শৰণীয়া কছাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
শৰণীয়া কছাৰী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ (অসম, ভাৰত )
ধৰ্ম

Om symbol.svgহিন্দু ধৰ্ম  · P christianity.svgখ্ৰীষ্টান ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

বড়ো, কছাৰী

শৰণীয়া কছাৰী অসমৰ এটা জনজাতীয় গোট। ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত। অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰীসকল বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বড়ো, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মেচ কছাৰী, মিচিং, মৰাণ, মটক, তিৱা-লালুং, হাজং, কাৰ্বি, ডিমাচা, হোজাই, বৰাহী, আহোম, চুতীয়া, কোচ, মদাহি আদি জনগোষ্ঠীয় গোটসমূহৰ দৰেই সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ এটা জনজাতীয় জনগোষ্ঠী। অসমৰ এই জনগোষ্ঠীটোৰ জনসংখ্যা প্ৰায় চাৰি লাখৰ ওচৰে পাজৰে। তেওঁলোক বিভিন্ন জিলাত সিঁচৰতি হৈ থকা বাবে সেই জিলাবোৰৰ লোকভাষা আৰু সংস্কৃতিৰ প্ৰভাৱো তেওঁলোকৰ ওপৰত পৰিছে। শৰণীয়া, মহলীয়া, ডেকা, কছাৰী, চৌধুৰী, দাস, বৰুৱা, কাকতি, শইকীয়া, বৰ্মণ, মজুমদাৰ, হাজৰিকা, লহকৰ, মহন্ত আদি উপাধিৰে পৰিচিত শৰণীয়া কছাৰীসকলে হাজাৰ বছৰ আগেয়ে হিন্দু ধৰ্মত শৰণ লৈ অসমীয়া ভাষাক মাতৃভাষাৰূপে গ্ৰহণ কৰিলেও বিহুকেন্দ্ৰিক আৰু ধৰ্মীয় উৎসৱমূলক গীত-মাতত জনজাতীয় প্ৰভাৱ আংশিক পৰিমাণে হ’লেও ৰৈ গৈছে।[1]

উৎসৱ / অনুষ্ঠান[সম্পাদনা কৰক]

এওঁলোকৰ সাংস্কৃতিক পৰম্পৰাবোৰৰ মাজত আছে বিভিন্ন ধৰণৰ কৃষিমূলক ৰীতি-নীতিভিত্তিক উত্সৃৱ-অনুষ্ঠান, ধৰ্মকেন্দ্ৰিক সেৱামূলক অনুষ্ঠান, ভাদমহীয়া বাম্বোলপিটা বা হেপৰপিটা উৎসৱ, বাঁহ-গোসাঁই উৎসৱ আদি। ইয়াৰে বাঁহ-গোসাঁই উৎসৱ হ’ল ব'হাগ মাহৰ পৰম্পৰাগত লোক-উৎসৱ। আন উৎসৱ বিভিন্ন প্ৰসংগত বিভিন্ন সময়ত আয়োজন কৰা হয়।

শৰণীয়া কছাৰীসকলৰ জীৱনধাৰা কৃষিকৰ্ম আৰু লোকশিল্পকলাৰ সৈতে জড়িত। কছাৰীমূলীয় এই জনগোষ্ঠীটোৱে জনজাতীয় ধৰ্মীয় পৰম্পৰা এৰি প্ৰথমে বৈদিক বামুণীয়া পৰম্পৰা আৰু পোন্ধৰ-ষোল শতিকাত শংকৰী ধৰ্মীয় পৰম্পৰা গ্ৰহণ কৰি শৰণীয়া পৰিচিতি লাভ কৰাৰ পাছতো তেওঁলোকৰ লোকজীৱনৰ স্বকীয় সাংস্কৃতিক পৰম্পৰা অব্যাহত থাকিল। মূলতঃ বড়ো, কোচ, ৰাভা মাদাহি আদি জনগোষ্ঠীৰ জীৱনধাৰাৰ সৈতে সম্পৰ্কিত শৰণীয়া কছাৰীসকলে যি সাংস্কৃতিক পৰম্পৰা পালন কৰে তাত কৃষি আৰু ঘৰুৱা শিল্পকৰ্মৰ সৈতে বাঁহে গুৰুত্ব লাভ কৰি আহিছে। সেয়ে শৰণীয়া কছাৰী বিহুৰ বিভিন্ন পৰম্পৰা আৰু পৰিৱেষণ পদ্ধতিৰ সৈতে সম্পৰ্ক ৰক্ষাল কৰি অহাৰ উপৰিও বাঁহক মুখ্যস্থান দি ধৰ্মীয় পৰম্পৰাভিত্তিক বাঁহ-গোসাঁই উৎসৱ পালন কৰি আহিছে।

