শ্ৰীতি ঝা
| শ্ৰীতি ঝা | |
|---|---|
![]() ২০২২ চনত ঝা | |
| জন্ম | ২৬ ফেব্ৰুৱাৰী, ১৯৮৬ (৪০ বছৰ) বেগুচৰাই, বিহাৰ, ভাৰত |
| শিক্ষানুষ্ঠান | শ্ৰী ভেংকটেশ্বৰ মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৭–বৰ্তমান |
| উল্লেখযোগ্য কৰ্ম | দিল চে দি দুৱা... সৌভাগ্যৱতী ভৱ? বালিকা বধূ কুমকুম ভাগ্য |
শ্ৰীতি ঝা (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ৰোমাণ্টিক কমেডীৰপৰা ক্ৰাইম ড্ৰামালৈকে বিভিন্ন ধাৰাত তেওঁৰ বহুমুখী অভিনয়ৰ বাবে পৰিচিত ঝাই দুটাকৈ ইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ডছ, তিনিটা ইণ্ডিয়ান টেলি এৱাৰ্ডছ আৰু দুটা গোল্ড এৱাৰ্ডছ আদিকে ধৰি কেইবাটাও সন্মান লাভ কৰিছে।[1]
ঝাই ২০০৭ চনত কিশোৰ ড্ৰামা ধাৰাবাহিক ধুম মাচাও ধুমত মালিনী শৰ্মাৰ চৰিত্ৰৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত ঝাই জ্যোতিত সুধা "দেৱিকা" শৰ্মা বশিষ্ঠ, ৰক্ত সম্বন্ধত সন্ধ্যা চাভ্ৰাটকাৰ প্ৰধান আৰু দিল চে দি [দুৱা... সৌভাগ্যৱতী ভৱ?ত ঝানৱী দোভ্ৰীয়াল / চিয়া প্ৰতাপসিং চৰিত্ৰত কৰা অভিনয়ৰ জৰিয়তে নিজকে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। কুমকুম ভাগ্যত প্ৰজ্ঞা অৰোৰা মেহৰাৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁক অধিক জনপ্ৰিয়তা প্ৰদান কৰে। ২০২২ চনত তেওঁ ফিয়াৰ ফেক্টৰ: খত্ৰোঁ কে খিলাড়ী ১২ত অংশগ্ৰহণ কৰি দশম স্থান লাভ কৰিছিল আৰু ঝলক দিখলা যা ১০ত তৃতীয় ৰানাৰ আপ হৈছিল।[1][2]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ঝাৰ জন্ম ১৯৮৬ চনৰ ২৬ ফেব্ৰুৱাৰীত বিহাৰৰ বেগুচৰাইত হৈছিল।[3][4] তেওঁ পৰিয়ালৰ সৈতে দহ বছৰ ধৰি কলকাতাত বাস কৰিছিল আৰু তাৰ পিছত নেপালৰ কাঠমাণ্ডুলৈ গৈছিল। পৰৱৰ্তী সময়ত তেওঁলোক নতুন দিল্লীলৈ আহে আৰু ঝাই তাত লক্ষ্মণ পাব্লিক স্কুলত অধ্যয়ন কৰে।[5] তেওঁ নতুন দিল্লীৰ শ্ৰী ভেংকটেশ্বৰ মহাবিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত কলা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁৰ মীনাক্ষী নামৰ এগৰাকী ডাঙৰ ভগ্নী আৰু শশাংক নামৰ এজন ভায়েক আছে।[6][7]
অন্যান্য কাম আৰু ৰাজহুৱা ভাবমূৰ্তি
[সম্পাদনা কৰক]
জ্যোতি, ৰক্ত সম্বন্ধ, দিল চে দি দুৱা... চুবলগ্যৱতী ভৱ? আৰু কুমকুম ভাগ্য ধাৰাবাহিকত কৰা অভিনয়ে ঝাক হিন্দী টেলিভিছনৰ অন্যতম আগশাৰীৰ আৰু সৰ্বাধিক মাননি লাভ কৰা অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।[8][9][10][11] ঝা তেওঁৰ শৈলী আৰু ফেশ্বন সচেতনতাৰ বাবেও ব্যাপকভাৱে পৰিচিত।[12]
