শ্ৰেয়া হুদা
| ব্যক্তিগত তথ্য | |||
|---|---|---|---|
| জন্ম | ২৫ মে', ১৯৯৯ (২৭ বছৰ) | ||
| জন্মস্থান | সোণিপাট, হাৰিয়ানা, ভাৰত | ||
| উচ্চতা | ১.৭০ মিটাৰ[1] | ||
| খেলা স্থান | গ’লৰক্ষক | ||
| ক্লাবৰ তথ্য | |||
| বৰ্তমানৰ ক্লাব | গোকুলম কেৰালা | ||
| সংখ্যা | ১ | ||
| চিনিয়'ৰ কেৰিয়াৰ* | |||
| বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† |
| হংস কেপিটেল এফ চি | |||
| পিআইএফএ স্পৰ্টছ | |||
| কোলহাপুৰ চিটী | |||
| ২০২১–২০২২ | গোকুলম কেৰালা | ||
| ২০২২–২০২৫ | ওড়িশা | ||
| ২০২৫– | গোকুলম কেৰালা | ৫ | (০) |
| ৰাষ্ট্ৰীয় দল‡ | |||
| ২০১৪ | ভাৰত অনুৰ্ধ-১৬ (মহিলা) | ||
| ২০২৩– | ভাৰত | ১৬ | (০) |
| * চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ ৯ জানুৱাৰী ২০২৬। ১০ মাৰ্চ ২০২৬ | |||
শ্ৰেয়া হুদা (ইংৰাজী: Shreya Hooda; জন্ম: ২৫ মে' ১৯৯৯) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব গোকুলম কেৰালা আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ গ’লৰক্ষক হিচাপে খেলে।[2] তেওঁ ২০২২ চনৰ এছিয়ান গেমছত ভাৰতীয় দলৰ অংশ আছিল।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]তেওঁৰ জন্ম হাৰিয়ানাৰ সোণিপাটত হৈছিল। মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ ফুটবল খেলিবলৈ আৰম্ভ কৰে আৰু ভাৰতৰ হৈ অনুৰ্ধ-১৪ আৰু অনুৰ্ধ-১৬ টুৰ্ণামেণ্টত গ’লৰক্ষক হিচাপে খেলিছিল।[4]
ঘৰুৱা কেৰিয়াৰ
[সম্পাদনা কৰক]হাৰিয়ানা ৰাজ্যিক দলৰপৰা আৰম্ভ কৰি শ্ৰেয়াই ঘৰুৱা প্ৰতিযোগিতাত গোকুলম কেৰালা এফ চি, ফুটবল ক্লাব কোলহাপুৰ চিটী, পিআইএফএ স্পৰ্টছ (কোলাবা) এফ চি, হিমাচল প্ৰদেশ ফুটবল এছ’চিয়েচন (মহিলা) ক্লাব, হিমাচল প্ৰদেশ সন্তোষ ট্ৰফী দল ২০১৭ আৰু হংস কেপিটেল ফুটবল ক্লাবক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ খেল’ ইণ্ডিয়া গেমছত বিজয়ী হাৰিয়ানা দলক প্ৰতিনিধিত্ব কৰিছিল।[4] তেওঁ গোকুলম কেৰালা এফ চিৰ হৈ ইণ্ডিয়ান উইমেনছ লীগতো জয়লাভ কৰিছিল।[5] তেওঁ এএফচি মহিলা ক্লাব চেম্পিয়নশ্বিপত খেলা গোকুলম কেৰালা দলৰ অংশ আছিল।
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ
[সম্পাদনা কৰক]২০২১ চনত তেওঁ জ্যেষ্ঠ ভাৰতীয় দলত অভিষেক ঘটায়। ২০২৩ চনৰ মাৰ্চ মাহত আম্মানৰ পেট্ৰা ষ্টেডিয়ামত জৰ্ডানৰ বিৰুদ্ধে গ’লহীন ড্ৰ’ খেলা ভাৰতীয় জ্যেষ্ঠ দলত তেওঁ আছিল।[6] ২০২৩ চনৰ জুলাই মাহত অক্টোবৰ মাহত হ’বলগীয়া এএফচি অলিম্পিক কোৱালিফায়াৰৰ দ্বিতীয় ৰাউণ্ডৰ বাবে ঘোষিত ৩৪ জনীয়া ভাৰতীয় সম্ভাৱ্য তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল।[7] এছিয়ান গেমছৰ প্ৰথমখন মেচত চাইনীজ টাইপেইৰ বিৰুদ্ধে শ্ৰেয়াই সম্পূৰ্ণ সময়ৰ বাবে গ’লৰক্ষক হিচাপে খেলিছিল, য’ত ভাৰত ২–১ ব্যৱধানত পৰাস্ত হৈছিল।
কেৰিয়াৰ পৰিসংখ্যা
[সম্পাদনা কৰক]আন্তঃৰাষ্ট্ৰীয়
[সম্পাদনা কৰক]- ১০ মাৰ্চ ২০২৬ অনুসৰি
| ৰাষ্ট্ৰীয় দল | বছৰ | অংশগ্ৰহণ | গ’ল |
|---|---|---|---|
| ভাৰত | ২০২১ | ১ | ০ |
| ২০২২ | ০ | ০ | |
