সমললৈ যাওক

শ্ৰীকান্ত বাৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীকান্ত বাৰ্মা
জন্ম ১৮ ছেপ্টেম্বৰ, ১৯৩১
বিলাসপুৰ, ছত্তীশগড়
মৃত্যু ২৫ মে', ১৯৮৬ (৫৪ বছৰ)
নিউয়ৰ্ক, আমেৰিকা
শিক্ষা এম এ হিন্দী (অনাৰ্ছ) নাগপুৰ বিশ্ববিদ্যালয়
পেচা কবি
ৰাজনীতিবিদ
জনা যায় নই কবিতা
উল্লেখযোগ্য কৰ্ম মগধ

জলসাঘৰ, মায়া দৰ্পণ, এপল' কা ৰথ,

দোশৰী বাৰ
দাম্পত্যসঙ্গী বীনা বাৰ্মা (ৰাজনীতিবিদ)
সন্তান অভিষেক বাৰ্মা (অস্ত্ৰ ব্যৱসায়ী)
ৱেবছাইট
https://thevermafamily.org

শ্ৰীকান্ত বাৰ্মা (ইংৰাজী: Shrikant Verma ) (১৯৩১ চনৰ ১৮ ছেপ্টেম্বৰ – ১৯৮৬ চনৰ ২৫ মে') ভাৰতীয় কবি আৰু ১৯৭৬ চনৰপৰা ১৯৮২ চন আৰু ১৯৮২ চনৰপৰা ১৯৮৬ চনলৈকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মধ্যপ্ৰদেশৰ সংসদ সদস্য আছিল। ১৯৮৬ চনত নিউয়ৰ্কত কৰ্কট ৰোগত আক্ৰান্ত বাৰ্মাৰ মৃত্যু হয় [1]

বিলাসপুৰত এটি কায়স্থ পৰিয়ালত জন্মগ্ৰহণ বাৰ্মাই জন্মগ্ৰহণ কৰিছিল। নাগপুৰ বিশ্ববিদ্যালয়ৰপৰা হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ লিখা বিশখন কিতাপ প্ৰকাশ কৰিছিল।[2] বাৰ্মাই সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু কেইবাখনো আগশাৰীৰ কাকত-আলোচনীত কাম কৰিছিল। ১৯৭৬ চনত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য হিচাপে ভাৰতীয় সংসদলৈ নিৰ্বাচিত হয়।

শ্ৰীকান্ত বাৰ্মাই মধ্যপ্ৰদেশ ৰাজ্যৰপৰা দুটা ৬বছৰীয়া কাৰ্যকাল সংসদৰ সদস্য (ৰাজ্য সভা) হিচাপে কাৰ্যনিৰ্বাহ কৰি কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক, লগতে ১০ বছৰ চৰকাৰী মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৬৭ চনত বাৰ্মাই বীনা বাৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু পৰৱৰ্তী সময়ত মধ্যপ্ৰদেশ ৰাজ্যৰপৰা একেৰাহে তিনিটা কাৰ্যকালৰ বাবে সংসদ সদস্য নিৰ্বাচিত হয় [3][4][5][6] বাৰ্মাৰ একমাত্ৰ সন্তান অভিষেক ভাৰ্মাক ১৯৯৭ চনত ভাৰতৰ আটাইতকৈ কনিষ্ঠ কোটিপতি হিচাপে ঘোষণা কৰা হৈছিল [7][8]

পুৰস্কাৰ আৰু সন্মান

[সম্পাদনা কৰক]

১৯৭৬ চনত মধ্যপ্ৰদেশ চৰকাৰৰপৰা বাৰ্মাই জলসাগৰৰ বাবে তুলসী সন্মান আৰু ১৯৮১ চনত মধ্যপ্ৰদেশ ৰাজ্যিক কলা পৰিষদৰপৰা শিক্ষা সন্মান লাভ কৰে। ১৯৮২ চনত নতুন দিল্লীত আয়োজিত আফ্ৰিকান-এছিয়ান লেখক সন্মিলনৰ সভাপতিত্ব কৰে। [9] ১৯৮৭ চনত তেওঁ মৰণোত্তৰভাৱে মগধৰ বাবে সাহিত্য একাডেমী বঁটাৰে সন্মানিত হয়। [10]

