শ্ৰুতি শেঠ
| শ্ৰুতি শেঠ | |
|---|---|
২০১৮ চনত শেঠ | |
| জন্ম | শ্ৰুতি এচ শেঠ ১৯৭৭ (বয়স ৪৮–৪৯) [1] মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০১–বৰ্তমান |
| জনা যায় | দা চুইট লাইফ অৱ কৰণ এণ্ড কবীৰ, শৰাৰত (টিভি ধাৰাবাহিক) |
| দাম্পত্যসঙ্গী | ডেনিছ আচলাম (বি. ২০১০) |
| সন্তান | ১ |
শ্ৰুতি শেঠ (জন্ম: ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভিডিঅ' জকী। এগৰাকী টেলিভিছন অনুষ্ঠানৰ পৰিচালিকা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি তেওঁ কেইবাটাও টেলিভিছন শ্ব' আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত এগৰাকী কৌতুক অভিনেত্ৰী হিচাপে ব্যাপক পৰিচিতি লাভ কৰিছিল।
মহাৰাষ্ট্ৰৰ মুম্বাইত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা শেঠে মুম্বাইৰ চেইণ্ট জেভিয়াৰ্চ কলেজৰপৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ মডেলিং কেৰিয়াৰত ভৰি দিয়ে আৰু চেনেল ভি (Channel V)-ৰ বাবে টেলিভিছন শ্ব'ৰ আঁত ধৰিবলৈ আৰম্ভ কৰে। তেওঁৰ কেৰিয়াৰত এক গুৰুত্বপূৰ্ণ মোৰ আহে যেতিয়া তেওঁ ষ্টাৰ প্লাছৰ কমেডী ধাৰাবাহিক শৰাৰত (২০০৩–০৬)-ত এগৰাকী কিশোৰী জিয়া মালহোত্ৰাৰ চৰিত্ৰত অভিনয় কৰে। ধাৰাবাহিকখনৰ জনপ্ৰিয়তা বছৰৰ পাছত বছৰ ধৰি বৃদ্ধি পাইছিল আৰু শেঠৰ অভিনয়েও যথেষ্ট প্ৰশংসা বুটলিছিল।
শেঠৰ চলচ্চিত্ৰ জগতত অভিষেক ঘটিছিল ২০০৩ চনত ৱাইচা ভী হোতা হ্যায় পাৰ্ট ২ৰ জৰিয়তে। পৰৱৰ্তী সময়ত তেওঁ অতি জনপ্ৰিয় ছবি — ফানা (২০০৬) আৰু শ্লামডগ মিলিঅ’নিয়াৰ (২০০৮)-ত সহযোগী চৰিত্ৰত অভিনয় কৰি শলাগ লাভ কৰে। শেঠ ডিজনী চেনেলৰ অৰিজিনেল চিৰিজ দা চুইট লাইফ অৱ কৰণ এণ্ড কবীৰত অভিনয় কৰাৰ লগতে কমেডী চাৰ্কাছৰ দৰে টেলিভিছন অনুষ্ঠানৰ আঁত ধৰা কাৰ্য অব্যাহত ৰাখিছে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]শেঠে অশোক একাডেমীত অধ্যয়ন কৰিছিল আৰু মুম্বাইৰ চেইণ্ট জেভিয়াৰ্চ কলেজৰপৰা অৰ্থনীতি আৰু বাণিজ্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ চলচ্চিত্ৰ পৰিচালক ডেনিছ আচলামৰ সৈতে বিবাহপাশত আবদ্ধ হয়[2] আৰু তেওঁলোকৰ আলিনা নামৰ এজনী কন্যা সন্তান আছে।[3] শেঠ পঞ্জাবী হিন্দু মূলৰ লোক।[4]
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাত ৰেডিঅ' অনুষ্ঠানত মহিলা আৰু কন্যাসকলৰ বাবে ঘোষণা কৰা #selfiewithdaughter অভিযানৰ সমালোচনা কৰি আচলামে টুইটাৰত কৰা মন্তব্যক কেন্দ্ৰ কৰি এক বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে টুইটাৰ আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁ অপমানজনক বাক্যবাণৰ সন্মুখীন হবলগীয়া হয়। ইয়াৰ ফলস্বৰূপে সংবাদ মাধ্যম আৰু বলীউডৰ একাংশই সেই দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে থিয় দি তেওঁক সমৰ্থন জনাইছিল।[5][6][7][8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ @SethShruti (2012-03-17). "Happy I was born in 1977" (en ভাষাত). https://twitter.com/SethShruti/status/180920977360830465। আহৰণ কৰা হৈছে: 2022-03-24.
- ↑ Mid-day.com (15 October 2010). "Shruti Seth, Danish Aslam tie the knot". NDTV. http://www.ndtv.com/article/bollywood/shruti-seth-danish-aslam-tie-the-knot-59850। আহৰণ কৰা হৈছে: 18 March 2011.
- ↑ Sen, Debarati S (5 August 2014). "Shruti Seth – Danish Aslam name their newborn, Alina aslam". The Times of India. http://timesofindia.indiatimes.com/tv/news/hindi/Shruti-Seth-Danish-Aslam-name-their-newborn-Alina/articleshow/39623849.cms। আহৰণ কৰা হৈছে: 29 October 2015.
- ↑ @SethShruti (22 September 2012). "Just to clarify once & for allI'm NOT GUJRATI; I'm PUNJABI & I was born in BOMBAY. I hope this puts an end to the incessant questions.". https://twitter.com/SethShruti/status/249486412175527936.
- ↑ You maybe next to get abused like Kavita Krishnan, Shruti Seth, and Twitter will do nothing Archived 5 July 2015 at the Wayback Machine. Firstpost. Retrieved on 22 September 2015.
- ↑ TV actress Shruti Seth faces abuse on Twitter for criticising PM over his #selfiewithdaughter campaign Archived 7 July 2015 at the Wayback Machine. News18.com. Retrieved on 22 September 2015.
- ↑ 'Selfie with daughter' controversy: Bollywood supports Shruti Seth | Business Standard News Archived 7 July 2015 at the Wayback Machine. Business-standard.com. Retrieved on 22 September 2015.
- ↑ ‘Selfie with daughter’ controversy over Modi: Bollywood supports Shruti Seth Archived 7 July 2015 at the Wayback Machine. The Financial Express (5 July 2015). Retrieved on 22 September 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত শ্ৰুতি শেঠ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- শ্ৰুতি শেঠ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- শ্ৰুতি শেঠ সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য