কুমকুম ভাগ্যত কৰা অভিনয়ৰ বাবে দা ইণ্ডিয়ান এক্সপ্ৰেছে ২০১৭ চনৰ "শীৰ্ষ ১০ গৰাকী টেলিভিছন অভিনেত্ৰী"ৰ তালিকাত তেওঁক পঞ্চম স্থানত ৰাখিছিল।[13] দা টাইমছ অৱ ইণ্ডিয়াই ঝাৰ বিভিন্ন চৰিত্ৰ আৰু বিশেষকৈ মহিলা প্ৰধান অনুষ্ঠানসমূহত তেওঁৰ ভূমিকাক বিশেষভাৱে উল্লেখ কৰিছে।[14] ২০১৪ চনত ঝা আৰু শাব্বিৰ আহলুৱালীয়াৰ যুটিটোক "টেলিভিছনৰ শ্ৰেষ্ঠ যুটি"সমূহৰ ভিতৰত স্থান দিয়া হৈছিল।[15][16] ঝা একচেচৰাইজ ইণ্ডিয়া, বেলেজা, কল্কি ফেশ্বন আৰু গোদৰেজ গ্ৰুপৰ দৰে বিভিন্ন ব্ৰেণ্ডৰ বিজ্ঞাপনৰ সৈতে জড়িত।[17] ২০২০ চনত ঝাই ক’ভিড-১৯ মহামাৰীৰদ্বাৰা প্ৰভাবিত লোকসকলৰ বাবে পুঁজি সংগ্ৰহৰ কাৰ্যসূচীত অংশ লৈছিল। ২০২৩ চনত ঝাই কৈছে মুঝে তুম মিল গয়ে আৰু কুমকুম ভাগ্যৰ অভিনয় শিল্পীসকলৰ সৈতে স্নেহ ফাউণ্ডেশ্যনৰ সৈতে বৰদিন উদ্যাপন কৰিছিল।[18][19]
অভিনয় জীৱনৰ উপৰি ঝাই কবিতা আবৃত্তি আৰু লাইভ শ্ব' কৰে। ২০২১ চনৰ জানুৱাৰীত ঝাই ২০২০ চনৰ 'কমিউন ইণ্ডিয়া স্পোকেন ফেষ্ট'ত "কনফেছনছ অৱ এন এচেক্সুৱেল ৰোমাণ্টিক" শীৰ্ষক এটা কবিতা আবৃত্তি কৰিছিল। ইয়াত তেওঁ এজন অযৌন ব্যক্তিৰ জীৱন কেনেকুৱা হ'ব পাৰে আৰু ভাৰতত নিজৰ যৌন পৰিচয়ৰ বিষয়ে কথা পাতিবলৈ কেনেকৈ স্বাধীনতাৰ অভাৱ সেই বিষয়ে কয়।[20] অৱশ্যে এটা সাক্ষাৎকাৰত তেওঁ স্পষ্ট কৰি দিছিল যে তেওঁ এজন অযৌন ব্যক্তি নহয় আৰু সেই কবিতাটো তেওঁৰ নিজৰ বিষয়ে নাছিল।[21] তেওঁ ভিন্ন যৌন পছন্দৰ লোকসকলৰ বিষয়ে আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে আৰু দুটা কবিতা আবৃত্তি কৰিছে। তাৰ ভিতৰত এজন সমকামী পুৰুষৰ বিষয়ে "চুড়িয়াঁ"[22] আৰু এগৰাকী লেচবিয়ান মহিলাৰ ওপৰত আধাৰিত "চাবি গুম গৈ হ্যায়" অন্যতম।[23] "ইটছ পহেলা প্যাৰ এভ্ৰি টাইম" কবিতাত তেওঁ কৈছে যে প্ৰতিবাৰ প্ৰেমত পৰিলে কেনেকৈ এনে লাগে যেন এয়া প্ৰথমবাৰৰ বাবেহে ঘটিছে।[24]
তেওঁৰ অন্যান্য কাম যেনে "টু লাইক? অৰ টু লাভ?"-ত তেওঁ ভালপোৱা আৰু পছন্দ কৰাৰ মাজৰ পাৰ্থক্য দেখুৱাইছে।[25] ঝাৰ প্ৰথম মুকলি চিঠি "এ লেটাৰ টু মাইচেলফ"ত তেওঁ তেওঁৰ ১৫বছৰীয়া পূৰ্বৰ নিজক ক’ব বিচৰা কথাৰ বিষয়ে লিখিছে যে কোনো পৰিস্থিতিতে কেতিয়াও আপোচ কৰিব নালাগে।[26] আইটিচি ভিভেলৰ সৈতে কৰা এই সহযোগিতাত ঝাই মহিলাসকলক পুৰণি ধাৰণা আৰু কুসংস্কাৰক প্ৰত্যাহ্বান জনাই আত্ম-বিশ্বাসেৰে নিজৰ সপোন পূৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। ২০২১ চনৰ ভেলেণ্টাইন ডেৰ এদিন আগতে তেওঁ এগৰাকী কথক হিচাপে "চিজি ষ্টুপিড ইশ্ক" নামৰ এটা কবিতাও উপস্থাপন কৰিছিল।[27]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Rizvi, S Farah (17 January 2024). "My stage performances have unfolded a new me: Sriti Jha". Hindustan Times. https://www.hindustantimes.com/htcity/cinema/my-stage-performances-have-unfolded-a-new-me-sriti-jha-101705473920792.html। আহৰণ কৰা হৈছে: 10 February 2024.
