সমললৈ যাওক

শ্ৰুতি কাপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ড° শ্ৰুতি কাপুৰ (জন্ম-২৫ ছেপ্টেম্বৰ) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ, মহিলা অধিকাৰ কৰ্মী আৰু সামাজিক উদ্যোগী। তেওঁ ছেইফটি (Sayfty)ৰ প্ৰতিষ্ঠাপক,[1]যি পদক্ষেপৰ লক্ষ্য হৈছে যুৱতী আৰু কিশোৰীক সকলো ধৰণৰ হিংসাৰ বিৰুদ্ধে শিক্ষিত কৰা আৰু তেওঁলোকক সবলীকৰণ কৰা।[2]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

ভাৰতৰ কানপুৰত জন্মগ্ৰহণ কৰা কাপুৰে ২০০০ চনত আমেৰিকালৈ যায়।[3][4] মাৰকেউট বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ দুবছৰ ধৰি ৱাশ্বিংটন ডি চিৰ বিশ্ব বেংকৰ অৰ্থনীতিবিদ হিচাপে কাম কৰিছিল৷[5] [6]ইয়াৰ পিছত তেওঁ অৰ্থনীতিত পিএইচডি সম্পূৰ্ণ কৰিবলৈ কেলিফৰ্ণিয়ালৈ যায়৷[6] আৰু বিশ্ব বেংকৰ পৰামৰ্শদাতা হিচাপে কাম কৰে। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত কাপুৰে এবছৰ ধৰি অক্সিডেণ্টেল কলেজত অৰ্থনীতি বিজ্ঞানৰ অধ্যাপনা কৰে।[6]

কাপুৰে ২০১৩ চনৰ জুন মাহত যুৱতী আৰু কিশোৰীক সকলো ধৰণৰ হিংসাৰ বিৰুদ্ধে শিক্ষা আৰু সবলীকৰণৰ বাবে Sayfty প্ৰতিষ্ঠা কৰে।[3] এই পদক্ষেপে যুৱতী আৰু কিশোৰীসকলক আত্মৰক্ষাৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া, জলকীয়া-স্প্ৰেৰ দৰে সুৰক্ষা সঁজুলি ব্যৱহাৰ কৰা[5] আইন আৰু আইনী অধিকাৰৰ প্ৰতি সজাগতা বৃদ্ধি কৰা,[5] আৰু মহিলাসকলে অসুৰক্ষিত অনুভৱ কৰোৱা একাধিক দিশত গুৰুত্ব আৰোপ কৰা হৈছে। ২০১৫ চনত ফেমভাৰটাইজিঙৰ দ্বাৰা আয়োজিত অনুষ্ঠানত তেওঁলোকৰ প্ৰতিষ্ঠানটোৱে পিপলছ চয়ছ বঁটা লাভ কৰে।[7][8] ২০১২ চনত দিল্লীত ২৩ বছৰীয়া এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ পিছত কাপুৰে ছেইফটি প্ৰতিষ্ঠা কৰিছিল৷[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Start up gathers funds for women's safety in India (Includes interview)". Digital Journal. 2014-01-14. http://www.digitaljournal.com/news/crime/start-up-gathers-funds-for-women-s-safety-in-india/article/365818#ixzz4HhQe8nqv। আহৰণ কৰা হৈছে: 2016-08-18.
  2. ↑ Ginia Bellafante (31 May 2019). "Are We Fighting a War on Homelessness? Or a War on the Homeless?". New York Times. https://www.nytimes.com/2019/05/31/nyregion/homelessness-shelters.html. "The irony of Ms. Kapoor’s opposition is that she is the founder of an initiative that seeks to educate women about domestic violence. (One Park Slope resident who was angered by her resistance to the shelters proceeded to amend Ms. Kapoor’s Wikipedia page to alert readers that she had started a petition that would stand in the way of abused women receiving shelter in her neighborhood."
  3. 1 2 Segalov, Michael (11 March 2016). "The Indian women learning to fight for survival". Huck Magazine. Archived from the original on 12 May 2016. https://web.archive.org/web/20160512215723/http://www.huckmagazine.com/perspectives/india-women/। আহৰণ কৰা হৈছে: 17 September 2016.
  4. ↑ Roy, Baisakhi (13 January 2014). "Start up gathers funds for women's safety in India". Digital Journal. http://www.digitaljournal.com/news/crime/start-up-gathers-funds-for-women-s-safety-in-india/article/365818। আহৰণ কৰা হৈছে: 17 September 2016.
  5. 1 2 3 "World Bank economist starts a website for women's safety". Hindustan Times. 2013-07-27. http://www.hindustantimes.com/lifestyle/world-bank-economist-starts-a-website-for-women-s-safety/story-Ep9MaT9M38EIcV33lj2Z3L.html.
  6. 1 2 3 "Meet the SHEROES - Shruti Kapoor". Sheroessheroes.in. Archived from the original on 2016-09-20. https://web.archive.org/web/20160920220204/https://sheroes.in/articles/meet-the-sheroes-shruti-kapoor/MzU1। আহৰণ কৰা হৈছে: 2016-08-18.
  7. ↑ "Watch: Always, Ram Trucks and Dove ads win new award for empowering women and girls". Fortune. 2015-07-20. http://fortune.com/2015/07/20/femvertising-awards-feminist-ads/। আহৰণ কৰা হৈছে: 2016-08-18.
  8. ↑ Ross Godar, Julie (17 July 2015). "Meet the 7 Ad Companies Who Are Changing Our Culture". Blogher. Archived from the original on 9 October 2016. https://web.archive.org/web/20161009231709/http://www.blogher.com/meet-7-ad-companies-who-are-changing-our-culture। আহৰণ কৰা হৈছে: 17 September 2016.
  9. ↑ Harris, Gardiner (3 January 2013). "Charges Filed Against 5 Over Rape in New Delhi". The New York Times. https://www.nytimes.com/2013/01/04/world/asia/murder-charges-filed-against-5-men-in-india-gang-rape.html.