শ্ৰীশ্ৰী শ্ৰীৰাম আতা
| এই প্ৰবন্ধ বা অনুচ্ছেদ শ্ৰীৰাম আতা নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
শ্ৰীৰাম আতা (ইংৰাজী : Shriram Ata) হ'ল মহাপুপুষীয়া বৈষ্ণৱ গুৰু পৰম্পৰাৰ অন্তৰ্গত চলিহা বাৰঘেৰ সত্ৰৰ তৃতীয়গৰাকী ধৰ্মাচাৰ্য (সত্ৰাধিকাৰ)৷ তেখেত একাধাৰে এগৰাগী সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, সমাজসংগঠক, গীতিকাৰ, সুৰকাৰ, গায়ক, শিল্পী আছিল৷ শ্ৰীৰাম আতা হিচাপে জনাৰ লগতে তেখেতক শ্ৰীৰামদেৱ নামেৰেও জনা যায়৷ অসমৰ বৈষ্ণৱ ইতিহাসত শ্ৰীৰাম নামৰ তিনিজন সন্ত-মহন্তৰ নাম পোৱা যায়৷ সেইসকল হ'ল- আঁহতগুৰিৰ শ্ৰীৰাম আতা, বুঢ়া শ্ৰীৰাম আৰু এই লেখাত আলোচনা কৰা শ্ৰীৰাম আতা৷ বাকী দুজনৰ পৰা পৃথককৈ আৰু দ্ব্যৰ্থতা সৃষ্টি নহ'বৰ বাবে এইজনা শ্ৰীৰামক বাৰেঘৰীয়া শ্ৰীৰাম নামে অভিহিত কৰা হৈছে৷ শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম পৰম্পৰাত ধৰ্মৰ প্ৰসাৰতাৰ কথা ক'বলৈ যাওেঁত মুছলমানৰ চান্দসাই, গাৰোৰ গোবিন্দ ইত্যাদিৰ লগতে নগাৰ নৰোত্তমৰ নামো সততেই লোৱা হয়৷ এই নগাৰ (নক্তেৰ) নৰোত্তমক বাৰেঘৰীয়া শ্ৰীৰাম আতাই বৈষ্ণৱ ধৰ্মত শৰণ দি পৰ্বত ভৈয়ামৰ সম্প্ৰীতি গঢ়িছিল৷
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]শ্ৰীৰামদেৱৰ চৰিত (বসুদেৱ দ্বিজকৃত)-ৰ মতে 'মুনি বসু বাণ চন্দ্ৰ শক সিবেলাত/ বাৰেঘৰীয়াত জন্ম শ্ৰীৰাম সাক্ষাত৷ অৰ্থাৎ ১৫৮৭ শকত (১৬৬৫ চনত) শ্ৰীৰাম আতাৰ জন্ম হৈছিল৷ তেখেতৰ পিতৃৰ নাম আছিল সুদৰ্শনদেৱ বা সুদৰিশনদেৱ আৰু মাতৃৰ নাম আছিল পদ্মপ্ৰিয়া আই৷ শ্ৰীৰামদেৱে তেখেতৰ দ্বাৰা ৰচিত 'ভক্তি ছন্দমালা' নামৰ পুথিখনিত দিয়া আত্মপৰিচয় অনুসৰি সুদৰ্শনদেৱৰ পিতৃৰ নাম আছিল শ্ৰীকৃষ্ণদেৱ আৰু মাতৃৰ নাম অশোকা; শ্ৰীকৃষ্ণদেৱৰ পিতৃৰ নাম আছিল জয়হৰি আৰু মাতৃৰ নাম ৰূপা দেৱী৷ শ্ৰীকৃষ্ণদেৱে ৰচনা কৰা ঝুনাৰ মতে শ্ৰীকৃষ্ণদেৱৰ পিতৃ কায়স্থ কুলৰ যদু ভূঞ৷ গতিকে জয়হৰি আৰু যদু ভূঞা একেজন ব্যক্তি বুলি বুজিব লাগিব৷
সাহিত্যকৰ্ম
[সম্পাদনা কৰক]শ্ৰীৰামদেৱে অসমৰ সৰ্বসাধাৰণ লোকসকলে সহজে বুজি পাব পৰাকৈ সংস্কৃতমূলীয়া বহুতো গ্ৰন্থৰ অনুবাদ নাইবা ভাবানুবাদ কৰি কেইবাখনো পুথি ৰচনা কৰিছিল৷ তেখেতৰ জীৱনৰ প্ৰথম ৰচনা হ'ল 'ভক্তি ছন্দমালা'৷ দ্বিতীয় ৰচনা হ'ল বৃন্দাৱনৰ বৰ্ণনা অতি সৰলকৈ দাঙি ধৰি ৰচনা কৰা 'বৃন্দাবনচন্দ্ৰ' নামৰ পুথিখন৷ পৰৱৰ্তী সময়ত তেখেতে ভট্টদেৱৰ দ্বাৰা বিৰচিত সংস্কৃত 'ভক্তিবিবেক'-খনি অসমীয়ালৈ অনুবাদ কৰি 'ভক্তিবিবেক' ৰচনা কৰিছিল৷ তদুপৰি নৱম স্কন্ধ ভাগৱত, শান্তিশতক, সাত্বত তন্ত্ৰও তেখেতে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল৷ তেখেতে বহুতো গীতমাত ৰচনা কৰিছিল আৰু তাৰে ভিতৰত বৰ্তমাম ১৩৩ টা গীত পোৱা গৈছে৷ অধ্যাত্ম ৰামায়ণৰ সাতোটা কাণ্ডই শ্ৰীৰাম আতাই অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ৰামায়ণী সাহিত্যক চহকী কৰিছিল৷ তাৰে ভিতৰৰ 'সুন্দৰ কাণ্ড'-টি তেখেতৰ নাতি বিষ্ণুৰামদেৱ আৰু পূৰ্ণকামদেৱে চিত্ৰ ৰূপ দি 'সচিত্ৰ সুন্দৰকাণ্ড ৰামায়ণ' হিচাপে পুথিৰূপ দিছিল৷ এই চিত্ৰসমূহ আজিও শিৱসাগৰ জিলাৰ নাজিৰা স্থিত শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰত সংৰিক্ষত হৈ আছে৷ শ্ৰীৰামদেৱে বহুতো ঘোষা ৰচনা কৰি 'সৰুঘোষা' নামৰ এখনি পুথি কৰিছিল৷ তদুপৰি তেখেতে চাৰিখনি নাট 'ভীষ্মমোক্ষণ', 'বলিছলন', 'পৰীক্ষিত মোক্ষণ' আৰু 'অজামিল উপাখ্যান' ৰচনা কৰিছিল৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]১.বসুদেৱ দ্বিজ কৃত শ্রীৰামদেৱ চৰিত, প্ৰকাশক: মিহিৰচন্দ্ৰ মহন্ত, ১৯৬৫ চন
২. https://archive.org/details/in.ernet.dli.2015.451495/page/n1/mode/2up, পৃষ্ঠা নং- ১০৬-১০৮, সংকলন-সম্পাদনা: ড° মহেশ্বৰ নেওগ
৩. অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ চৰকাৰী ৱেবছাইট https://tirap.nic.in/history