সমললৈ যাওক

শ্ৰুতায়ুধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্ৰুতায়ুধ কলিংগ (ওড়িশা)ৰ এজন ক্ষত্ৰীয় ৰজা। তেওঁ বৰুণ আৰু নদী দেৱী পৰ্ণসাৰ পুত্ৰ।

যাদুকৰী গদা

[সম্পাদনা কৰক]

শ্ৰুতায়ুধৰ মাকে পুত্ৰৰ বাবে বৰুণৰপৰা বৰ কামনা কৰিছিল যাতে যুদ্ধত তেওঁক কোনেও বধ কৰিব নোৱাৰে। যিহেতু তেওঁ অমৰত্ব প্ৰদান কৰিব নোৱাৰে, সেয়েহে বৰুণে ইয়াৰ পৰিৱৰ্তে শ্ৰুতায়ুধক এটা যাদুকৰী গদা উপহাৰ দিয়ে, যাৰ ব্যৱহাৰ কৰি তেওঁ যুদ্ধত অপৰাজিত হৈ থাকিব পাৰিব।

বৰুণে এই অস্ত্ৰ নিৰস্ত্ৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে ইয়াৰ বিৰূপ প্ৰভাৱৰ বিষয়েও সঁকিয়াই দিছিল। সতৰ্কবাণী অনুসৰি কোনো নিৰস্ত্ৰ ব্যক্তিৰ বিৰুদ্ধে শ্ৰুতায়ুধে ব্যৱহাৰ কৰিলে গদাটো নিজেই উভতি আহিব।[1]

কুৰুক্ষেত্ৰ যুদ্ধ

[সম্পাদনা কৰক]

কুৰুক্ষেত্ৰ যুদ্ধত কলিংগক হস্তিনাপুৰ আৰু কৌৰৱসকলৰপক্ষ লোৱা বুলি উল্লেখ কৰা হৈছে। দ্ৰোণ পৰ্বত শ্ৰুতায়ুধক পুৰুষৰ মাজত বাঘ বুলি উল্লেখ আছে।

যুদ্ধৰ প্ৰথমদিনাই তেওঁ ইৰাৱানৰ সৈতে মুখা-মুখি হয়, ভাল যুঁজ দিয়ে, কিন্তু শেষত পৰাজিত হয়।

শ্ৰুতাযুদৰদ্বাৰা যুদ্ধত ব্যৱহৃত গদা

[সম্পাদনা কৰক]

যুদ্ধৰ চতুৰ্দশ দিনা অৰ্জুনে কম্বোজৰ সেনা বাহিনীক আক্ৰমণ কৰি দ্ৰোণৰ পদ্মবেহুৰ শেষত উপনীত হ’বলৈ চেষ্টা কৰি থকাৰ সময়তে কৃতবৰ্মাক উদ্ধাৰ কৰি শ্ৰুতায়ুধই অৰ্জুনক প্ৰত্যাহ্বান জনায়, অৰ্জুনক একাধিক কাঁড়েৰে আঘাত কৰে। অৱশ্যে অৰ্জুনে প্ৰতি যুদ্ধ কৰে, শ্ৰুতায়ুধৰ ধনুখন ভাঙি পেলায়। শ্ৰুতায়ুধ জৰাসন্ধৰ মিত্ৰ হোৱাৰ বাবে কৃষ্ণৰ ওপৰত আগৰে পৰা ক্ৰোধিত হৈ আছিল আৰু ক্ৰোধত শ্ৰুতাযুধই বৰুণৰ পৰা লাভ কৰা গদা নিৰস্ত্ৰ কৃষ্ণৰ ওপৰত নিক্ষেপ কৰে। বৰুণে ৰখা চৰ্ত অনুসৰি গদাই বুমেৰাং হৈ শ্ৰুতাযুদ্ধক হত্যা কৰে।[2][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. The Mahbharata, A Modern Rendering, Volume 2. প্ৰকাশক 2021, Pine lake Road, Suite 100, Lincoln, NE68512, United States of America: iUniverse. 2006. পৃষ্ঠা. 266. ISBN 978-0-595-40188-8. https://books.google.com/books?id=5GgCZqN_hAgC&q=Srutayudha&pg=PA266.
  2. "Sacred Texts SECTION XCI". www.sacred-texts.com. http://www.sacred-texts.com/hin/m07/m07088.htm আহৰণ কৰা হৈছে: 19 July 2017.
  3. "Srutayudha". www.ancientvoice.wikidot.com. http://ancientvoice.wikidot.com/mbh:srutayudha আহৰণ কৰা হৈছে: 19 July 2017.