বধিৰতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শ্ৰৱণ বিসংগতিৰ পৰা পুনঃনিৰ্দেশিত)
শ্ৰৱণ বিসংগতি
A stylized white ear, with two white bars surrounding it, on a blue background.
শ্ৰৱণ বিসংগতি আৰু শ্ৰৱণৰ অসুবিধাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক
শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস
বিশেষ বৃত্তি (চিকিৎসাসেৱা) Otorhinolaryngology, audiology
ICD-10 H90H91
ICD-9-CM 389
ৰোগৰ আধাৰতথ্য 19942
মেড্‌লাইন প্লাছ 003044
eমেডিচিন article/994159
MeSH D034381

শ্ৰৱণ বিসংগতি বা বধিৰতা (ইংৰাজী: Hearing loss; hard of hearing, anacusis, বা hearing impairment বুলিও কোৱা হয়।) হৈছে আংশিক বা সম্পূৰ্ণভাৱে শ্ৰৱণ ক্ষমতা লুপ্ত হৈ যোৱা।[1] ই এখন বা দুয়োখন কাণৰ ক্ষেত্ৰত হ'ব পাৰে।[2] ইয়াৰ ফলত শিশুসকলৰ ভাষা শিক্ষণত আৰু বয়স্কসকলৰ বিভিন্ন কাৰ্যত অসুবিধাৰ সৃষ্টি হয়।[3] ইয়াৰ বাবেই কিছুমান লোক, বিশেষকৈ বয়সস্থ সকল, নিঃসংগতাত ভুগিব লগা হয়। বধিৰ বুলিলে সাধাৰণতে কমকৈ শুনা নাইবা একেবাৰে নুশুনা লোক সকলক বুজোৱা হয়।[2]

বিভিন্ন কাৰণৰ বাবে শ্ৰৱণ ক্ষমতা লুপ্ত হ'ব পাৰে: বংশগত, বয়স বৃদ্ধি, কোলাহলৰ প্ৰভাৱ, কিছুমান সংক্ৰমণ, জন্মৰ জটিলতা, আৰু বিভিন্ন ঔষধ তথা বিষাক্ৰিয়া আদি। এটা সাধাৰণ সংক্ৰমণজনিত বধিৰতা হৈছে chronic ear infectionsৰুবেলাৰ দৰে গৰ্ভাৱস্থাৰ বিভিন্ন সংক্ৰমণেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। শ্ৰৱণ পৰীক্ষাত এখন কাণে কমেও ২৫ ডেচিবল শব্দ শুনিবলৈ অক্ষম হ'লে বধিৰতা নিশ্চিত কৰা হয়।[2] নৱজাতকৰ শ্ৰৱণ পৰীক্ষা অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয়।[3]

অৰ্ধ বধিৰতা প্ৰতিৰোধ কৰিব পৰা যায়। ইয়াৰ বাবে প্ৰতিষেধক প্ৰদান, গৰ্ভাৱস্থাত উপযুক্ত প্ৰতিপালন, কোলাহলৰ পৰা আঁতৰি থকা, আৰু কিছুমান নিৰ্দিষ্ট ঔষধৰ ব্যৱহাৰ কৰা হয়।[2] কোলাহল নিয়ন্ত্ৰণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই যুৱচামৰ personal audio player ব্যৱহাৰৰ সীমা দৈনিক এক ঘণ্টা অনুমোদন জনাইছে।[4] শিশুসকলৰ বধিৰতা আগতীয়াকৈ চিনাক্তকৰণ আৰু শুশ্ৰূষা প্ৰদান অতি গুৰুত্বপূৰ্ণ। বিভিন্ন hearing aids, sign language, cochlear implants আৰু subtitles অতি উপকাৰী। Lip reading হৈছে অন্য এক প্ৰকাৰৰ উপযোগী কৌশল। পৃথিৱীৰ বিভিন্ন প্ৰান্তত শ্ৰৱণ সহায়ত যন্ত্ৰ ব্যৱহাৰ কৰা হয়।[2]