- ↑ Agarwal, Stuti (2 January 2013). "Didn't leave Saubhagyavati Bhava for Balika Vadhu: Sriti Jha". The Times of India. http://timesofindia.indiatimes.com/tv/news/hindi/Didnt-leave-Saubhagyavati-Bhava-for-Balika-Vadhu-Sriti-Jha/articleshow/17852932.cms.
- ↑ "Kumkum Bhagya's Sriti Jha turns 31; here are 6 times the actress looked completely different from her onscreen image". The Times of India]l. 27 February 2017. https://timesofindia.indiatimes.com/kumkum-bhagyas-sriti-jha-turns-31-here-are-6-times-the-actress-looked-completely-different-from-her-onscreen-image/photostory/57376713.cms.
- ↑ "Happy Birthday Sriti Jha: Rare and unseen pictures of the Kumkum Bhagya actress". India Today. 26 February 2016. https://www.indiatoday.in/television/photo/happy-birthday-sriti-jha-rare-and-unseen-pictures-of-the-kumkum-bhagya-actress-mouni-roy-shabbir-ahluwalia-378015-2016-02-26/1.
- ↑ "Kumkum Bhagya: 8 Lesser known facts about actress Sriti Jha aka Pragya" (en ভাষাত). The Times of India. 30 August 2017. https://timesofindia.indiatimes.com/tv/news/hindi/kumkum-bhagya-8-lesser-known-facts-about-actress-sriti-jha-aka-pragya/articleshow/60290111.cms.
- ↑ "Sriti Jha: Venky has one of the best drama societies in Delhi University". Times of India. 3 January 2024. https://timesofindia.indiatimes.com/tv/news/hindi/sriti-jha-venky-has-one-of-the-best-drama-societies-in-delhi-university/articleshow/106488573.cms.
- ↑ "Kumkum Bhagya star Sriti Jha says, "If my sister had not convinced me, I wouldn't be acting"". Bollywood Hungama. 4 September 2020. https://www.bollywoodhungama.com/news/bollywood/kumkum-bhagya-star-sriti-jha-says-sister-not-convinced-wouldnt-acting/.
- ↑ "Sriti Jha: I am more comfortable playing different characters on screen than being myself on camera". Times of India. 18 August 2022. https://timesofindia.indiatimes.com/tv/news/hindi/sriti-jha-i-am-more-comfortable-playing-different-characters-on-screen-than-being-myself-on-camera/photostory/93635848.cms। আহৰণ কৰা হৈছে: 31 August 2022.
- ↑ "From Kapil Sharma to Sriti Jha, here's what TV's top stars earn". Indian Express. 1 December 2016. https://indianexpress.com/article/entertainment/television/from-kapil-sharma-to-divyanka-tripathi-heres-what-tv-top-stars-earn-4405114/lite/। আহৰণ কৰা হৈছে: 17 December 2019.
- ↑ "Sriti Jha beats Bollywood actresses in terms of acting; TV's 'Pragya' is among the highest-paid actresses!". Amar Ujala. 26 February 2023. https://www.amarujala.com/photo-gallery/entertainment/television/sriti-jha-birthday-know-unknown-facts-about-kumkum-bhagya-actress-and-her-net-worth-career-struggle-journey-2023-02-26। আহৰণ কৰা হৈছে: 28 February 2023.
- ↑ "Highest Paid Television Actresses" (en ভাষাত). DNA India. 12 August 2023. https://www.dnaindia.com/web-stories/entertainment/television/india-10-highest-paid-television-actresses-1707378046293। আহৰণ কৰা হৈছে: 12 August 2024.
