শ্ৰেণী বাৰ্তা:জীৱনী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


জীৱনী প্ৰৱন্ধৰ বাবে এটা চক[সম্পাদনা কৰক]

ৱিকিপিডিয়াত প্ৰৱন্ধ লিখোঁতে এটা নিয়মমাফিক চকত লিখিলে চবৰে সুবিধা হয়। নতুন সদস্যইও সেই চকমতে লিখি প্ৰৱন্ধ এটা দেখাত শুৱনি কৰি তুলিব পাৰে। চকত নিলিখিলে আন এটা অসুবিধা যিটো হয়, সেইটো হৈছে সম্পাদনা কৰি আগৰ অংশ এটাক শুদ্ধ কৰাত। বা খেলি-মেলিকৈ থাকিলে নতুন তথ্য যোগ দিয়াটো অসুবিধা হয়। বেলেগ বেলেগ ধৰণৰ তথ্যৰ বাবে বেলেগ বেলেগ চক লাগিব আৰু এতিয়াই চবৰে বাবে উপযুক্ত চক এটা তৈয়াৰ কৰিব পৰা অৱস্থা এটা অসমীয়া ৱিকিপিডিয়াৰ অহা নাই। কিন্তু জীৱনীমূলক প্ৰৱন্ধ ইতিমধ্যে বহুত আছে, আৰু সেইখিনি সজাবৰ বাবে তলত দিয়াৰ দৰে চক এটা ব্যৱহাৰ কৰিলে সম্পাদনা আৰু তথ্য-সংযোগৰ সুবিধা হ'ব যেন পাওঁ। একেটা নিয়মত কৰি গৈ থাকিলে নতুন লেখকেও তাৰেপৰাই আৰ্হি চাই নিজে প্ৰৱন্ধ লিখাত সুবিধা পাব। মোৰ প্ৰস্তাৱিত জীৱনীভিত্তিক প্ৰৱন্ধৰ আৰ্হিঃ

  • প্ৰথম চিনাকী (চমুকৈ ব্যক্তিগৰাকীৰ পৰিচয়, কিয় বিখ্যাত আৰু বিশেষ অৱদানৰ তথ্য। stub প্ৰৱন্ধৰ বাবে অকল এইখিনি)
    • চমু জীৱনী (জন্ম - পিতৃ-মাতৃ - কৰ্ম - চাকৰি - বিবাহ - পৰিয়াল - মৃত্যু)
      • প্ৰয়োজন বোধে ওপৰৰ যিকোনো অংশৰ বাবে উপশাখা কৰিলেই হ'ল।
    • বৰঙনি ১ (ব্যক্তিগৰাকীৰ মূল অৱদানৰ বিষয়ৈ উল্লেখ, প্ৰয়োজন মতে উপশাখা কৰি গৈ থাকিব পাৰিব)
      • ইয়াতে ব্যক্তিগৰাকীৰ মূল কাম-কাজৰ উল্লেখ যিহৰ বাবে তেখেতক ৱিকিপিডিয়াত উল্লেখৰ উপযোগী বুলি ভবা হৈছে।
    • বৰঙনি ২ (ব্যক্তিগৰাকী কেবাটাও বিষয়ত সিদ্ধহস্ত হ'ব পাৰে। এনে ব্যক্তিৰ ক্ষেত্ৰত ৩ ৪ এনেকৈ শাখা সাজি গৈ থাকিব পাৰিব।
    • বঁটা আৰু অন্যান্য উপলব্ধি
    • ব্যক্তিগৰাকীক সাঙুৰি হোৱা যিকোনো বিতৰ্ক আদি
    • অইন আমোদজনক খুচুৰা খবৰ যিবোৰ ওপৰৰ কোনো অংশতে নোসোমায়
    • ব্যক্তিগৰাকীৰ কিতাপ/চিনেমা আদিৰ তালিকা
    • ব্যক্তি গৰাকীৰ ওপৰত লিখা কিতাপ, ছবি, উপন্যাস আদিত তালিকা
    • ৱিকিছোৰ্ছ/ৱিকিউক্তি ইত্যাদিত থকা ব্যক্তিগৰাকীৰ উল্লেখলৈ লিংক
    • বহিঃ সংযোগ
    • তথ্য-উৎস

এইখিনি এটা মোটামুটি আৰ্হিহে, প্ৰয়োজনবোধে সাল-সলনি কৰিলেই হ'ল। কিন্ত একেটা নিয়মত ফৰ্মেট কৰিবলৈ আৰম্ভ কৰিলে, বিষয় যোগ, সম্পাদনাৰ সুবিধা হোৱাৰ উপৰিও পঢ়িবলৈ সহজ হয়। উদাহৰণ স্বৰূপে ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম ক'ত হৈছিল, সেইটো জানিবলৈ প্ৰথম অংশটো পঢ়িলেই হৈ যাব। বিচাৰি ফুৰিব নালাগে।

