শ্ৰীকুৰ্মম্
শ্ৰীকুৰ্মম্ | |
|---|---|
শ্ৰীকুৰ্মম্ মন্দিৰৰ দৃশ্য | |
![]() Dynamic map | |
| Country | ভাৰত |
| State | অন্ধ্ৰপ্ৰদেশ |
| District | শ্ৰীকুলাম |
| উচ্চতা | ১৭ মিটাৰ (৫৬ ফুট) |
শ্ৰীকুৰ্মম্ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকুলামৰ ওচৰৰ এখন গাঁও, ঠাইখনক শ্ৰীকুৰ্মু বা শ্ৰীকুৰ্মাই বুলিও জনা যায়। ই শ্ৰীকুলম চহৰৰ দক্ষিণ-পূব দিশত ১৪.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ঠাইখন শ্ৰীকাকুলাম জিলাৰ গৰা মণ্ডলত অৱস্থিত। হিন্দু দেৱতা বিষ্ণুৰ কুৰ্মা অৱতাৰৰ প্ৰতি উৎসৰ্গিত, শ্ৰীকুৰ্মম মন্দিৰৰ নামেৰে গাঁওখনৰ নামকৰণ কৰা হৈছিল। যিটো পূব গংগ বংশৰ ৰজা অনন্তবৰ্মণ চোড়াগংগা দেৱে পুনৰ প্ৰতিষ্ঠা কৰিছিল।[2]
ভৌগলিক অৱস্থান
[সম্পাদনা কৰক]শ্ৰীকুৰ্মম ১৮° ১৬' উত্তৰ অক্ষাংশ, ৮৪° ১' পূব দ্ৰাঘিমাংশ আৰু ১৭ মিটাৰ (৫৯ ফুট) উচ্চতাত অৱস্থিত।[2] এই অৱস্থানে মন্দিৰটোক বংগ উপসাগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত ৰাখিছে।
শ্ৰীকুৰ্মম মন্দিৰ
[সম্পাদনা কৰক]
শ্ৰীকুৰ্মম এক বিখ্যাত তীৰ্থস্থান আৰু এই মন্দিৰ সমগ্ৰ ভাৰতবৰ্ষতে নিজা বৈশিষ্ট্যৰে অনন্য। স্থাপত্য সৌন্দৰ্যৰ বাবে বিখ্যাত এই মন্দিৰত খ্ৰীষ্টপূৰ্ব একাদশ শতিকাৰ পৰা ১৯ শতিকালৈকে বহুতো শিলালিপি আছে। ১২৮১ খ্ৰীষ্টাব্দৰ মন্দিৰত থকা শিলালিপি অনুসৰি কলিংগৰ অনন্তবৰ্মন চোড়াগংগা দেৱৰ প্ৰভাৱত ৰামানুজাচাৰ্যই কুৰ্মক্ষেত্ৰৰ পৱিত্ৰ স্থান পুনৰ প্ৰতিষ্ঠা কৰিছিল। পূবৰ গংগা ৰজা অনংগভিম দেৱে ইয়াৰ প্ৰদক্ষিণ মণ্ডপ নিৰ্মাণ কৰিছিল। পিছলৈ এই মন্দিৰটো উৰিষ্যাৰ সূৰ্যবংশী ৰজা গজপতিৰ অধীনলৈ আহে। এই অঞ্চলৰ ওপৰত ক্ষমতা দখল কৰা বংশসমূহৰ ওপৰত শিলালিপিসমূহে পোহৰ পেলায়। বিষ্ণুৰ দ্বিতীয় অৱতাৰ কূৰ্ম অৱতাৰ বিষ্ণুৰ নামত এই মন্দিৰটো উচৰ্গা কৰা হৈছে। দৌলোৎসৱ হৈছে ইয়াৰ গুৰুত্বপূৰ্ণ উৎসৱ আৰু এই উপলক্ষে ২০,০০০ তকৈ অধিক তীৰ্থযাত্ৰী একত্ৰিত হয়।[3]
আকৰ্ষণ
[সম্পাদনা কৰক]- নৱম আৰু একাদশ শতিকাৰ ভিতৰত নিৰ্মিত প্ৰাচীন মন্দিৰ।
- মধুকেশ্বৰ, সোমেশ্বৰ আৰু ভীমেশ্বৰ মন্দিৰৰ ত্ৰিত্ব।
- প্ৰাকৃতিকভাৱে খোদিত মুখ থকা মধুকা গছৰ (Madhuca indica) ডালৰ পৰা বিষ্ণু লিংগ গঠন হয়।
- ৰঙা শিলৰ ভাস্কৰ্য।
- সুন্দৰ বামসাধৰা নদীৰ পাৰত অৱস্থিত।
- মন্দিৰৰ পুখুৰীৰ কেউকাষে এক কচ্ছপ সংৰক্ষিত অঞ্চল আছে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "New 'AP 39' code to register vehicles in Andhra Pradesh launched". The New Indian Express (Vijayawada). 31 January 2019. Archived from the original on 3 February 2019. https://web.archive.org/web/20190203234146/http://www.newindianexpress.com/cities/vijayawada/2019/jan/31/new-ap-39-code-to-register-vehicles-in-state-launched-1932417.html। আহৰণ কৰা হৈছে: 9 June 2019.
- ↑ Falling Rain Genomics.Srikurmam
- ↑ Rajguru, Padmashri Dr. Satyanarayana (1986). "No 3 - Ganga o Gajapati Shashanare Samaja Sikhya Dharma kala o Sanskruti". Odisha Ra Sanskrutika Itihasa. Odisha Ra Sanskrutika Itihasa. 4. প্ৰকাশক Cuttack, Odisha: Orissa Sahitya Akademi. পৃষ্ঠা. 149.
- ↑ "Religious Tourism | District Srikakulam, Government of Andhra Pradesh | India". https://srikakulam.ap.gov.in/religious-tourism/.
