শ্ৰীলতা নাম্বুতিৰি
শ্ৰীলতা নাম্বুতিৰি | |
---|---|
জন্ম | অঞ্জিলিভেলিল বসন্ত ০৪ ফেব্ৰুৱাৰী, ১৯৫০ (৭৫ বছৰ)[1] কাৰুভাটা, আলাপ্পুজা, ট্ৰিভাংকুৰ, ভাৰত |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৬৭–১৯৮৫ ২০০৫–বৰ্তমান |
সন্তান | ২ |
শ্ৰীলতা নাম্বুতিৰি (ইংৰাজী: Sreelatha Namboothiri; জন্ম: অঞ্জিলিভেলিল বসন্ত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য গায়িকা৷ তেওঁ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰে।[2] তেওঁ প্ৰায় তিনিশৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৬৭ চনত মুক্তি লাভ কৰা খদীজা আছিল তেওঁৰ প্ৰথম চলচ্চিত্ৰ। ১৯৫৩ চনত শিশু শিল্পী হিচাপে আশাদীপম ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ২০২৩ চনত মালয়ালম চলচ্চিত্ৰ উদ্যোগত ৭০ বছৰ সম্পূৰ্ণ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ত্ৰিভাংকুৰৰ আলাপ্পুজাৰ কৰুৱত্তাত শ্ৰীলতাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ অঞ্জিলিভেলিল বালকৃষ্ণন নাইৰ আছিল সেনা বিষয়া আৰু মাতৃ কমলাম্মা চৰকাৰী বিদ্যালয়ত সংগীতৰ শিক্ষয়িত্ৰী আছিল।[3] তেওঁৰ প্ৰাথমিক শিক্ষা আলাপ্পুজাৰ হৰিপাদৰ চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত গ্ৰহণ কৰিছিল। বিদ্যালয়ত থাকোঁতে তেওঁ এগৰাকী খেলুৱৈ আছিল। ৰাজ্যিক পৰ্যায়ত দুবাৰকৈ দীঘল জাঁপৰ বাবে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। কে.পি.এ.চি.ত (কেৰালা পিপলছ আৰ্টছ ক্লাব) যোগ দিছিল৷ সপ্তম শ্ৰেণীত পঢ়ি থকা সময়তে তেওঁ গায়িকা হিচাপে আৰু পিছলৈ বিভিন্ন পৰ্যায়ত নাটক পৰিবেশন কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ পঢ়া-শুনা আগবঢ়াই নিব নোৱাৰিলে। দক্ষিণামূৰ্তিৰ পৰা তেওঁ শাস্ত্ৰীয় সংগীত শিকিছিল।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৭৯ চনত তেওঁ কালাদী নম্বুতিৰি নামেৰে পৰিচিত কালাদী পৰমেশ্বৰন নম্বুতিৰিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কালাদি এজন অভিনেতা আৰু আয়ুৰ্বেদ চিকিৎসক আছিল৷ বিয়াৰ পিছত চলচ্চিত্ৰৰ পৰা বিৰতি লৈ তেওঁ থ্ৰিছুৰৰ কুন্নামকুলামত নিগাজিকৈ বাস কৰিবলৈ লয়। তেওঁলোকৰ বিশাখ নামৰ এজন পুত্ৰ আৰু গংগা নামৰ এগৰাকী কন্যা আছে। ২০০৫ চনত স্বামীৰ মৃত্যুৰ পিছত তেওঁ উভতি আহিছিল আৰু বৰ্তমান তেওঁ কেৰেলাৰ তিৰুৱনন্তপুৰমত বাস কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Sreelatha Namboothiri turns 75; from stage singer to silver screen star". https://keralakaumudi.com/en/news/mobile/news.php?id=1472931&u=sreelatha-namboothiri-turns-75-from-stage-singer-to-silver-screen-star-1472931.
- ↑ "malayalamcinema.com, Official website of AMMA, Malayalam Film news, Malayalam Movie Actors & Actress, Upcoming Malayalam movies". kerala.com. http://www.kerala.com/malayalamcinema/star-details.php?member_id=356। আহৰণ কৰা হৈছে: 26 August 2013.
- ↑ "Archived copy". Archived from the original on 26 July 2014. https://web.archive.org/web/20140726024057/http://i6.minus.com/ibjD3M5hgyjgRc.jpg। আহৰণ কৰা হৈছে: 18 July 2014.
- ↑ "പാടാൻ വന്നതു പൊട്ടിച്ചിരിയായി". manoramaonline.com. http://www.manoramaonline.com/movies/columns/cinema-puzha/sree-latha.html। আহৰণ কৰা হৈছে: 2 May 2015.