সমললৈ যাওক

শ্ৰীধৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্ৰীধৰ বা শ্ৰীধৰাচাৰ্য (অষ্টম–নৱম শতিকা) এজন ভাৰতীয় গণিতজ্ঞ আছিল, গাণিতিক আৰু ব্যৱহাৰিক গণিতৰ বিষয়ে প্ৰচলিত দুখন গ্ৰন্থ পাটিগণিত আৰু পাটিগণিত-সাৰ আৰু বীজগণিত সম্পৰ্কীয় এখন বীজগণিতৰ অধুনালুপ্ত গ্ৰন্থৰ বাবে পৰিচিত।

শ্ৰীধৰৰ জীৱনৰ বিষয়ে পৰৱৰ্তী গণিতজ্ঞসকলে তেওঁৰ গাণিতিক কাম আৰু তেওঁৰ বৰ্তমানৰ গ্ৰন্থসমূহৰ বিষয়বস্তুৰ উল্লেখৰ বাহিৰে অতি কমেইহে জনা যায়। সিবিলাকত তেওঁৰ পিতৃ-মাতৃ, শিক্ষক বা জন্মস্থানৰ দৰে জীৱনীমূলক কোনো তথ্য নাই।[1] বিভিন্ন পণ্ডিতে তেওঁক বংগ অঞ্চলৰ পৰা বা দক্ষিণ ভাৰতৰ পৰা অহা বুলি মত প্ৰকাশ কৰিছে।[2] শিৱৰ উল্লেখ থকা তেওঁৰ ৰচনাসমূহৰ উদাহৰণ সমস্যাৰ ভিত্তিত, আৰু পাটিগণিত-সাৰৰ সমৰ্পণৰ ভিত্তিত তেওঁ সম্ভৱতঃ শৈৱ হিন্দু আছিল বুলি ধৰিব পাৰি।[1]

দ্বিতীয় ভাস্কৰে(দ্বাদশ শতিকা) আৰু ব্ৰহ্মগুপ্ত (৭ম শতিকা)ৰ তেওঁৰ বিষয়ে স্পষ্ট উল্লেখ কৰিছিল। গোবিন্দস্বামীনে (নৱম শতিকা) পাটিগণিত-সাৰত পোৱা এটা অংশ উদ্ধৃত কৰিছে আৰু মহাবীৰৰ (নৱম শতিকা) গ্ৰন্থত ওপৰত সোমাই থকা তথ্য পোৱা যায়, য’ৰ পৰা ইতিহাসবিদসকলে শ্ৰীধৰ ৮ম বা নৱম শতিকাৰ আৰম্ভণিতে বাস কৰা বুলি অনুমান কৰিছে।[3]

কেতিয়াবা তেওঁক শ্ৰীধৰ নামৰ আন মধ্যযুগীয় ভাৰতীয় পণ্ডিতসকলৰ সৈতেও সনা-পোতকা কৰা হৈছে।[1]

শ্ৰীধৰে দুখন প্ৰচলিত গাণিতিক গ্ৰন্থ ৰচনা কৰিছিল। প্ৰথমখন পাটিগণিত, যাক বৃহৎ-পাটি আৰু নৱশতি ("৯০০ থকা") বুলিও কোৱা হয়, ইয়াত সেই সময়ৰ ব্যৱহাৰিক গণিতক অংক আৰু জোখ-মাখ (জ্যামিতিৰ আকাৰ, দৈৰ্ঘ্য, ক্ষেত্ৰফল আৰু আয়তন গণনাৰ সৈতে জড়িত অংশ)কে ধৰি ব্যাপকভাৱে সামৰি লোৱা হৈছিল।[1] ইয়াত প্ৰথমে ৯০০টা স্তৱক অন্তৰ্ভুক্ত কৰা হৈছিল বুলি বিশ্বাস কৰা হয় যদিও মাত্ৰ ২৫১টা স্তৱকহে আছে আৰু বিষয়বস্তুৰ তালিকাত উল্লেখ কৰা বহু বিষয় হেৰাই গৈছে। দ্বিতীয়খন পাটিগণিত-সাৰ, যাক তিনিশ পদত লিখাৰ বাবে ত্ৰিশতীকা ("৩০০ থকা") বুলিও কোৱা হয়, ই পটিগণিতৰ সংক্ষিপ্ত সাৰাংশ।[1] ইয়াত সংখ্যা গণনা, প্ৰাকৃতিক সংখ্যা, শূন্য, পৰিমাপ, গুণন, ভগ্নাংশ, বিভাজন, বৰ্গ, ঘনক, তিনিৰ নিয়ম, সুত-গণনা, যৌথ ব্যৱসায় বা অংশীদাৰিত্ব, আৰু জোখ-মাখৰ বিষয়ে আলোচনা কৰা হৈছে।

তেখেতে বীজগণিত বিষয়ক বীজগণিত নামৰ এখন গ্ৰন্থও ৰচনা কৰিছিল, যিখন হেৰাই গৈছে যদিও কিছু উদ্ধৃতি পিছৰ গণিতজ্ঞসকলৰ গ্ৰন্থত ৰৈ গৈছে। কিছুমান ইতিহাসবিদৰ মতে শ্ৰীধৰে হয়তো গণিত-পঞ্চবিংশি নামৰ আন এখন গাণিতিক গ্ৰন্থও ৰচনা কৰিছিল।[4]

তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত–[5]

  • শূন্যৰ ওপৰত তেওঁৰ বৰ্ণনা। তেওঁ লিখিছে, "যদি যিকোনো সংখ্যাত শূন্য যোগ কৰা হয়, তেন্তে যোগফলটো একে সংখ্যা; যিকোনো সংখ্যাৰ পৰা শূন্য বিয়োগ কৰিলে সংখ্যাটো অপৰিৱৰ্তিত হৈ থাকে; যদি শূন্যক যিকোনো সংখ্যাৰে গুণ কৰা হয়, তেন্তে গুণফল শূন্য"।
  • ভগ্নাংশক ভাগ কৰাৰ ক্ষেত্ৰত তেওঁ ভগ্নাংশটোক হৰণকাৰীৰ পাৰস্পৰিক গুণেৰে গুণ কৰাৰ পদ্ধতি বিচাৰি উলিয়াইছে।
  • তেওঁ দ্বিঘাত সমীকৰণ সমাধানৰ বাবে বৰ্গ সম্পূৰ্ণ কৰাৰ পদ্ধতি উপস্থাপন কৰিছিল, যাক কেতিয়াবা শ্ৰীধৰৰ পদ্ধতি বা হিন্দু পদ্ধতি বুলিও কোৱা হয়। যিহেতু প্ৰতীকী সহগ থকা সাধাৰণ দ্বিঘাত সমীকৰণ এটাৰ বাবে বৰ্গ সম্পূৰ্ণ কৰি দ্বিঘাত সূত্ৰটো উলিয়াব পাৰি, সেয়েহে ইয়াক কোনো ঠাইত শ্ৰীধৰাচাৰ্যৰ সূত্ৰ বুলি কোৱা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 Gupta 2008.
  2. Hayashi 2002; O'Connor & Robertson 2000
  3. Gupta 1987;
    Plofker, Kim (2009). "Appendix B: Biographical Data on Indian Mathematicians". Mathematics in India. Princeton University Press. পৃষ্ঠা. 325. ISBN 978-0-691-12067-6. 
  4. Subrata, Bhowmik. (2010). "Great Indian Mathematicians of Post-Christian Era". Bulletin of Tripura Mathematical Society. XXX. 17-18.
  5. O'Connor & Robertson 2000.