শ্ৰী মুথুমৰিয়াম্মান মন্দিৰ, মাটালে
| মুথুমৰিয়াম্মান মন্দিৰ | |
|---|---|
শ্ৰীলংকাৰ মাটালেৰ মুথুমাৰিয়াম্মান মন্দিৰ। | |
| স্থান | |
| দেশ | শ্ৰীলংকা |
| অঞ্চল | চেণ্ট্ৰেল প্ৰভিঞ্চ,শ্ৰীলংকা |
| জিলা | মাটালে জিলা |
| স্থান | মাটালে |
| স্থানাংক | 7°28′35.9″N 80°37′21.4″E / 7.476639°N 80.622611°Eস্থানাংক: 7°28′35.9″N 80°37′21.4″E / 7.476639°N 80.622611°E |
| স্থাপত্য আৰু সংস্কৃতি | |
| স্থাপত্য শৈলী | দ্ৰাবিড় স্থাপত্য |
| ইতিহাস | |
| প্ৰতিস্থাপক | নট্টুকোট্টাই নাগাৰাথাৰ (চেট্টিয়াৰ) |
| ৱেবছাইট | www |
মুথুমাৰিয়াম্মান মন্দিৰ (ইংৰাজী: Muthumariamman Temple) (তামিল ভাষাত முத்து மாரயமம் கோவில்) বা আৰুলমিগু শ্ৰী মুথুমাৰী আম্মান কোভিল শ্ৰীলংকাৰ মাটালেৰ এটা হিন্দু মন্দিৰ।[1]
"মুথু" উপসৰ্গৰ আক্ষৰিক অৰ্থ হৈছে মুকুতা। "মাৰী" মানে বৰষুণ আৰু "আম্মান" মানে তামিল ভাষাত মাতৃ।[2] এই মন্দিৰটো বৰষুণ আৰু উৰ্বৰতাৰ দেৱী মাৰিয়াম্মানক উৎসৰ্গিত কৰা হৈছে।[3] এই মন্দিৰত ৰথ উৎসৱ সাধাৰণতে পূৰ্ণিমা পয়া দিৱসত মাগামৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয়। [4]
ইতিহাস
[সম্পাদনা কৰক]এই মাটি প্ৰথমে ধাননি পথাৰ আছিল আৰু ১৮৫২ চনত মালিকে উপহাৰ দিছিল।[5]
বৰ্তমানৰ মন্দিৰটো ১৮৭৪ চনত নাট্টুকোট্টাই চেটিয়াৰৰদ্বাৰা পুঁজিৰে নিৰ্মাণ কৰা হৈছিল।[6] এই মন্দিৰটো হিন্দু আৰু বৌদ্ধ উভয়েই ব্যৱহাৰ কৰে। মূলতঃ গছৰ তলত থকা সৰু মূৰ্তি, হিন্দুসকলে পূজা কৰা এই মন্দিৰটো মাটালেবাসীয়ে বিকশিত কৰিছিল। Matale.[7] ১৯৬০ চনত এই মন্দিৰৰ প্ৰথম কুম্ভভিষেকম সংঘটিত হয়।
১৯৮৩ চনৰ জুলাই মাহত তামিল বিৰোধী সংঘৰ্ষৰ সময়ত এই মন্দিৰৰ ব্যাপক ক্ষতি হৈছিল যদিও পিছত পুনৰ নিৰ্মাণ কৰা হয়। মন্দিৰৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য হৈছে ইয়াৰ ৩২.৯ মিটাৰ (১০৮ ফুট) উচ্চতাৰ গোপুৰম ('ৰাজা কোবুৰুম'), মন্দিৰৰ মূল উত্তৰ দুৱাৰ ('ভাদক্কু ৱাইল')ৰ ওপৰত থকা এটা বৃহৎ অলংকাৰিক টাৱাৰ।[5] ৰাজা কোবুৰুম শ্ৰীলংকাৰ অন্যতম বৃহৎ গোপুৰাম। দক্ষিণ ভাৰতীয় ভাস্কৰ্য শিল্পী নাগালিংগম আৰু তেওঁৰ পুত্ৰ ৰামনাথনে তামিলনাডু আৰু শ্ৰীলংকাৰ প্ৰায় ১০০ জন ডিজাইনাৰ, চিত্ৰকৰ আৰু স্থপতিৰ সহযোগত ১০০৮টা হিন্দু দেৱতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে। ২০০৭ চনত প্ৰায় ১৫ কোটি ₹ ব্যয় সাপেক্ষে ৰাজা কোবুৰুমৰ নিৰ্মাণ সম্পূৰ্ণ হয়।
বিশেষ অনুষ্ঠান
[সম্পাদনা কৰক]মন্দিৰত ৰথ উৎসৱকে ধৰি মূল ধৰ্মীয় উৎসৱসমূহ বছৰি ফেব্ৰুৱাৰী বা মাৰ্চ মাহত পালন কৰা হয়।[8][9]
মন্দিৰটোত পাঁচটা অলংকৃত ৰথ আছে, যিবোৰ 'থেৰ' বা 'ভেত্তাই থিৰুভিজা', ৰথ অনুষ্ঠানৰ দিনটোত চহৰখনৰ চাৰিওফালে হিন্দু দেৱতাৰ মূৰ্তি কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা হয়, যিটো 'মেদিন প'য়া' (মাৰ্চ মাহৰ পয়া দিৱস)ৰ আগদিনা অনুষ্ঠিত হয়।[10] গণেশ, শিৱ, মহাদেৱী, মুৰুগন আৰু চণ্ডেশ্বৰ নয়নাৰ হৈছে হিন্দু দেৱতাৰ পাঁচটা বিশিষ্ট প্ৰতিমূৰ্তি যিবোৰ ভক্তসকলে ৰথ উৎসৱত কঢ়িয়াই লৈ ফুৰে।[5]
বিবাহ হল
[সম্পাদনা কৰক]এই মন্দিৰত হিন্দু মানুহৰ বাবে এটা বৃহৎ বিবাহ হল আছে। এই বিবাহ হলটো ১৮৫৬ চনৰপৰা বৰ্তমানলৈকে ব্যৱহাৰ হৈ আহিছে। [10]
