শ্ৰীলীলা
| শ্ৰীলীলা | |
|---|---|
২০২২ চনত শ্ৰীলীলা | |
| জন্ম | ১৪ জুন, ২০০১ (২৪ বছৰ) ডেব্ৰুইট, মিছিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষানুষ্ঠান | ডি. ৱাই. পাটিল স্কুল অৱ মেডিচিন, নবী মুম্বাই |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৭–বৰ্তমান |
| সন্তান | ২ (দত্তক লোৱা) |
শ্ৰীলীলা[টোকা 1] (জন্ম: ১৪ জুন, ২০০১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ শিশু শিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০১৯ চনৰ ছবি কিছৰ জৰিয়তে মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ পেল্লী চন্দা ডি (২০২১), ধামাকা (২০২২), ভগাৱন্ত কেশৰী (২০২৩), গুণ্টুৰ কাৰম (২০২৪) আৰু মাছ জাতৰা (২০২৫) ছবিত অভিনয় কৰে। তেওঁ তিনিটাকৈ ছাউথ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল মুভি এৱাৰ্ড লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]শ্ৰীলীলাৰ জন্ম হৈছিল ২০০১ চনৰ ১৪ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিগানৰ ডেব্ৰুইটৰ এটা তেলুগু পৰিয়ালত।[3][4] তেওঁ ভাৰতৰ বেংগালুৰুত ডাঙৰ-দীঘল হৈছিল।[5][6] তেওঁৰ আইতাক-ককাক অন্ধ্ৰ প্ৰদেশৰ ওংগোলৰ বাসিন্দা আৰু শৈশৱত তেওঁ প্ৰায়ে সেই ঠাইলৈ গৈছিল।[7] তেওঁৰ মাতৃ স্বৰ্ণলতা বেংগালুৰুৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ।[8] স্বৰ্ণলতা উদ্যোগপতি সুৰাপানেনি শুভাকৰ ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু এই দম্পতীৰ বিচ্ছেদৰ বহু পিছত শ্ৰীলীলাৰ জন্ম হৈছিল। ৰাওৱে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে শ্ৰীলীলা তেওঁৰ কন্যা নহয়। স্বৰ্ণলতাই এতিয়ালৈকে শ্ৰীলীলাৰ পিতৃ কোন সেই কথা প্ৰকাশ কৰা নাই।[9][6][10]
শ্ৰীলীলাই সৰুৰেপৰাই ভৰতনাট্যম নৃত্যৰ প্ৰশিক্ষণ লৈছিল। ২০২৬ চনত তেওঁ নবী মুম্বাইৰ ডি. ৱাই. পাটিল স্কুল অৱ মেডিচিনৰপৰা এমবিবিএছ ডিগ্ৰী লাভ কৰি এগৰাকী চিকিৎসক হিচাপে পৰিগণিত হয়।[11][12][13]
কেৰিয়াৰ
[সম্পাদনা কৰক]প্ৰাৰম্ভিক কাম (২০১৭–২০২০)
[সম্পাদনা কৰক]শ্ৰীলীলাই ২০১৭ চনৰ তেলুগু চলচ্চিত্ৰ চিত্ৰাংগদাৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ সিন্ধু টোলানীৰ চৰিত্ৰটোৰ সৰু কালৰ সংস্কৰণটো ৰূপায়ণ কৰিছিল।[14] পৰিচালক এ. পি. অৰ্জুনে চিনেমাটোগ্ৰাফাৰ ভুৱন গৌড়ায়ে তোলা শ্ৰীলীলাৰ ছবি ছচিয়েল মিডিয়াত দেখিছিল আৰু তেওঁক ২০১৯ চনৰ বোলছবি কিছত মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ দিছিল। অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তেলুগু চলচ্চিত্ৰ জগতত চিনাকি থকা সত্ত্বেও তেওঁ কানাড়া ভাষাৰ চলচ্চিত্ৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল কাৰণ তেওঁ বেংগালুৰুত ডাঙৰ-দীঘল হৈছিল।[15]