বড়োসকলে যি তেৰগৰাকী দেৱতাক সেৱা অৰ্চনা কৰি আহিছে তাৰে তেৰ নম্বৰ গৰাকী হ’ল নবাব বাদছাহ। আন বাৰ গৰাকী হ’ল ক্ৰমে-বাথৌ বৰাই, আইলেং, আগ্ৰাং, খইলা, ৰাজখন্দ্ৰা, সংৰাজা, আলাই খুংগী, ভাণ্ডাৰী, ৰণচণ্ডী, বুল্লি-বুৰি আৰু লাওখাৰ গোসাঁই। নৃতাত্বিক গৱেষণাৰ পৰা জনা গৈছে যে অসমৰ বড়ো আৰু শৰণীয়া কছাৰী সকল একে কছাৰী মূলৰ মানুহ। সেয়ে পূৰ্বতে বড়োসকলৰ দৰেই শৰণীয়া কছাৰী সকলৰ মাজতো ধৰ্মনিৰপেক্ষ লোকপৰম্পৰাৰ অনেক সমল আছিল বুলি ধাৰণা কৰিব পাৰি।

শৰণীয়া কছাৰীসকলৰ মাজত চ’ত বিহুৰ অনেক পৰম্পৰা আছে। গৰু বিহুৰ দিনা গৰুক গা ধুৱাই নতুন পঘা পিন্ধোৱা, প্ৰথম বহাগৰপৰা জ্যেষ্ঠজনে কনিষ্ঠ জনক আশীৰ্বাদ আৰু মৰম জনোৱা, কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ বিচৰা, আপোনজনক বিহুৱান উপহাৰ দিয়া, আত্মীয় আৰু শুভাকাংশীৰ ঘৰলৈ গৈ বিহুৰ আপ্যায়ন গ্ৰহণকৰা, হুচৰি আৰু বিহুমৰা আদি পৰম্পৰাও শৰণীয়া কছাৰীসকলৰ মাজত দেখা যায়। আন জনগোষ্ঠীৰ গাভৰুৰ দৰে শৰণীয়া কছাৰী গাভৰুসকলেও বিহুনাচ নাচে। তেওঁলোকৰ মেখেলা-চাদৰৰ ৰঙ সেউজীয়া, মেখেলা আৰু চাদৰৰ পাৰি বোৰ ৰঙা, বেঙুনীয়া, বগা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰিত ফুলেৰে সজ্জিত। কিছুমান গাওঁত কেঁচবছা চাদৰো ব্যৱহাৰ কৰা দেখা যায়। নাচনীৰ চোলাও সেউজীয়া ৰঙৰ। নাচনীয়ে হাতত গাম খাৰু, খোপাত কপৌফুল, ডিঙিত ঢোলবিৰি, জোনবিৰি আদি পৰিধান কৰে। আনহাতে নাচনি বা বিহুৱাই চুটিকৈ সেইজীয়া ৰঙৰ (কিছুমানে বগা ৰঙৰো)চুৰিয়া বা দীঘল গামোচা পৰিধান কৰে আৰু গাত মুগা, বগা বা সেউজীয়া ৰঙৰ হাতকটা বিহুচোলা পিন্ধিলয়। আন জনগোষ্ঠীৰ বিহুৱাৰ দৰেই শৰণীয়া কছাৰী জনগোষ্ঠীৰ বিহুৱাই মুৰত বগা বা সেউজীয়া ৰঙৰ বিহুৱান পিন্ধি বিহু মাৰে। শৰণীয়া কছাৰী সকলে বিহুৱানক ‘বিহান’ বুলি কয়। তাঁতশালত ফুলবছাৰ পৰম্পৰা থকা বাবে শৰণীয়া কছাৰী গাভৰু সকলে বাবৰিফুলীয়া, ভমকাফুলীয়া আদি ফুলবছা বিহুৱানবোৰ বৈ আপোনজনক উপহাৰ দিয়ে।

