শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়
| শ্ৰী লাল বাহাদূৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় | |
|---|---|
| স্থাপিত | ৮ অক্টোবৰ ১৯৬২ |
| ধৰণ | কেন্দ্ৰীয় বিশ্ববিদ্যালয় |
| আচাৰ্য | ডা° হৰি গৌতম |
| উপাচাৰ্য | মুৰ্লিমানোহৰ পাঠক |
| Visitor | ৰাষ্ট্ৰপতি |
| স্থান | নতুন দিল্লী, ভাৰতবৰ্ষ 28°32′27″N 77°10′56″E / 28.540707°N 77.182274°Eস্থানাংক: 28°32′27″N 77°10′56″E / 28.540707°N 77.182274°E |
| চৌহদ | নগৰ |
| ৱেবছাইট | www |
শ্ৰী লাল বাহাদূৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়, পূৰ্বতে শ্ৰী লাল বাহাদূৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিদ্যাপীঠ, ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়।
ইতিহাস
[সম্পাদনা কৰক]বিশ্ববিদ্যালয়খন ১৯৬২ চনৰ ৮ অক্টোবৰত স্থাপন কৰা হয়। তাৰে পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় অনুদান আয়োগদ্বাৰা স্বীকৃতি লাভ কৰে আৰু ১৯৮৭ চনৰ নৱেম্বৰ মাহত বিদ্যাপীঠাক ডিমড বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰে।[1] ২০২০ চনৰ মাৰ্চ মাহত ভাৰতীয় সংসদে বিশ্ববিদ্যালয়খনক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদালৈ উন্নীত কৰিবলৈ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় আইন ২০২০ গৃহীত কৰে। আৰু লগতে আন দুখন বিশ্ববিদ্যালয় ক্ৰমে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় আইনো গৃহীত কৰে।[2]
শৈক্ষিক বিষয়
[সম্পাদনা কৰক]বিশ্ববিদ্যালয়খনে সংস্কৃত আৰু আনুষংগিক বিষয়ত বি.এ., এম.এ., বি.এড, এম.এড, এম.ফিল আৰু পি.এইচ.ডি পাঠ্যক্ৰম আগবঢ়ায়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Shri Lal Bahadur Shastri Rashtriya Sanskrit Vidyapeetha | History". Slbsrsv.ac.in. http://www.slbsrsv.ac.in/history.asp। আহৰণ কৰা হৈছে: 2016-01-20.
- ↑ "Central Sanskrit Universities Act, 2020". The Gazette of India (Government of India). 25 March 2020. http://www.sanskrit.nic.in/uploads/2020_05_09_VC/The_Central_Sanskrit_Universities_Act_2020.pdf.