শ্ৰীলীলা প্ৰাক-বিশ্ববিদ্যালয় পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত থাকোঁতেই ২০১৭ চনত কিছৰ চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল।[3] ২০১৯ চনত মুক্তি পোৱা ছবিখনে বক্স অফিচত সফলতা অৰ্জন কৰিছিল।[16] দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এ. শাৰদাই কৈছিল যে শ্ৰীলীলাই এক আত্ম-বিশ্বাসী অভিষেক ঘটাইছে। টাইমছ অৱ ইণ্ডিয়াৰ সমালোচক বিনয় লোকেশেও একে সুৰতে কয় যে শ্ৰীলীলাই নিজৰ চৰিত্ৰত উজ্জ্বল প্ৰদৰ্শন কৰিছে।[17] এমাহৰ পিছত শ্ৰীমুৰলীৰ বিপৰীতে তেওঁৰ দ্বিতীয়খন ছবি ভাৰাতে মুক্তি পায়।[18] তেওঁৰ অভিনয় পৰ্যবেক্ষণ কৰি দ্য নিউজ মিনিটৰ অৰবিন্দ শ্বেতাই লিখিছে: "শ্ৰীৰ অভিনয় ভাল আৰু অভিনয় তথা পৰ্দাত উপস্থিতিৰ ক্ষেত্ৰত তেওঁ শ্ৰী মুৰলীৰ সৈতে সমানে খোজ মিলাইছে।" [19]
কৰ্মজীৱনৰ উঠা-নমা (২০২১–বৰ্তমান)
[সম্পাদনা কৰক]
২০২১ চনত শ্ৰীলীলাই ৰোমাণ্টিক মিউজিকেল ছবি পেল্লী চন্দা ডিত অভিনয়ৰ সুযোগ লাভ কৰে, যিখন আছিল তেলুগু চলচ্চিত্ৰ জগতত তেওঁৰ অভিষেক ছবি।[20] অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চৰিত্ৰটোক এটা অতি আকৰ্ষণীয় ভূমিকা বুলি অভিহিত কৰিছিল।[21] ছবিখনে নেতিবাচক সমালোচনা লাভ কৰিলেও শ্ৰীলীলাৰ অভিনয়ে সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।[22] দ্য হিন্দুৰ সংগীতা দেৱীয়ে ছবিখনক মুখ্য অভিনেতা ৰোচন আৰু শ্ৰীলীলাৰ বাবে এক ব্যয়-বহুল "শ্ব'ৰিল" বুলি অভিহিত কৰি মন্তব্য কৰে যে তেওঁলোকক পৰ্দাত সতেজ দেখিছিল যদিও তেওঁলোকৰ মাজত ৰসায়নৰ অভাৱ আছিল।[23]
২০২২ চনত তেওঁ কানাড়া ৰোমাণ্টিক কমেডী বাই টু লাভত অভিনয় কৰে। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ শাৰদাই ছবিখনত তেওঁৰ অভিনয় উপভোগ্য বুলি অনুভৱ কৰিছিল।[24] ডেক্কান হেৰাল্ডৰ এটা পৰ্যালোচনাত কোৱা হৈছে যে তেওঁৰ অভিনয় প্ৰভাৱশালী আছিল যদিও শ্ৰীলীলাৰ কানাড়া উচ্চাৰণত অধিক উন্নতিৰ থল আছিল।[25] ইয়াৰ পিছত তেওঁ ২০২২ চনৰ ছবি জেমছৰ "ট্ৰেডমাৰ্ক" গীতটিত এক বিশেষ চৰিত্ৰত ভূমুকি মাৰে।[26] পেল্লী চন্দা ডিৰ সফলতাৰ পিছত শ্ৰীলীলাই তেলুগু ছবিত কেইবাটাও সুযোগ লাভ কৰে।[22][27] ইয়াৰ পিছত তেওঁ ৰবি তেজাৰ বিপৰীতে ধামাকা ছবিত অভিনয় কৰে, যিখনে বক্স অফিচত সফলতা লাভ কৰিছিল।[28]
২০২৩ চনত শ্ৰীলীলাই ৰাম পোটিনেনিৰ সৈতে স্কন্দ ছবিত অভিনয় কৰে।[29] ছবিখনে সমালোচকৰপৰা মিশ্ৰিত তথা নেতিবাচক সমালোচনা লাভ কৰে আৰু বক্স অফিচত বিফল হয়।[30] ইয়াৰ পিছত শ্ৰীলীলা অনিল ৰবিপুদীৰ পৰিচালনাত নন্দমুৰী বালকৃষ্ণ আৰু কাজল আগৰৱালৰ সৈতে ভগাৱন্ত কেশৰীত অভিনয় কৰে। এই ছবিখনে সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰে।[31]
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "'RRR' director SS. Rajamouli launches Gali Janardhan Reddy's son's film.". March 4, 2022. https://timesofindia.indiatimes.com.
- ↑ "Sree Leela is not my daughter, says this telugu business man". ZEE5. October 18, 2021. https://www.zee5.com। আহৰণ কৰা হৈছে: June 14, 2022.
- 1 2 "KISS debutante determined to be a doctor". Cinema Express. October 15, 2017. https://www.cinemaexpress.com/stories/interviews/2017/oct/15/kiss-debutante-determined-to-be-a-doctor-2595.html। আহৰণ কৰা হৈছে: March 20, 2022. "Sreeleela, who is getting ready to face the camera at the tender age of 16."