শ্ৰীকান্ত বাৰ্মা ট্ৰাষ্ট হৈছে ১৯৮৯ চনত বাৰ্মাৰ পুত্ৰ অভিষেক ভাৰ্মাই পিতৃৰ স্মৃতিত শিল্প, সাহিত্য, সাংবাদিকতাৰ প্ৰসাৰৰ বাবে প্ৰতিষ্ঠা কৰা এটা দাতব্য ফাউণ্ডেশ্যন, আৰু শিক্ষা, সাহিত্য, সূক্ষ্ম কলা, সাংস্কৃতিক ঐতিহ্য, আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত পদক্ষেপক সহায় কৰি আহিছে। এই ট্ৰাষ্টটো ভাৰ্মাৰ বোৱাৰী অংকা ভাৰ্মাই পৰিচালনা কৰে, যিয়ে ভাৰ্মাৰ নাতিনীয়েক নিকোল ভাৰ্মাই পৰিচালনা কৰা "হাংগাৰফ্ৰীৱৰ্ল্ড"ৰ দৰে বিশ্বব্যাপী অভিযানক সমৰ্থন কৰে।[11]

বিলাসপুৰ চহৰৰ চেণ্ট্ৰেল ভিষ্টাক "শ্ৰীকান্ত ভাৰ্মা মাৰ্গ" নামেৰে নামকৰণ কৰি ১৯৯২ চনত মধ্যপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী সুন্দৰ লাল পাটোৱাই শ্ৰীকান্ত ভাৰ্মা চকত ৩০ ফুট উচ্চতাৰ ভাৰ্মাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "The Great Performance: The awkward alliance of poetry and politics" (en-US ভাষাত). The Indian Express. 2014-03-08. http://indianexpress.com/article/india/india-others/the-great-performance/.
  2. "Indian Poets I Bio-Notes on Hindi Poets I". www.lchr.org. http://www.lchr.org/a/4/65/hindi.html আহৰণ কৰা হৈছে: 25 May 2016.
  3. "Member of Rajya Sabha from 1952-2003". http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/v.pdf আহৰণ কৰা হৈছে: 25 May 2016.
  4. "Photo Gallery". www.priyadarshniacademy.com. Archived from the original on 2016-09-16. https://web.archive.org/web/20160916030752/http://www.priyadarshniacademy.com/4-ann-national-awards/photo-gallery/4-national-awards1.html আহৰণ কৰা হৈছে: 2016-09-04.
  5. "Verma, wife in CBI net for tweaking defence deals". 9 June 2012. Archived from the original on 2016-09-20. https://web.archive.org/web/20160920171851/http://defence.pk/threads/verma-wife-in-cbi-net-for-tweaking-defence-deals.186126/ আহৰণ কৰা হৈছে: 2016-09-04.
  6. "Team Anna alleges corruption in defence deals, names MP's son - Firstpost" (en-US ভাষাত). 2012-04-26. http://www.firstpost.com/india/team-anna-alleges-corruption-in-defence-deals-names-mps-son-289920.html আহৰণ কৰা হৈছে: 2016-09-04.
  7. "Rich across the world identify with the same brands for status". 10 November 1997. https://www.indiatoday.in/magazine/editors-note/story/19971110-rich-across-the-world-identify-with-the-same-brands-for-status-832162-1997-11-09 আহৰণ কৰা হৈছে: 2016-09-04.
  8. "Charges against Verma fabricated" (en-IN ভাষাত). The Hindu. 2012-05-31. ISSN 0971-751X. http://www.thehindu.com/news/national/charges-against-verma-fabricated/article3474228.ece.
  9. Lal, Mohan (1992) (en ভাষাত). Encyclopaedia of Indian Literature: Sasay to Zorgot. Sahitya Akademi. পৃষ্ঠা. 4504. ISBN 9788126012213. https://books.google.com/books?id=KnPoYxrRfc0C&q=Madhya+Pradesh+Government%27s+Tulsi+Puraskar+SHrikant+verma&pg=PA4504 আহৰণ কৰা হৈছে: 25 May 2016.
  10. Sridala Swami (8 June 2013). "Through the ghostly lights of Verma's ancient cities". The Sunday Guardian. Archived from the original on 5 August 2016. https://web.archive.org/web/20160805133710/http://www.sunday-guardian.com/bookbeat/magadh-by-shrikant-verma আহৰণ কৰা হৈছে: 25 May 2016.
  11. admink (2024-09-03). "Dr. Abhishek Verma Honors Late Mother, Veena Verma, with State-of-the-Art Shelter at KGMU; Inaugurated by Daughter Nicolle Verma" (en-US ভাষাত). Live Uttar Pradesh. Archived from the original on 2024-12-22. https://web.archive.org/web/20241222130201/https://www.liveuttarpradesh.com/en/dr-abhishek-verma-honors-late-mother-veena-verma-with-state-of-the-art-shelter-at-kgmu-inaugurated-by-daughter-nicolle-verma/ আহৰণ কৰা হৈছে: 2024-12-22.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]