সমললৈ যাওক

শ্ৰীৰাম আতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্ৰীৰাম আতা অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ সেৱক আৰু ভবানীপুৰীয়া গোপাল আতাৰ প্ৰধান শিষ্য। গোপাল আতাৰ উত্তৰাধিকাৰী হিচাপে তেওঁ কালঝাৰ সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰ হৈছিল। তেওঁ কালঝাৰৰ লগতে ভবানীপুৰ,পোৰাভৰাঁল,জোৱাৰা আদি সত্ৰৰো দায়িত্ব বহন কৰিছিল।

সত্ৰ স্থাপন

[সম্পাদনা কৰক]

আনুমানিক ষষ্ঠদশ শতিকাৰ শেষভাগত কালঝাৰত অধিকাৰ হৈ থকাৰ পিছত শ্ৰীৰাম আতাই উজনি অসমৰ মাজুলীত ১৬৪৩ চনত আহঁতগুৰি সত্ৰ স্থাপন কৰিছিল। কিন্তু আহোম ৰজাই তেওঁক ভাটিৰ মানুহ বুলি মাজুলীত থাকিব নিদিয়াত পুনৰ কালঝাৰ সত্ৰলৈ উভতি আহে আৰু তাতেই জীৱনৰ বাকী অংশ পাৰ কৰে।

পৰিয়াল

[সম্পাদনা কৰক]

শ্ৰীৰাম আতা পুত্ৰ পৰমানন্দ আৰু ৰামানন্দ। পিতৃৰ বিয়োগৰ পিছত ৰামানন্দ কালঝাৰৰ অধিকাৰ আৰু পৰমানন্দ পোৰাভঁৰাল সত্ৰৰ অধিকাৰ হয়।