| ২০২৩ | ৮ | ০ | |
| ২০২৪ | ৩ | ০ | |
| ২০২৫ | ৩ | ০ | |
| ২০২৬ | ১ | ০ | |
| মুঠ | ১৬ | ০ | |
সন্মান
[সম্পাদনা কৰক]গোকুলম কেৰালা
- ইণ্ডিয়ান উইমেনছ লীগ: ২০২১–২২
ওড়িশা
- ইণ্ডিয়ান উইমেনছ লীগ: ২০২৩–২৪[8]
হাৰিয়ানা
- ৰাজমাতা জিজাবাই ট্ৰফী ৰানাৰ্ছ আপ: ২০২২–২৩[9]
ব্যক্তিগত
- ইণ্ডিয়ান উইমেনছ লীগৰ শ্ৰেষ্ঠ গ’লৰক্ষক: ২০২৩–২৪
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "2026 AFC Women's Asian Cup Squad Lists". Asian Football Confederation. https://assets.the-afc.com/2026_AFC_Womens_Asian_Cup/Finals/Squad_Lists/AFC-Women's-Asian-Cup-Australia-2026%E2%84%A2-Final-Registration---Feb-25upd.pdf?source=url। আহৰণ কৰা হৈছে: 27 February 2026.
- ↑ "Player Profile: Shreya Hooda". www.the-aiff.com. https://www.the-aiff.com/players/profile/40314?type=club। আহৰণ কৰা হৈছে: 20 September 2023.
- ↑ "Indian Football Team full Schedule with Asian Games: Dates, squad, men's and women's teams" (en ভাষাত). Sportstar. 8 August 2023. https://sportstar.thehindu.com/asian-games/asian-games-indian-football-schedule-men-women-india-at-hangzhou-2022-match-dates-timing/article67172089.ece। আহৰণ কৰা হৈছে: 8 September 2023.
- 1 2 "Odisha FC". Odisha FC. https://odishafc.com/news/details/ofc-women-make-statement-signing-shreya-hooda। আহৰণ কৰা হৈছে: 8 September 2023.
- ↑ "Odisha FC Women make statement signing in Shreya Hooda!" (en-GB ভাষাত). Arunava about Football. 7 August 2022. https://www.arunfoot.com/odisha-fc-women-make-statement-signing-in-shreya-hooda/। আহৰণ কৰা হৈছে: 8 September 2023.
- ↑ "India senior women's football team play goalless draw against Jordan". risingkashmir.com. Archived from the original on 6 October 2023. https://web.archive.org/web/20231006222056/https://risingkashmir.com/india-senior-womens-football-team-play-goalless-draw-against-jordan। আহৰণ কৰা হৈছে: 8 September 2023.
- ↑ IANS (26 July 2023). "Indian Women's Football Team; 34 players selected for training camp in Bhubaneswar". www.thestatesman.com. https://www.thestatesman.com/sports/indian-womens-football-team-34-players-selected-for-training-camp-in-bhubaneswar-1503204496.html। আহৰণ কৰা হৈছে: 9 September 2023.
- ↑ "Odisha FC take home the IWL trophy with stunning ease". I-League. 24 March 2024. https://i-league.org/odisha-fc-take-home-the-iwl-trophy-with-stunning-ease/.
- ↑ "Comeback queens Tamil Nadu regain National supremacy". AIFF. 28 June 2023. https://www.the-aiff.com/article/comeback-queens-tamil-nadu-regain-national-supremacy.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ৱেবচাইটত শ্ৰেয়া হুদা