উদ্দীপতালুকদাৰ (talk) 13:46, 6 মাৰ্চ 2012 (UTC)


এইখিনি কথা ম‍ই দুদিন মান আগতেই ভাৱি আছিলো| কাৰ্যকৰী হ’লে ভাল হ’ব| তলৰ ফালে অলপ আৰু সালসলনি কৰিলে ভাল হ’ব নেকি? যেনে -
    • ==তথ্যসংগ্ৰহ?==
    • ===বাহ্যিক সংযোগ===
      • ৱিকিছোৰ্ছ/ৱিকিউক্তি ইত্যাদিত থকা ব্যক্তিগৰাকীৰ উল্লেখলৈ লিংক
      • প্ৰবন্ধ সম্পৰ্কীয় গ্ৰন্থসমূহ (খুব বেছি ১০ খন)

এই আলোচনা সম্পূৰ্ণ হ’লে ইয়াৰ ফলাফল সমূহ সহায়:জীৱনীত সন্নিবিষ্ট কৰা উচিত হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:18, 6 মাৰ্চ 2012 (UTC)

এনেকৈ যিমানে ভাগ কৰি লিখিব পাৰি সিমানে ভাল। গতিকে তুমি যোগ দিয়াখিনিত মোৰ আপত্তি নাই। কিন্তু, 'তথ্য সংগ্ৰহ' মানে তথ্য-উৎস বুলি মই যিটো লিখিছোঁ, সেইটোৱেই নে, আন কিবা? আৰু 'প্ৰবন্ধ সম্পৰ্কীয় সমূহসমূহ (খুব বেছি ১০ খন)' এইখিনি মই বুজি পোৱা নাই। 117.198.54.253 15:16, 7 মাৰ্চ 2012 (UTC)
হয়, উদ্দীপদা, ম‍ই তথ্য উত্সৰ সলনি "তথ্য সংগ্ৰহ" হিচাপে ৰাখিলে ভাল হ’ব যেন পাওঁ| প্ৰবন্ধ সম্পৰ্কীয় সমূহসমূহ টো লিখাত ভুল হৈছিল সেইটো আচলতে "প্ৰবন্ধ সম্পৰ্কীয় গ্ৰন্থসমূহ" হ’ব লাগিছিল| তেনে গ্ৰন্থ সংযোগ ১০খন দিলেই যথেষ্ঠ হ’ব চাগে? বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:42, 7 মাৰ্চ 2012 (UTC)
প্ৰৱন্ধ সম্পৰ্কীয় গ্ৰন্থসমূহতকৈ 'অধিক জানিবলৈ' দিব পাৰি নেকি? কাৰণ সেইটো 'প্ৰৱন্ধ সম্পৰ্কীয়' নহয়, 'বিষয় সম্পৰ্কীয়' হে হ'ব। আৰু মোৰ মতে ১০খন বুলি লিমিট কৰি দিব নালাগে। কাৰন কিছুমান লৈখাৰ বাবে তাতকৈ বেছিৰ প্ৰয়োজন হ'বও পাৰে। মোৰ প্ৰথমে লগ-ইন দেখুৱাই, নেক্সট পৃষ্ঠাত ক্লিক কৰিলেই লগ-অফ হৈ যোৱা সমস্যাটো ঠিক হোৱা নাই। প্ৰথম খোলোতেহে সেইটো হয়। এবাৰ আকৌ লগ-ইন কৰিলে নহয়। উদ্দীপতালুকদাৰ (talk) 16:09, 7 মাৰ্চ 2012 (UTC)
অধিক জানিবলৈ বুলি বা অধিক তথ্য সংযোগ হিচাপে দিব পাৰি, ইংৰাজীনটো বাহ্যিক সংযোগৰ ক্ষেত্ৰত সীমা মানি চলে| সেয়ে কথাসাৰ কৈছিলো| এনে নকৰিলেওঁ মোৰ আপত্তি নাই| লগ ইন সম্পৰ্কে আপোনালৈ এটা বাৰ্তা পঠিয়াম| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:00, 7 মাৰ্চ 2012 (UTC)

ভাল হব বুলি মই ভাৱো, কিন্তু নতুন সদস্যই লিখিবলৈ অলপ অসুবিধা পাব পাৰে। Jyoti Prakash Nath (talk) 18:59, 7 মাৰ্চ 2012 (UTC)

নতুন সদস্যই যেনেকৈয়ে আৰম্ভ কৰক, পোনাই পজৰাই দিয়াৰ সময়ত পাছৰজন সম্পাদকে এইটো চকত সুমুৱাৰ চেষ্টা কৰিলেই হ'ল। [উদ্দীপ তালুকদাৰ] 14.98.58.242 06:18, 8 মাৰ্চ 2012 (UTC)
হয়, এই দায়িত্ব আমিবোৰে লোৱা উচিত হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:35, 8 মাৰ্চ 2012 (UTC)