- ↑ "Sreeleela". manoramaonline.com. https://www.manoramaonline.com/web-stories/movies/2023/10/25/actress-sreeleela-charming-pictures.html। আহৰণ কৰা হৈছে: November 16, 2023.
- ↑ Adivi, Sashidhar (February 14, 2022). "Ravi Teja is full of energy: Sreeleela". Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/140222/ravi-teja-is-full-of-energy-sreeleela.html। আহৰণ কৰা হৈছে: March 20, 2022.
- 1 2 "Industrialist Clarifies PelliSandaD Heroine Sree Leela Is Not His Daughter". Sakshi Post. October 17, 2021. Archived from the original on March 20, 2022. https://web.archive.org/web/20220320073643/https://english.sakshi.com/news/entertainment/industrialist-surapaneni-subhakar-clarifies-pellisandad-heroine-sree-leela-not। আহৰণ কৰা হৈছে: March 20, 2022.
- ↑ "Sreeleela: "నేనూ ఒంగోలియనే..." ఒంగోలులో సందడి చేసిన హీరోయిన్ శ్రీలీల [Sreeleela: "I am also from Ongole..." Heroine Srileela created a stir in Ongole]" (te ভাষাত). News18. October 29, 2023. https://telugu.news18.com/news/andhra-pradesh/i-am-also-ongolian-says-sreeleela-in-ongole-in-bhagavant-kesari-movie-promotion-ong-tvk-ss-2264144.html। আহৰণ কৰা হৈছে: March 3, 2025.
- ↑ "Mum's the word". The New Indian Express. June 10, 2020. https://www.newindianexpress.com/cities/bengaluru/2020/jun/10/mums-the-word-2154432.html। আহৰণ কৰা হৈছে: March 20, 2022.
- ↑ "What happened between Sreeleela and her father? The truth behind the buzz". Indulge Express. September 21, 2025. https://www.indulgexpress.com/entertainment/celebs/2025/Sep/21/did-sreeleelas-father-truly-disown-her-the-truth-behind-the-buzz। আহৰণ কৰা হৈছে: October 21, 2025.
- ↑ "Pelli SandaD heroine Sree Leela is not my daughter: Subhakara Rao Suprapaneni states in a press meet". The Times of India. October 17, 2021. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/pelli-sandad-heroine-sree-leela-is-not-my-daughter-subhakara-rao-suprapaneni-states-in-a-press-meet/articleshow/87100789.cms। আহৰণ কৰা হৈছে: March 20, 2022.
- ↑ "Actress Sreeleela passes MBBS and becomes a qualified doctor. Which medical college was she studying at?". The Economic Times. February 12, 2026. https://m.economictimes.com/magazines/panache/actress-sreeleela-passes-mbbs-and-becomes-a-qualified-doctor-which-medical-college-was-she-studying-at/articleshow/128213025.cms.
- ↑ "Sreeleela graduates with medical degree after 6 years of juggling acting with studies, fans impressed by her discipline". hindustantimes.com. February 11, 2026. https://www.hindustantimes.com/entertainment/telugu-cinema/sreeleela-graduates-with-medical-degree-after-6-years-of-juggling-acting-with-studies-fans-impressed-by-her-discipline-101770800618835.html। আহৰণ কৰা হৈছে: February 11, 2026.
- ↑ "'Dr Sreeleela' is official: Actress wins hearts as she graduates medical school while starring in blockbusters". indianexpress.com. February 11, 2026. https://indianexpress.com/article/entertainment/telugu/dr-sreeleela-graduates-medical-school-while-starring-in-blockbusters-10526482/। আহৰণ কৰা হৈছে: February 11, 2026.
- ↑ Mounika (June 14, 2023). "శ్రీలీల చైల్డ్ ఆర్టిస్ట్ గా నటించిన చిత్రం ఏదో తెలుసా..?". Manam News. https://manamnews.com/do-you-know-srileela-first-movie-as-a-child-artist/। আহৰণ কৰা হৈছে: February 22, 2024.
- ↑ "Bhuvan Gowda's pictures of me landed me in Kannada films: Actress Sree Leela". The Times of India. November 14, 2018. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/bhuvan-gowdas-pictures-of-me-landed-me-my-break-in-kannada-films-sree-leela/articleshow/66770901.cms.
- ↑ "Kiss Movie: Viraat, Sree Leela-starrer Kiss crosses 100th day milestone". Bangalore Mirror. February 18, 2020. https://bangaloremirror.indiatimes.com/entertainment/south-masala/kiss-crosses-100th-day-milestone/articleshow/74183010.cms। আহৰণ কৰা হৈছে: March 20, 2022.
- ↑ Vinay Lokesh (September 27, 2019). "Kiss movie review". The Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movie-reviews/kiss/movie-review/71336392.cms.
