সমললৈ যাওক

শ্ৰদ্ধা দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰদ্ধা দাস

ব্লু প্লেনেট ২-ৰ বিশেষ প্ৰদৰ্শনীত শ্ৰদ্ধা
জন্ম ০৪ মাৰ্চ, ১৯৮৭ (৩৯ বছৰ) অথবা
০৪ মাৰ্চ, ১৯৯১ (৩৫ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
শিক্ষানুষ্ঠান SIES কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্স
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৮–বৰ্তমান

শ্ৰদ্ধা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ তেলেগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০০৮ চনত তেলেগু চলচ্চিত্ৰ সিদ্ধু ফ্ৰ'ম ছিকাকুলামৰ জৰিয়তে অভিনয় জীৱনৰ অভিষেক ঘটে। ইয়াৰ পিছৰ পৰাই তেওঁ ছটা ভিন্ন ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰিছে।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

শ্ৰদ্ধা দাসৰ জন্ম ৪ মাৰ্চ ১৯৮৭[1] অথবা ১৯৯১[2] চনত মুম্বাই, মহাৰাষ্ট্ৰত বাঙালী পৰিয়ালত হৈছিল।[3] তেওঁৰ পিতৃ সুনীল দাস এগৰাকী ব্যৱসায়ী, যি পুৰুলিয়াৰ বাসিন্দা, আৰু মাতৃ সপ্না দাস এগৰাকী চিকিৎসক।[4] শ্ৰদ্ধা দাস এগৰাকী বৌদ্ধ ধৰ্মালম্বী ব্যক্তি।[5]

তেওঁ মুম্বাইতে ডাঙৰ-দীঘল হয় আৰু তাতেই শিক্ষা সম্পূৰ্ণ কৰে। তেওঁ SIES কলেজ অৱ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চৰ পৰা সাংবাদিকতা বিষয়ত গণ সংবাদ মাধ্যমত স্নাতক ডিগ্ৰী লাভ কৰে।[3][6]

স্নাতক অধ্যয়নৰ সময়ত তেওঁ থিয়েটাৰত কাম কৰিছিল আৰু নেচনেল স্কুল অৱ ড্ৰামাৰ শিল্পী যেনে পীয়ুষ মিশ্ৰ, চিত্তৰঞ্জন গিৰি আৰু ছালিম শ্বাহৰ দ্বাৰা পৰিচালিত কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। তেওঁ গ্লেড্ৰেগছ একাডেমীত প্ৰশিক্ষণ লোৱাৰ আগতে মেকড’ৱেলছ, এৰিষ্ট’ক্ৰেট আদি বহু বিজ্ঞাপনতো অভিনয় কৰিছিল।[4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৮ চনত তেলেগু চলচ্চিত্ৰ সিদ্ধু ফ্ৰ'ম ছিকাকুলাম'ৰ যোগেদি শ্ৰদ্ধা দাসৰ চলচ্চিত্ৰ জীৱনৰ আৰম্ভণি হয়। তাৰ্গেটৰ পিছতে তেওঁ ছয় মাহৰ ভিতৰত চাৰিখন তেলেগু ছবিত চুক্তিবদ্ধ হয়—১৮, ২০ লাভ ষ্ট'ৰী, ডায়েৰী, অভিনেতা আৰু সুকুমাৰ পৰিচালিত আৰ্যা ২ আছিল তেওঁৰ প্ৰথম বৃহৎ বাজেটৰ প্ৰকল্প।

২০১০ চনত তেওঁ হিন্দী চলচ্চিত্ৰ লাহোৰৰ জৰিয়তে বলিউডত অভিষেক কৰে। এই ছবিখনত তেওঁ এগৰাকী পাকিস্তানী মনোৰোগ চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰে আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। ছবিখনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[7]

ইয়াৰ পিছত তেওঁ ডাৰ্লিং, মাৰো চৰিত্ৰ আৰু নাগাৱল্লী আদি চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰে। বিভিন্ন সফল চলচ্চিত্ৰৰ ছিকুৱেলত অভিনয় কৰাৰ বাবে তেওঁ “ছিকুৱেল কুইন” বুলি জনাজাত হয়।[3]

তেওঁৰ দ্বিতীয়খন হিন্দী চলচ্চিত্ৰ দিল তো বাচ্চা হ্যায় জী ২০১১ চনত মুক্তি লাভ কৰে। ইয়াৰ পিছত তেওঁ কন্নড় আৰু মালয়ালম চলচ্চিত্ৰতো অভিষেক কৰে। ২০১৪ চনত তেওঁ বাংলা চলচ্চিত্ৰ দ্য ৰয়েল বেংগল টাইগাৰৰ জৰিয়তে বাংলা চলচ্চিত্ৰত প্ৰৱেশ কৰে।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Happy Birthday Shraddha Das: 4 interesting facts about the Arya 2 actress you probably didn't know". The Times of India. 3 March 2020. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/happy-birthday-shraddha-das-4-interesting-facts-about-the-arya-2-actress-you-probably-didnt-know/photostory/74459126.cms.
  2. "Actress Shraddha Das all set to sizzle in her upcoming Bollywood film". Bollywood Hungama. 1 September 2023. https://www.bollywoodhungama.com/news/features/actress-shraddha-das-set-sizzle-upcoming-bollywood-film/ আহৰণ কৰা হৈছে: 11 September 2023.
  3. 1 2 3 Madhuparna Das (19 August 2010). "This film will make my life". The Telegraph (India). http://www.telegraphindia.com/1100819/jsp/entertainment/story_12826694.jsp.
  4. 1 2 "Shraddha Das interview" (en ভাষাত). Idlebrain. ২৩ এপ্ৰিল ২০০৯. http://www.idlebrain.com/celeb/interview/shraddhadas.html আহৰণ কৰা হৈছে: ১৯ জানুৱাৰী ২০১৫.
  5. "I Have Taken Up Buddhism - Shraddha Das". 15 March 2016. https://www.youtube.com/watch?v=qdPqfyDwOp8.
  6. "Shradda Das in Kannada". IndiaGlitz. Archived from the original on 2010-11-26. https://web.archive.org/web/20101126100318/http://www.indiaglitz.com/channels/kannada/article/61853.html আহৰণ কৰা হৈছে: 2026-02-07.
  7. "Big B, 3 Idiots win National Film Awards". Rediff. http://movies.rediff.com/report/2010/sep/15/national-film-award-winners.htm.
  8. "Shraddha makes Bengali film debut". The Times of India. Archived from the original on 2014-02-02. https://web.archive.org/web/20140202180139/http://articles.timesofindia.indiatimes.com/2013-07-23/news-interviews/40748224_1_shraddha-bengali-film.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]