- ↑ "Mouni Roy, Drashti Dhami, Sriti Jha: Stylish TV stars you can take fashion inspiration from". The Indian Express. 4 July 2017. http://indianexpress.com/photos/lifestyle-gallery/mouni-roy-nia-sharma-drashti-dhami-divyanka-tripathi-most-stylish-tv-stars-you-can-take-fashion-inspiration-from-4735309/4/.
- ↑ "Top 10 television actresses of 2017: Divyanka Tripathi, Jennifer Winget and Sriti Jha find place in the list". The Indian Express. 29 December 2017. https://indianexpress.com/article/entertainment/television/top-10-television-actresses-of-2017-4981500/lite/.
- ↑ "Sriti Jha Is All For Women-Led Shows!". The Times of India. 20 July 2020. https://timesofindia.indiatimes.com/tv/news/hindi/sriti-jha-is-all-for-women-led-shows/articleshow/77062394.cms.
- ↑ "Hottest on-screen TV couples of the year 2014; see pics". India TV News. 27 December 2017. https://www.indiatvnews.com/entertainment/bollywood/hottest-on-screen-tv-couples-of-2014-19122.html.
- ↑ "Small screen's 10 hottest jodis of the year 2014". The Times of India. 24 December 2014. https://timesofindia.indiatimes.com/tv/news/hindi/small-screens-10-hottest-jodis-of-2014/articleshow/45618056.cms.
- ↑ "Check out actress Sriti Jha's new ad for Godrej Nupur Henna hair colour". ABP Live. 12 January 2017. https://news.abplive.com/videos/check-out-sriti-jha-s-new-ad-of-hair-colour-478852.
- ↑ "Video Chat With Actress Sriti Jha For COVID-19 Relief". Ketto India. 30 September 2020. https://www.ketto.org/fundraiser/CFGSritiJha.
- ↑ "Kaise Mujhe Tum Mil Gaye cast and Kumkum Bhagya cast join hands to celebrate Christmas with women from SNEHA foundation". Bollywood Hungama. https://www.bollywoodhungama.com/news/features/kaise-mujhe-tum-mil-gaye-cast-kumkum-bhagya-cast-join-hands-celebrate-christmas-women-sneha-foundation/.
- ↑ "Sriti Jha Narrates What Being An Asexual Is Like" (en-IN ভাষাত). Brut.. 11 January 2021. https://www.brut.media/in/entertainment/sriti-jha-narrates-what-being-an-asexual-is-like-b935d6bb-7588-4de8-8ebd-19441aafcc3d। আহৰণ কৰা হৈছে: 8 May 2021.
- ↑ Farzeen, Sana (18 June 2022). "Sriti Jha says her viral poem on asexuality is 'not about me': 'Because it was written in first person, people felt…'" (en ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/television/sriti-jha-says-her-viral-poem-on-asexuality-is-not-about-me-7976823/lite/.
- ↑ Jha, Sriti (22 April 2020). "Choodiyaan - Sriti Jha | Tamboostaan". https://m.youtube.com/watch?v=0nAGEjCIhr8। আহৰণ কৰা হৈছে: 22 April 2020.
- ↑ Jha, Sriti (8 February 2019). "Chaabi Gum Gayi Hai - Sriti Jha | Spoken Fest 2019". https://m.youtube.com/watch?v=t4i6gi3LPAI.
- ↑ Jha, Sriti (28 December 2019). "It's Pehla Pyaar, Every Time - Sriti Jha | Hindi Storytelling | Tape A Tale". https://m.youtube.com/watch?v=qtgdqe6nh-M। আহৰণ কৰা হৈছে: 28 December 2019.
- ↑ Jha, Sriti (7 April 2019). "To Like? Or Love? - Sriti Jha | The Storytellers". https://m.youtube.com/watch?v=iXxCDQwjQ8E। আহৰণ কৰা হৈছে: 7 April 2019.
- ↑ Jha, Sriti (14 March 2020). "A letter to myself - Sriti Jha | Hindi storytelling | Tape A Tale". https://m.youtube.com/watch?v=kpaMtoxt8KU। আহৰণ কৰা হৈছে: 14 March 2020.
- ↑ Jha, Sriti; Katiyar, Muskaan (13 February 2021). "Cheesy Stupid Ishq - Sriti Jha |".
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Sriti Jha সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- শ্ৰীতি ঝা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত শ্ৰীতি ঝা