তথ্যৰ উৎস
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Muthumariamman Temple, Matale সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ↑ "Muthumariamman Temple in Matale". Sightseeing-Lankatours. Archived from the original on 12 March 2017. https://web.archive.org/web/20170312032258/http://www.sightseeing-lankatours.com/blog/muthumariamman-temple-in-matale। আহৰণ কৰা হৈছে: 9 March 2017.
- ↑ Nabokov, Isabelle (2000-09-21) (en ভাষাত). Religion Against the Self: An Ethnography of Tamil Rituals. Oxford University Press. ISBN 9780195354362. https://books.google.com/books?id=DhTYPMsPQCIC&q=mariamman+rain&pg=PA198.
- ↑ Bhattacharya, Jayati; Kripalani, Coonoor (2015-03-01) (en ভাষাত). Indian and Chinese Immigrant Communities: Comparative Perspectives. Anthem Press. ISBN 9781783083626. https://books.google.com/books?id=nLq2BgAAQBAJ&q=mariamman+rain&pg=PA159.
- ↑ "மாத்தளை ஶ்ரீ முத்துமாரியம்மன் ஆலய இரதோற்சவப் பெருவிழா இன்று - Newsfirst" (en ভাষাত). Sri Lanka Tamil News - Newsfirst | News1st | newsfirst.lk | Breaking. 2020-03-08. https://www.newsfirst.lk/tamil/2020/03/08/%E0%AE%AE%E0%AE%BE%E0%AE%A4%E0%AF%8D%E0%AE%A4%E0%AE%B3%E0%AF%88-%E0%AE%B6%E0%AF%8D%E0%AE%B0%E0%AF%80-%E0%AE%AE%E0%AF%81%E0%AE%A4%E0%AF%8D%E0%AE%A4%E0%AF%81%E0%AE%AE%E0%AE%BE%E0%AE%B0%E0%AE%BF%E0%AE%AF/। আহৰণ কৰা হৈছে: 2022-02-17.
- ↑ 5.0 5.1 5.2 "மகத்தான வாழ்வு தரும் மாத்தளை முத்து மாரியம்மன் திருக்கோவில் || mathalai muthu mariamman temple sri lanka" (English ভাষাত). Maalaimalar. 2018-09-26. https://www.maalaimalar.com/devotional/devotionaltopnews/2018/09/26075301/1193799/mathalai-muthu-mariamman-temple-sri-lanka.vpf। আহৰণ কৰা হৈছে: 2022-02-17.
- ↑ Pieris, Kamalika (5 April 2016). "Hindu temples in British Ceylon". The Island. http://www.island.lk/index.php?page_cat=article-details&page=article-details&code_title=143248.
- ↑ "LANKALIBRARY FORUM • View topic – Arulmigu Sri Muthumari Amman Hindu Kovil" (en-gb ভাষাত). lankalibrary.com. http://lankalibrary.com/phpBB/viewtopic.php?t=3231। আহৰণ কৰা হৈছে: 1 April 2017.
- ↑ "Matale Muthumariamman temple festival" (en-gb ভাষাত). www.omlanka.net. http://www.omlanka.net/faith/1078-matale-muthumariamman-temple-festival.html। আহৰণ কৰা হৈছে: 9 March 2017.
- ↑ "Matale Muthumari Amman Chariot Festival" (en-gb ভাষাত). www.omlanka.net. http://www.omlanka.net/matale-muthumari-amman-chariot-festival.html। আহৰণ কৰা হৈছে: 1 April 2017.
- ↑ "Notable Photos: The Colors of Matale". TravelShus. 2014-08-25. http://travelshus.com/2014/08/25/sri-muthumariamman-temple/। আহৰণ কৰা হৈছে: 2017-04-30.