শ্ৰীলংকাৰ সেনাবাহিনীৰ মহিলা বাহিনী
| শ্ৰীলংকাৰ সেনাবাহিনীৰ মহিলা বাহিনী | |
|---|---|
| সক্ৰিয়তা | ১৯৭৯–বৰ্তমান |
| দেশ | |
| আনুগত্য | |
| শাখা | |
| ভূমিকা | কম্বেট চাৰ্ভিচ চাপোৰ্ট |
| আকাৰ | ৪ বেটেলিয়ন |
| ৰেজিমেন্টেল হেডকোৱাৰ্টাৰ | ব’ৰেলা, কলম্বো |
| মূলমন্ত্ৰ | শক্তিশালী মনেই সৰ্বকঠিন অস্ত্ৰ |
| যুদ্ধসমূহ | শ্ৰীলংকাৰ চিভিল ৱাৰ |
| কামণ্ডাৰ/সেনাপতি | |
| কলোনেল কামাণ্ডেণ্ট | মেজৰ জেনেৰেল চি এছ মানাসিংহে |
| চেন্টাৰ কামাণ্ডেণ্ট | ব্ৰিগ্ৰেডিয়াৰ পি এম এছ কৰুনাৰত্নে |
| উল্লেখযোগ্য কামণ্ডাৰসকল |
Brig. A.W. Thambiraja Lt. Col. Kumudini Weerasekara |
শ্ৰীলংকা সেনাবাহিনীৰ মহিলা বাহিনী (SLAWC) শ্ৰীলংকা সেনাবাহিনীৰ এটা কৰ্পছ। ১৯৭৯ চনৰ ১ ছেপ্টেম্বৰত এই কৰ্পছটো গঠন কৰা হয়। এই কৰ্পছৰ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয় কলম্বোৰ ব'ৰেলাত আছে।[1] প্ৰথম অৱস্থাত এই কৰ্পছৰ সদস্যসকলক অসামৰিক কৰ্মচাৰী হিচাপে নিয়োগ কৰা হৈছিল যদিও পিছলৈ ক্ষেত্ৰভিত্তিক কৰ্তব্যত নিয়োজিত কৰা হৈছিল।[2]
ইতিহাস
[সম্পাদনা কৰক]ব্ৰিটিছ সেনাৰ মহিলা ৰয়েল আৰ্মী কৰ্পছৰ সহায়ত ৩ গৰাকী মহিলাক আঠ মাহৰ দীঘলীয়া বিষয়া প্ৰশিক্ষণৰ বাবে ব্ৰিটেইনলৈ পঠিওৱা হয়। তেওঁলোকে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ১৯৭৯ চনৰ আগষ্ট মাহত শ্ৰীলংকালৈ উভতি আহে আৰু সেই বছৰৰ নৱেম্বৰ মাহত মহিলা কৰ্পছলৈ লৈ যোৱা হয়। লেফটেনেণ্ট কৰ্ণেল এ.ডব্লিউ. পিছলৈ ব্ৰিগেডিয়াৰ পদবীলৈ উন্নীত হোৱা থাম্বিৰাজা, এই কৰ্পছৰ প্ৰথম কমাণ্ডিং অফিচাৰ আৰু লেফটেনেণ্ট কৰ্ণেল কুমুডিনি ৱেৰাচেকাৰা আছিল প্ৰথম মহিলা কমাণ্ডিং অফিচাৰ।[3] ১৯৮০ চনত ব্ৰিটেইনৰ ডব্লিউ আৰ এ চিৰ প্ৰশিক্ষকসকলে শ্ৰীলংকাৰ মহিলাসকলক মহিলা কৰ্পচৰ বাবে প্ৰশিক্ষণ দিবলৈ শ্ৰীলংকালৈ আহিছিল আৰু ১০ গৰাকী মহিলাক এমাহৰ বাবে দিয়াটালাৱাৰ সেনা প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হৈছিল আৰু উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকক পোনপটীয়াকৈ কৰ্পৰেল ৰেংক দিয়া হৈছিল। ১৯৮১ চনত ৪৫ গৰাকী মহিলাক নিযুক্তি দি কেৰাণীৰ কাম আৰু এক্সচেঞ্জ অপাৰেটৰৰ প্ৰশিক্ষণ দিয়া হয়, এইটো আছিল প্ৰথম বেটচ মহিলা যি ৰেংক প্ৰাইভেট (নিম্ন খাপৰ সেনা) আছিল, দ্বিতীয় বেটচ মহিলা প্ৰাইভেট হিচাপে একে বছৰতে লোৱা হৈছিল। যিসকলক কেৰাণীৰ কৰ্তব্যৰ প্ৰশিক্ষণো দিয়া হৈছিল আৰু লগতে চিগনেল কৰ্তব্যও দিয়া হৈছিল। ১৯৮৪ চনত পঞ্চম বেটচৰ মহিলা প্ৰাইভেট লোৱা হয়, আৰু এই বেচটোক লাইট মেচিনগানৰ প্ৰশিক্ষণ দিয়া হয়, এইটোৱেই আছিল মহিলা কৰ্পৰ প্ৰথমটো বেচ য’ত অস্ত্ৰ প্ৰশিক্ষণ দিয়া হৈছিল। ১৯৮০ চনৰ শেষৰ ফালে ৮ গৰাকী মহিলাক বাদামৰাচ্চি অভিযানত লৈ যোৱা হয়, এইটোৱেই আছিল প্ৰথম যুদ্ধ অভিযান য'ত মহিলা কৰ্পছৰ সদস্যসকলে অংশগ্ৰহণ কৰিছিল।[4]
ইউনিট
[সম্পাদনা কৰক]নিয়মিত
[সম্পাদনা কৰক]- ১ম শ্ৰীলংকা সেনাবাহিনীৰ মহিলা কৰ্পছ
- ৭ নং শ্ৰীলংকা সেনাবাহিনীৰ মহিলা বাহিনী
স্বেচ্ছাসেৱক
[সম্পাদনা কৰক]- ২য়(v) শ্ৰীলংকা সেনাবাহিনীৰ মহিলা বাহিনী
- ৩য়(v) শ্ৰীলংকা সেনাবাহিনীৰ মহিলা বাহিনী
উল্লেখযোগ্য সদস্যসকল
[সম্পাদনা কৰক]- সুসান্তিকা জয়সিংহ - ২০০০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অলিম্পিকৰ ৰূপৰ পদক বিজয়ী।
- নাদীকা লাকমালি - এছিয়ান চেম্পিয়নশ্বিপ আৰু দক্ষিণ এছিয়ান গেমছত ৰূপৰ পদক বিজয়ী।[5]
- দিলাহনি লাকামগে - ৰূপৰ পদক বিজয়ী এছিয়ান চেম্পিয়নশ্বিপ।
- নাদীশা ৰামনায়কে - এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ পদক বিজয়ী।[6]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sri Lanka Army Women’s Corps HQ Complex Enters into its New 5-Storied Building". news.lk. 25 September 2021. https://news.lk/news/political-current-affairs/item/32994-sri-lanka-army-women-s-corps-hq-complex-enters-into-its-new-5-storied-building.[সংযোগবিহীন উৎস]
- ↑ "WOMEN ON THE FRONT LINES". dailymirror.lk. https://www.dailymirror.lk/news-features/WOMEN-ON-THE-FRONT-LINES/131-232634.
- ↑ "Sri Lanka Army Women's Corps, Sri Lanka Army". Sri Lanka Army. http://www.army.lk/regiment_regular_19.php.
- ↑ History of 1 SLAWC - Sri Lanka Army Women's Corps
- ↑ "Nadeeka LAKMALI". Olympics.com. https://olympics.com/en/athletes/nadeeka-lakmali.
- ↑ "Army’s Ramanayake wins gold after 23 years in 400m at the Asian Athletic Championship". dailymirror.lk. 14 July 2023. https://www.dailymirror.lk/print/sports/Armys-Ramanayake-wins-gold-after-23-years-in-400m-at-the-Asian-Athletic-Championship/244-263130.