actress আহৰণ কৰা হৈছে: 16 November 2021.
  6. "JuzzBaatt: Kundali Bhagya actress Shraddha Arya opens up about her broken engagement" (en ভাষাত). India Today. 22 June 2018. https://www.indiatoday.in/television/what-s-hot/story/juzzbaatt-kundali-bhagya-actress-shraddha-arya-opens-up-about-her-broken-engagement-1266856-2018-06-22 আহৰণ কৰা হৈছে: 19 August 2018.
  7. "Shraddha Arya is happy being single" (en ভাষাত). Hindustan Times. 8 June 2018. https://www.hindustantimes.com/tv/shraddha-arya-is-happy-being-single/story-RN9OBHbE5ao7BrsmRAUhMK.html আহৰণ কৰা হৈছে: 30 August 2019.
  8. "Shraddha Arya on Nach Baliye 9: Wanted to break the taboo of actors hiding their relationships" (en-IN ভাষাত). The Indian Express. 31 July 2019. https://indianexpress.com/article/entertainment/television/shraddha-arya-on-nach-baliye-9-actors-hiding-their-relationships-5866281/ আহৰণ কৰা হৈছে: 30 August 2019.
  9. "Shraddha Arya: The pandemic hasn't been a great time to be single, but it has made me grateful for all that I have in life - Times of India" (en ভাষাত). 9 September 2021. https://timesofindia.indiatimes.com/tv/news/hindi/shraddha-arya-the-pandemic-hasnt-been-a-great-time-to-be-single-but-it-has-made-me-grateful-for-all-that-i-have-in-life/articleshow/86064851.cms.
  10. "Shraddha Arya shares first pic with husband Rahul Nagal; celebs pour in wishes" (en ভাষাত). indiatvnews.com. 17 November 2021. https://www.indiatvnews.com/entertainment/tv/shraddha-arya-shares-first-pic-with-husband-rahul-neha-kakkar-pooja-banerjee-dheeraj-dhoopar-wishes-745530 আহৰণ কৰা হৈছে: 18 November 2021.
  11. "Inside Shraddha Arya's wedding reception: Kundali Bhagya actor poses with husband Rahul Nagal" (en ভাষাত). The Indian Express. 18 November 2021. https://indianexpress.com/article/entertainment/television/shraddha-arya-reception-inside-photos-husband-rahul-nagal-7628771/ আহৰণ কৰা হৈছে: 18 November 2021.
  12. "Kundali Bhagya Actress Shraddha Arya is Beauty Personified in Exquisite Bridal Look, See Pics and Videos" (en ভাষাত). News18. 17 November 2021. https://www.news18.com/news/movies/kundali-bhagya-actress-shraddha-arya-is-beauty-personified-in-exquisite-bridal-look-see-pics-and-videos-4451759.html আহৰণ কৰা হৈছে: 17 November 2021.
  13. "Kundali Bhagya's Shraddha Arya and Rahul Nagal announce pregnancy; writes 'We Are Expecting A Little Miracle'" (en ভাষাত). https://timesofindia.indiatimes.com/tv/news/hindi/kundali-bhagyas-shraddha-arya-and-rahul-nagal-announce-pregnancy-writes-we-are-expecting-a-little-miracle/articleshow/113367574.cms.
  14. "Kundali Bhagya fame Shraddha Arya and hubby Rahul welcome twins; say, "Our hearts are doubly full" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/kundali-bhagya-fame-shraddha-arya-and-hubby-rahul-welcome-twins-say-our-hearts-are-doubly-full/articleshow/115923825.cms আহৰণ কৰা হৈছে: 2024-12-03.
  15. "Kundali Bhagya actor Shraddha Arya blessed with twins: Hearts are doubly full" (en ভাষাত). India Today. https://www.indiatoday.in/television/celebrity/story/kundali-bhagya-actor-shraddha-arya-blessed-twins-boy-girl-2644058-2024-12-03 আহৰণ কৰা হৈছে: 2024-12-03.
  16. "Kundali Bhagya actress Shraddha Arya uses the Ghibli Trend to announce the names of her twin babies; see the adorable post" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/kundali-bhagya-actress-shraddha-arya-uses-the-ghibli-trend-to-announce-the-names-of-her-twin-babies-see-the-adorable-post/articleshow/119868274.cms আহৰণ কৰা হৈছে: 2025-04-02.
  17. "India's Best Cinestars Ki Khoj: Will It Work This Time?". Business Insider. Archived from the original on 27 April 2016. https://web.archive.org/web/20160427080416/http://www.businessinsider.in/Indias-Best-Cinestars-Ki-Khoj-Will-It-Work-This-Time/articleshow/37787566.cms আহৰণ কৰা হৈছে: 3 May 2016.
  18. "Mom-to-be Shraddha Arya quits Kundali Bhagya after playing Preeta for 7 and half years; see post" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/mom-to-be-shraddha-arya-quits-kundali-bhagya-after-playing-preeta-for-7-and-half-years-see-post/articleshow/115450399.cms আহৰণ কৰা হৈছে: 19 November 2024.
  19. "It's confirmed! After seven and a half years, Kundali Bhagya to end on December 6; Shakti Anand expresses shock" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/its-confirmed-after-seven-and-a-half-years-kundali-bhagya-to-end-on-december-6-shakti-anand-expresses-shock/articleshow/115455915.cms আহৰণ কৰা হৈছে: 19 November 2024.
  20. "Zee Gold Awards 2018: Hina Khan, Jennifer Winget and Karan Patel win big" (en-US ভাষাত). The Indian Express. 20 June 2018. https://indianexpress.com/photos/entertainment-gallery/zee-gold-awards-2018-karan-patel-hina-khan-jennifer-winget-win-big-5225230/2/.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]