সমগ্ৰ বিশ্বজুৰি বধিৰতাৰ বাবে প্ৰায় ১০% ৱোক প্ৰভাৱিত হৈছে।[5] ইয়াৰ ফলত প্ৰায় ৫% (৩৬০ৰ পৰা ৬৩৮ নিযুত) লোকৰ অক্ষমতা সৃষ্টি হৈছে আৰু অন্য ১২৪ নিযুত লোক অক্ষমতা আশংকা কৰা হৈছে।[2][6][7][6] ইয়াৰে প্ৰায় ৬৫ নিযুত লোকৰ বধিৰতা শিশু অৱস্থাতেই আৰম্ভ হোৱা।[8] Sign language কব পৰা সকলৰ বেছিভাগেই Deaf cultureৰ সদস্য আৰু তেওঁলোকে নিজকে কোনো ৰোগাক্ৰান্ত বুলি ভবাৰ সলনি পৃথক গুণসম্পন্ন বুলিহে ভাবে,[9] আৰু এনে বহু সদস্যই বধিৰতাৰ চিকিৎসা কৰাৰ বিৰোধিতা কৰে।[10][11][12][13]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Deafness". Encyclopædia Britannica Online. Encyclopædia Britannica Inc. 2011. Retrieved 2012-02-22. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "Deafness and hearing loss Fact sheet N°300". March 2015. http://www.who.int/mediacentre/factsheets/fs300/en/। আহৰণ কৰা হৈছে: 23 May 2015. 
  3. 3.0 3.1 Lasak, JM; Allen, P; McVay, T; Lewis, D (Mar 2014). "Hearing loss: diagnosis and management.". Primary care খণ্ড 41 (1): 19–31. doi:10.1016/j.pop.2013.10.003. PMID 24439878. 
  4. "1.1 billion people at risk of hearing loss WHO highlights serious threat posed by exposure to recreational noise". who.int. 27 February 2015. http://www.who.int/pbd/deafness/activities/IECD_2015_Press_Release_EN.pdf?ua=1। আহৰণ কৰা হৈছে: 2 March 2015. 
  5. Oishi, N.; Schacht, J. (June 2011). "Emerging treatments for noise-induced hearing loss". Expert opinion on emerging drugs খণ্ড 16 (2). doi:10.1517/14728214.2011.552427. PMID 21247358. 
  6. 6.0 6.1 WHO (2008). প্ৰকাশক Geneva, Switzerland: World Health Organization. পৃষ্ঠা. 35. ISBN 9789241563710. http://www.who.int/healthinfo/global_burden_disease/GBD_report_2004update_full.pdf. 
  7. Olusanya, BO; Neumann, KJ; Saunders, JE (1 May 2014). "The global burden of disabling hearing impairment: a call to action.". Bulletin of the World Health Organization খণ্ড 92 (5): 367–73. PMID 24839326. 
  8. Elzouki, Abdelaziz Y. Textbook of clinical pediatrics (2 সম্পাদনা). প্ৰকাশক Berlin: Springer. পৃষ্ঠা. 602. ISBN 9783642022012. http://books.google.ca/books?id=FEf4EMjYSrgC&pg=PA602. 
  9. "Community and Culture - Frequently Asked Questions". National Association of the Deafnad.org. Archived from the original on 27 December 2015. http://nad.org/issues/american-sign-language/community-and-culture-faq। আহৰণ কৰা হৈছে: 31 July 2014. 
  10. "Sound and Fury - Cochlear Implants - Essay". PBSwww.pbs.org. http://www.pbs.org/wnet/soundandfury/cochlear/essay.html। আহৰণ কৰা হৈছে: 2015-08-01. 
  11. "Understanding Deafness: Not Everyone Wants to Be 'Fixed'". The Atlanticwww.theatlantic.com. http://www.theatlantic.com/health/archive/2013/08/understanding-deafness-not-everyone-wants-to-be-fixed/278527/। আহৰণ কৰা হৈছে: 2015-08-01. 
  12. "Why not all deaf people want to be cured". The Daily Telegraphwww.telegraph.co.uk. http://www.telegraph.co.uk/culture/9526045/Why-not-all-deaf-people-want-to-be-cured.html। আহৰণ কৰা হৈছে: 2015-08-02. 
  13. Sparrow, Robert (2005). "Defending Deaf Culture: The Case of Cochlear Implants". The Journal of Political Philosophy খণ্ড 13 (2). http://profiles.arts.monash.edu.au/rob-sparrow/download/Deaf-Culture.pdf। আহৰণ কৰা হৈছে: 30 November 2014. 
বৰ্গীকৰণ