অসমীয়া লোক-সংস্কৃতিত বাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমত বাঁহ শিল্প প্ৰচলনৰ ইতিহাস বহুদিনীয়া। বাণভট্টহৰ্ষচৰিতত উল্লেখ থকা মতে অতীত অসমৰ বাঁহ শিল্প বৰ উন্নত আছিল। গ্ৰন্থখনৰ মতে, কামৰূপৰ ৰজা ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ বহুৰঙী বাঁহৰ চুঙা আৰু বাঁহৰ সঁজাত চৰাই উপহাৰ হিচাপে পঠাইছিল। এসময়ত মংগোলীয় জনজাতিৰ মাজতে বিশেষ প্ৰভুত্ব ৰাজত্ব কৰা এই বাঁহশিল্পই অথবা বাঁহসংস্কৃতিয়ে কালক্ৰমত আৰ্য, নিষাদ আৰু মংগোলীয় সংস্কৃতিৰ ত্ৰিবেণী সংগমত গঢ় লোৱা বিশাল অসমীয়া সংস্কৃতিকে সমৃদ্ধ কৰি তুলিলে। অসমীয়া কবিতা, প্ৰবচন, ডাকৰ বচন, যোজনা, লোকবিশ্বাস, লোকউৎসৱ, লোকপৰিৱেশ্য কলা, লোকগীত, স্থাপত্য-ভাস্কৰ্য আদিত বাঁহৰ প্ৰচলন দেখা যায়। অসমৰ খাদ্যশিল্প, সুকুমাৰ কলা আৰু ব্যৱহাৰিক জীৱনতো বাঁহৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা দেখা যায়।[1]

অসমৰ বাঁহকেন্দ্ৰিক উৎসৱ-অনুষ্ঠান[সম্পাদনা কৰক]

অসমৰ বাঁহকেন্দ্ৰিক উৎসৱ সমূহৰ ভিতৰত কামৰূপত প্ৰচলিত ভঠেলি অন্যতম। মাঘ বিহুৰ মেজি, ভেলাঘৰ নিৰ্মাণ, চুঙাঘৰ পোৰা, দৰঙৰ লামজাকৰা উৎসৱৰ বাঁহভঙা কৃত্যত, বিবাহ অনুষ্ঠানৰ বিভিন্ন কৃত্যত, নামনি অসমৰ পচতি উৎসৱত, মৃত্যু সংক্ৰান্তীয় বিভিন্ন মাংগলিক কৰ্মত, দৰঙৰ পুতলা উটোৱা, মজু উটোৱা আদি কৃত্যত বাঁহৰ প্ৰচুৰ ব্যৱহাৰ দেখা যায়। পথালিকৈ বাঁহ ৰাখি দৰা আগচাটো অসমীয়া পুৰণি পৰম্পৰা। নামনি অসমৰ মহো-হো উৎসৱ, বাম্বোল পিটা উৎসৱ আদি জনপ্ৰিয় লোকনৃত্যসমূহত বাঁহৰ টোকোনেই ঘাই ভূমিকা। বৰপেটাৰ হোলী উৎসৱত বাঁহভঙা অনুষ্ঠান অতি জনপ্ৰিয়।


খাদ্য হিচাপে[সম্পাদনা কৰক]

বাঁহগাজ আৰু খৰিচা অসমীয়া থলুৱা খাদ্যসম্ভাৰৰ ভিতৰুৱা। বাঁহৰ চুঙাত দেশীয় মদ পান কৰাটো জনজাতিসকলৰ সংস্কৃতিন্ত প্ৰচলিত।


বাঁহ গছৰ ব্যৱহাৰ[সম্পাদনা কৰক]

অসমীয়া থলুৱা পদ্ধতিত গৃহ নিৰ্মাণৰ প্ৰতিটো সামগ্ৰী যেনে - খুঁটা, চ'তি, মাৰলি, ৰুৱা, কাঠি, কামি, টমাল, ককিলা, জেঠী, ঢাপলিকা, শিয়াল, টাটি, বগলী বাঁহ, দমৰা, বহিখোৱা, চালি, বৰচাঙ আদি সকলোবোৰ বাঁহেৰে সজা হয়। অসমীয়া তাঁতশালখনৰ মহুৰা থোৱা খোৰা - টুকুৰা, চালিমাৰি, দোপতি, গৰকা, নিগনিখুঁটা নাচনী, দাংমাৰি, উঘা, চেৰেকীৰপৰা মাঁকোৰ শলিতালৈকে প্ৰায় সকলোবোৰ বস্তুৱেই বাঁহৰে নিৰ্মিত। কৃষিভিত্তিক গঞা জীৱনত নিত্য ব্যৱহাৰ্য প্ৰায়বোৰ সামগ্ৰীয়েই বাঁহৰে তৈয়াৰী। অসমত উৎপাদন হোৱা ভলুকা, জাতি, বেতী, নল, মকাল, কাক, দলৌ, বজাল, বিজুলি, কটহ, বগলী ইত্যাদি প্ৰজাতিৰ বাঁহ আৰু তাৰ পৰা উৎপন্ন সামগ্ৰীয়ে অসমীয়া সাংস্কৃতিক জীৱনক এক সুকীয়া মৰ্যাদা তথা বৈশিষ্ট্য প্ৰদান কৰিছে।

লোকবিশ্বাস[সম্পাদনা কৰক]

বাঁহক কেন্দ্ৰ কৰি অসমীয়া সমাজত বহুবোৰ জনবিশ্বাস প্ৰচলন আছে। বাঁহ ফুলাটো অসমীয়া সমাজত অপায় অমংগলৰ আগজাননী বুলি বিশ্বাস কৰা হয়। জয়াল ঠাইলৈ ৰাতি বিয়লি গ'লে ভূত প্ৰেতে বাঁহ পেলাই বাট আগচে বুলি বিশ্বাস কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমীয়া সংস্কৃতিৰ কণিকা- সম্পাদনা-ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী- পৃষ্ঠা-৩৩,৩৫