- ↑ "Interview | Expect no shades of 'KISS' in 'Bharaate', says actress Sreeleela". The New Indian Express. October 14, 2019. https://www.newindianexpress.com/entertainment/kannada/2019/oct/14/interview--expect-no-shades-of-kiss-in-bharaate-says-actress-sreeleela-2047094.html। আহৰণ কৰা হৈছে: September 13, 2020.
- ↑ "'Bharaate' review: Sri Murali film is all mass with too many subplots". The News Minute. October 18, 2019. https://www.thenewsminute.com/article/bharaate-review-sri-murali-film-all-mass-too-many-subplots-110766। আহৰণ কৰা হৈছে: March 20, 2022.
- ↑ "Not much difference between Sandalwood and Tollywood: Sreeleela". The New Indian Express. May 8, 2021. https://www.newindianexpress.com/entertainment/kannada/2021/may/08/not-much-difference-between-sandalwood-and-tollywood-sreeleela-2299767.html। আহৰণ কৰা হৈছে: June 29, 2021.
- ↑ "I got a role to die for in my Telugu film debut: Sreeleela". The Times of India. January 13, 2021. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/i-got-a-role-to-die-for-in-my-telugu-film-debut-sreeleela/articleshow/80236953.cms.
- 1 2 "Does Sreeleela demand Rs 1 crore for a film?". The Times of India. February 3, 2022. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/does-sreeleela-demand-rs-1-crore-for-a-film/articleshow/89317955.cms। আহৰণ কৰা হৈছে: March 20, 2022.
- ↑ Chowdhary, Y. Sunita (October 16, 2021). "'Pelli SandaD' movie review: Done and dusted old school romance". The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/reviews/pelli-sandad-movie-review-done-and-dusted-old-school-romance/article37017971.ece.
- ↑ "By Two Love is all about relationship management". The New Indian Express. February 19, 2022. https://www.newindianexpress.com/entertainment/review/2022/feb/19/by-two-love-is-all-aboutrelationship-management-2421129.html.
- ↑ "'By Two Love' review: An epic misfire". Deccan Herald. February 18, 2022. https://www.deccanherald.com/entertainment/by-two-love-review-an-epic-misfire-1082997.html। আহৰণ কৰা হৈছে: March 20, 2022.
- ↑ "'James': Rachita Ram, Sreeleela, and others shine in the Trademark single from the Puneeth Rajkumar starrer". The Times of India. March 2022. https://timesofindia.indiatimes.com/entertainment/kannada/music/james-rachita-ram-sreeleela-and-others-shine-in-the-trademark-single-from-the-puneeth-rajkumar-starrer/articleshow/89915962.cms.
- ↑ Chanti, Rajani (October 17, 2021). "Sree Leela: వివాదంలో పెళ్ళిసందD హీరోయిన్...శ్రీలీల నా కూతురు కాదంటూ..." (te ভাষাত). TV9 Telugu. https://tv9telugu.com/entertainment/tollywood/surapaneni-shubhakara-rao-says-pelli-sandad-heroine-sreeleela-is-no-his-daughter-559537.html। আহৰণ কৰা হৈছে: March 20, 2022.
- ↑ "OTT: ఈ వారం ఓటీటీలో బ్లాక్ బస్టర్ సినిమాలు.. వీకెండ్ ఎంజాయ్మెంట్ వేరే లెవల్!" (te ভাষাত). Samayam Telugu. https://telugu.samayam.com/telugu-movies/ott/telugu-films-18pages-dhamaka-arriving-on-ott-this-week/articleshow/97193849.cms। আহৰণ কৰা হৈছে: May 9, 2023.
- ↑ "Boyapati Rapo movie climax shot for 24 days". June 2, 2023. https://telanganatoday.com/boyapati-rapo-movie-climax-shot-for-24-days। আহৰণ কৰা হৈছে: June 13, 2023.
- ↑ "Skanda: The expected OTT release date of the Ram Pothineni starrer is here". OTTPlay. https://www.ottplay.com/news/skanda-the-expected-ott-release-date-of-the-ram-pothineni-starrer-is-here/24b4f57efc355। আহৰণ কৰা হৈছে: October 21, 2023. "film tanked at the box office"
- ↑ "Bhagavanth Kesari: Where director Anil Ravipudi proves it's possible to make a meaningful massy film". OTTplay.com. October 21, 2023. https://www.ottplay.com/news/bhagavanth-kesari-where-director-anil-ravipudi-proves-its-possible-to-do-a-meaningful-massy-film/c65f68de3e184। আহৰণ কৰা হৈছে: October 21, 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- শ্ৰীলীলা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| ৱিকিমিডিয়া কমন্সত শ্ৰীলীলা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |