সমললৈ যাওক

শ্ৰদ্ধা শশীধৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰদ্ধা শশীধৰ
জন্ম ৩ ছেপ্টেম্বৰ, ১৯৯৬ (২৯ বছৰ)
চেন্নাই, তামিলনাডু, ভাৰত
শিক্ষা গণমাধ্যমত স্নাতক ডিগ্ৰী।
শিক্ষানুষ্ঠান সোফিয়া কলেজ ফৰ উইমেন, মুম্বাই
আৰ্মি পাব্লিক স্কুল, দেওলালি, নাছিক
ছেইণ্ট জেভিয়াৰ স্কুল, বাথিণ্ডা
'Beauty pageant titleholder'
Title মিছ ডিভা ইউনিভাৰ্ছ ২০১৭
Hair color ক’লা
Eye color ক’লা
Major
competition(s)
* মিছ ডিভা - ২০১৭
(বিজয়ী - মিছ ডিভা ইউনিভাৰ্ছ ২০১৭)

শ্ৰদ্ধা শশীধৰ (ইংৰাজী: Shraddha Shashidhar) (জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ দিভা ইউনিভাৰ্ছ ২০১৭-ৰ মুকুট পিন্ধিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১৭-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[1][2]

তেওঁ নাইক, ইয়ামাহা ফেচিনো আদি ব্ৰেণ্ডৰ বাবে মডেলিং কৰি আহিছে। মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০১৭-ৰ সময়ৰ পৰা তেওঁ ঘানা, থাইলেণ্ড, ফিলিপাইনছ আদি দেশত বস্ত্ৰ, পৰ্যটন আৰু ৰিয়েল এষ্টেটৰ অনুষ্ঠানৰ প্ৰচাৰৰ বাবে ভাৰতীয় প্ৰতিনিধি হিচাপে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিছে৷

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

শ্ৰদ্ধাৰ জন্ম হৈছিল ভাৰতৰ চেন্নাইত। নাছিকৰ দেওলালিৰ আৰ্মি পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি মুম্বাইৰ ছফিয়া কলেজ ফৰ উইমেনত নামভৰ্তি কৰি গণমাধ্যমৰ ডিগ্ৰী লাভ কৰিছে। [3]

পেজেণ্ট্ৰী

[সম্পাদনা কৰক]

মিছ ডিভা-২০১৭

[সম্পাদনা কৰক]

শ্ৰদ্ধাই ইয়ামাহা ফাচিনো মিছ ডিভা ইউনিভাৰ্ছ ২০১৭-ৰ মুকুট পিন্ধিছিল বিদায়ী খিতাপধাৰী ইয়ামাহা ফাচিনো মিছ ডিভা ইউনিভাৰ্ছ ২০১৬-ৰ ৰশ্মিতা হৰিমুৰ্থীৰ পৰা।[4][5]

মিছ ইউনিভাৰ্ছ ২০১৭

[সম্পাদনা কৰক]

২০১৭ চনৰ ২৬ নৱেম্বৰত আমেৰিকাৰ নেভাদাৰ লাছ ভেগাছৰ দ্য এক্সিছত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০১৭ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল যদিও তেওঁ স্থান পোৱা নাছিল৷[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Viral". India News, Breaking News, Entertainment News | India.com. https://www.india.com/viral/. 
  2. "Shraddha Shashidhar To Represent India At Miss Universe". News18. https://www.news18.com/news/lifestyle/shraddha-shashidhar-to-represent-india-at-miss-universe-1544851.html. 
  3. "Shraddha Shashidhar to represent India at Miss Universe". dhinkachikatadka.com. Archived from the original on 18 October 2017. https://web.archive.org/web/20171018192125/http://dhinkachikatadka.com/shraddha-shashidhar-represent-india-miss-universe/। আহৰণ কৰা হৈছে: 14 February 2025. 
  4. "IN PHOTOS: Iris Mittenaere basks in ‘magical’ beauty of India". GMA News Online. https://www.gmanetwork.com/news/lifestyle/travel/629101/iris-mittenaere-basks-in-magical-beauty-of-india/story/. 
  5. "Chennai-based Miss Diva 2017 Shraddha Shashidhar to represent India at Miss Universe pageant". 12 October 2017. https://indianexpress.com/article/lifestyle/fashion/miss-diva-miss-universe-india-2017-shraddha-shashidhar-will-represent-india-at-miss-universe-us-4887276/. 
  6. "Miss Universe 2017: India’s Shraddha Shashidhar went unplaced". The Indian Express. 27 November 2017. Archived from the original on 28 November 2017. https://archive.today/20171128213024/http://indianexpress.com/article/lifestyle/fashion/miss-universe-2017-indias-shraddha-shashidhar-failed-to-make-it-to-top-16-4956402/। আহৰণ কৰা হৈছে: 8 December 2017.