সমললৈ যাওক

শ্ৰীলেখা মুখাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীলেখা মিত্ৰ

২০১৭ চনত মিত্ৰ
জন্ম ৩০ আগষ্ট, ১৯৭২ (৫৩ বছৰ)[1]
দমদম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৯৩- বৰ্তমান
ৰাজনৈতিক দল ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
দাম্পত্যসঙ্গী শিলাদিত্য সান্যাল (বি. ২০০৩; বিবি. ২০১৩)[2]
সন্তান [3]
ৱেবছাইট
sreelekhamitra.com

শ্ৰীলেখা মিত্ৰ (ইংৰাজী: Sreelekha Mitra) বাংলা চিনেমা আৰু টেলিভিছনৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক।[4] বি এফ জে এ বঁটা আৰু আনন্দলোক বঁটা বিজয়ী মিত্ৰৰ কেইখনমান উল্লেখযোগ্য ছবি হ’ল- হঠাৎ বৃষ্টি (১৯৯৮), কাঁটাতাঁৰ (২০০৬), অজস্ৰ প্ৰদীপ (২০১৩), স্বাদে আহলাদে (২০১৫), চৌকাথ (২০১৫), ৰেইনবো জেলী (২০১৮) আৰু মায়ানগৰ (২০২১)।[5][6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ দুলাল লাহিৰীয়ে পৰিচালনা কৰা বাংলা টিভি ধাৰাবাহিক বালিকাৰ প্ৰেমত প্ৰথম অভিনয় কৰিছিল।[7] ১৯৯৬ চনত অনিন্দ্য সৰকাৰৰ দ্বাৰা পৰিচালিত বাংলা টিভি ধাৰাবাহিক তৃষ্ণাত নবনীতাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশিষ্ট স্থান লাভ কৰে।[8] বহুকেইখন ছবিত অভিনয় কৰাৰ পিছত তেওঁৰ সফল ভূমিকা আছিল বাসু চেটাৰ্জীৰ হঠাৎ বৃষ্টিত (১৯৯৮), যিখন ছবি বক্স অফিচতো বৃহৎ সফলতা পায়।[9] ছবিখনৰ সফলতাৰ পিছতো মিত্ৰই তেওঁৰ কেৰিয়াৰত কেতিয়াও কোনো উল্লেখযোগ্য উন্নতি হোৱা নাছিল, যিটো তেওঁ বাংলা চিনেমাত ভাই-ভতিজাবাদৰ অবাঞ্চিত পৰিণতি বুলি দাবী কৰিছিল।[10]

বাপ্পাদিত্য বন্দোপাধ্যায়ৰ কাঁটাতাঁৰ (২০০৬) ছবিখনৰ বাবে তেওঁ বি এফ জে এ বঁটা আৰু আনন্দলোক বঁটা লাভ কৰে, য’ত তেওঁ এজনী অবৈধ অপ্ৰবাসী আৰু প্ৰেমৰ সন্ধানত এজন পুৰুষৰ পৰা আন এজন পুৰুষলৈ যোৱা এগৰাকী নাৰী সুধাৰ ভূমিকাত অভিনয় কৰিছিল। ২০১১ চনত সুমন মুখোপাধ্যায়ৰ মহানগৰ@কলকাতা (২০১০) ছবিত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ শাখাত বিগ বাংলা চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Goswami, Ranita (2023-08-31). "'বয়স নাৰীত্বেৰ সংজ্ঞা নয়', নিজেৰ বয়স জানিয়ে ঋতুপৰ্ণাকে বিঁধলেন শ্ৰীলেখা?" (bn ভাষাত). Hindustantimes Bangla. https://bangla.hindustantimes.com/entertainment/actress-sreelekha-mitra-take-a-dig-on-rituparna-senguptas-recent-comment-on-her-age-31693490194011.html আহৰণ কৰা হৈছে: 2024-03-23.
  2. "আমাৰ প্ৰাক্তন হ্যাণ্ডসম বলেই আৰ কাউকে সে ভাবে মনে ধৰল না: শ্ৰীলেখা" (bn ভাষাত). anandabazar.com. 20 November 2020. https://www.anandabazar.com/amp/entertainment/actor-sreelekha-mitra-miss-her-ex-husband-on-17th-marriage-anniversary-dgtl-1.1231520 আহৰণ কৰা হৈছে: 21 November 2020.
  3. "প্ৰাক্তন স্বামীৰ সঙ্গে ফেৰ একফ্ৰেমে শ্ৰীলেখা, অভিনেত্ৰীৰ মেয়েকে দেখে চেনা দায়!" (bn ভাষাত). Hindustantimes Bangla. 2022-12-10. Archived from the original on 2022-12-10. https://web.archive.org/web/20221210174123/https://bangla.hindustantimes.com/pictures/sreelakha-mitra-and-her-ex-husband-siladitya-sanyal-celebrates-their-daughter-oishi-s-17th-birthday-together-31670661246106.html আহৰণ কৰা হৈছে: 2022-12-10.
  4. "Sreelekha Mitra movies, filmography, biography and songs - Cinestaan.com". Cinestaan. https://www.cinestaan.com/people/sreelekha-mitra-30983 আহৰণ কৰা হৈছে: 2018-04-07.
  5. "Sreelekha Mitra's explosive video, actor alleges superstars control casting in Bengali industry" (en ভাষাত). The Times of India. 20 June 2020. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/sreelekha-mitras-explosive-video-actor-alleges-superstars-control-casting-in-bengali-industry/articleshow/76486238.cms আহৰণ কৰা হৈছে: 23 June 2020.
  6. "Sreelekha Mitra's explosive video, actor alleges superstars control casting in Bengali industry" (en ভাষাত). The Times of India. 20 June 2020. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/sreelekha-mitras-explosive-video-actor-alleges-superstars-control-casting-in-bengali-industry/articleshow/76486238.cms আহৰণ কৰা হৈছে: 23 June 2020.
  7. "Sreelekha Mitra's explosive video, actor alleges superstars control casting in Bengali industry" (en ভাষাত). The Times of India. 20 June 2020. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/sreelekha-mitras-explosive-video-actor-alleges-superstars-control-casting-in-bengali-industry/articleshow/76486238.cms আহৰণ কৰা হৈছে: 23 June 2020.
  8. "Sreelekha Mitra's explosive video, actor alleges superstars control casting in Bengali industry" (en ভাষাত). The Times of India. 20 June 2020. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/sreelekha-mitras-explosive-video-actor-alleges-superstars-control-casting-in-bengali-industry/articleshow/76486238.cms আহৰণ কৰা হৈছে: 23 June 2020.
  9. "Hothat Brishti made me the Ferdous I am". http://www.thedailystar.net/entertainment/hothat-brishti-made-me-the-ferdous-i-am-28269.
  10. Singh, Shalu (20 June 2020). "Actor Sreelekha Mitra claims superstars govern casting in Bengali film industry" (en ভাষাত). www.indiatvnews.com. https://www.indiatvnews.com/entertainment/regional-cinema/actor-sreelekha-mitra-claims-superstars-govern-casting-in-bengali-film-industry-627803 আহৰণ কৰা হৈছে: 21 June 2020.
  11. "92.7 BIG FM and Mustraj presents BIG Bangla Movie Awards 2010". EVENTFAQS Media. Archived from the original on 22 October 2021. https://web.archive.org/web/20211022202720/https://www.eventfaqs.com/news/ef-06409/92-7-big-fm-and-mustraj-presen-1300701061061 আহৰণ কৰা হৈছে: 29 August 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]