লোক-সংস্কৃতি[সম্পাদনা কৰক]

শৰণীয়া কছাৰী গাঁওবোৰৰ জীৱনযাত্ৰা আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে নৈ আৰু জান-জুৰি ওতপ্ৰোতভাৱে জড়িত হৈ আছে। মাছ মৰা পৰম্পৰা সৈতেও শৰণীয়া কছাৰীসকল ওতপ্ৰোতভাৱে জড়িত। তেওঁলোকৰ নিজস্ব দোৱানৰ আধাৰত গোৱা বিভিন্ন উত্সহৱ-অনুষ্ঠান গীত-মাতত মাছ মৰা পৰম্পৰা আৰু নৈ-জানৰ উল্লেখ লক্ষ্য কৰিবলগীয়া বিষয়। শুদ্ধ আৰু মান্য অসমীয়া ভাষাত বিহুনাম গায় যদিও শৰণীয়া ডেকা-গাভৰু সকলে তেওঁলোকৰ ঘৰুৱা দোৱানতো বিহুনাম গায়। তেনে বিহুনামৰ বেছি ভাগেই ধেমেলীয়া জোৰানাম বা জাত নাম।

শৰণীয়া কছাৰী সমাজত ‘সোণামুৱা’ হ’ল মৰমৰ সম্বোধন। তেনেদৰে মাজনীৰ সলনি তেওঁলোকে গাভৰুক ‘মাইচেনা’ বুলি মাতে। বিহুৱানক ‘বিহান’ কোৱাৰ দৰে গামোচাক ‘মুকচা’ বুলি কয়। শৰণীয়া কছাৰী সমাজত বহাগ বিহুক কেন্দ্ৰকৰি প্ৰচলিত গীত-মাতত বৰপেটীয়া লোকভাষাৰ যথেষ্ট প্ৰভাৱ আছে। তদুপৰি কিছুমান গীত-মাতত তিৱাসকলৰ লালিলাং গীতৰ প্ৰভাৱো লক্ষ্য কৰা যায়।

শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকবিশ্বাস আৰু পৰম্পৰাঃ

প্ৰতিটো জনগোষ্ঠীৰে নিজ নিজ সংস্কৃতি, লোকবিশ্বাস আৰু পৰম্পৰা, আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ আদি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলৰ মাজতো তেনে কিছুমান লোকবিশ্বাস আৰু পৰম্পৰা আদি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে।

গোঁসাই বাঁহ ফুৰোৱা উ্ত্‍সৱ: গোঁসাই বাঁহ ফুৰোৱা উ্ত্‍সৱ শৰণীয়া জনগোষ্ঠীৰ এটি অতি জনপ্ৰিয় লোক উ্ত্‍সৱ। ই শৰণীয়া সমাজত পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ আহিছে। গোঁসাই বাঁহ নামঘৰ, হৰি মন্দিৰ বা ব্যক্তিগত নামঘৰৰ পৰা আৰম্ভ কৰা হয়। ই এক প্ৰতীকধৰ্মী লোক উ্ত্‍সৱ। গোঁসাই বাঁহক বিষ্ণু বা শিবৰ প্ৰতীক হিছাপে জ্ঞান কৰা হয়। বহাগ মাহৰ গৰু বিহুৰ দিনা শৰণীয়া জনগোষ্ঠীৰ ৰাইজে গোঁসাই বাঁহ সাজি উলিয়ায়। গঞা ৰাইজ নামঘৰত সমবেত হৈ, নামঘৰৰ দেউৰীজনে ঠগী দিয়াৰ পিছত ৰাইজে নিৰ্দ্ধাৰিত কৰি থোৱা বাঁহ্জুপিৰ পৰা পুৰঠ জাতি বাহঁ (মাকাল) এডাল কাটি আনে। এই বাহঁডাল ধুই পখালি, চুচি-চাঁচি পৰিস্কাৰ কৰাৰ পিছ্ত বগা কাপোৰৰ জামা পিন্ধাই দি তাৰ ওপৰত ‘ছোৱাৰ’, ৰুমাল, ফুলাম গামোছা আদি ৰচীৰে টানকৈ বান্ধি দিয়া হয়। ওপৰৰ পিনে কলডিল আকৄতিৰ ১০ বা ১২ ই‍ঞ্চি দীঘ্ল পিতলৰ ‘চুলা’ লগাই তাত এটি সৰু টিলিঙা আৰিঁ দি টিলিঙাটো চকুত নপৰাকৈ ফুলৰ মালাৰে ঢাকি দিয়া হয়।নামঘৰ বা হৰি মন্দিৰ ভিতৰত ঢোল, তাল, শঙ্খ, ঘন্টা, বৰকাঁহ আদি বজাই এই পৰ্ব আৰম্ভ কৰা হয়। প্ৰথমে গাঁওবুঢ়া বা মুৰব্বী মানুহৰ ঘৰলৈ নি তাৰ পিছত গাঁৱৰ প্ৰতিঘৰ মানুহৰ পদূলিৰে পৰিভ্ৰমণ কৰোৱা হয়। জনবিশ্বাস মতে, এই পূজা শ্ৰদ্ধাৰে ভক্তিৰে কৰিলে কৃষিকাৰ্যত কোনো বিঘিনি নঘটে, খেতি-বতি নদন-বদন হয়, মনোবাঞ্চা পূৰণ হয়।

ঠগী সই থোৱাঃ কোনো ব্যক্তিৰ গাত যদি গোঁসায়ে ধৰে বা অপদেৱতাই লম্ভে তেন্তে সেই ব্যক্তিজনৰ নামত গোঁসাইলৈ এখন ঠগী থোৱা হয় বা মানস কৰা হয়। গোঁসায়ে ধৰা ব্যক্তিজন আৰোগ্য হোৱাৰ পিছত এটা নিৰ্দিষ্ট দিনত গোঁসাইলৈ ঠগীখন আগবঢ়োৱা হয়। শৰণীয়া কছাৰী সকলৰ মাজত প্ৰচলিত লোকবিশ্বাস অনুসৰি বহুকেইজন গোঁসাই (গোঁহাই) বা দেৱতা আছে যেনেঃ ঘৰ গোঁসাই (লোকবিশ্বাস মতে প্ৰতিঘৰ শৰণীয়া কছাৰীৰে ঘৰত নিজা নিজা আৰধ্য গোঁসাই থাকে, এই গোঁসাইজনক ঘৰ গোঁসাই বোলে।), গোপাল গোঁসাই (শৰণীয়া কছাৰী সকলে গোঁহালিৰ গৰু ভালে কুশলে থাকিবলৈ বা গৰুৰ বেমাৰ হলে এই গোঁসাইলৈ এখন ঠগী বা কল এথোক সই থয়), জল দেৱতা (জল দেৱতাই লম্ভিলেও ঠগী থোৱা হয়, জল দেৱতাৰ ঠগীত কণী (ডিমা), নয়নতৰা (কাথন্দা) ফুল, সেন্দুৰৰ দৰকাৰ)।

শঠা তোলাঃ শৰণীয়া কছাৰী লোক সকলৰ পৰিয়াল কাৰোবাৰ ডাঙৰ বেমাৰ হ’লে শঠা তোলে। শঠা তোলাক সই থোৱাৰে নামান্তৰ বুলিব পাৰি যদিও শঠা তোলাত কিছুমান উপৰেঞ্চি নিয়ম মানি চলা হয়। শঠা তোলাৰ লগতে কোনো কোনোৱে গোঁসাই বা দেৱতালৈ বেমাৰীজনৰ নামত পঠা ছাগলী, হাঁহ-পাৰ, মূৰ্গী আদি সই থয় বা মানস কৰে। ব্যক্তিজন আৰোগ্য হোৱাৰ পিছত এটা নিৰ্দিষ্ট দিনত গোঁসাইলৈ শঠাটো আগবঢ়োৱা হয় (সই থোৱা বস্তুবোৰ (ছাগলী, হাঁহ-পাৰ, মূৰ্গী আদি) বলি হিচাপে দেৱ-দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা হয়।

লঘোণ দিয়াঃ যিকোনো ধাৰ্মিক উপলক্ষত লঘোণ দিয়া প্ৰথা হিন্দু ধৰ্মত অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। অকল হিন্দু ধৰ্মতহে যে এই প্ৰথা প্ৰচলিত এনে নহয়; প্ৰত্যেক ধৰ্মতে স্বকীয় পদ্ধতিৰে লঘোণ দিয়া পৰম্পৰা আছে। বিভিন্ন উপলক্ষত শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে লঘোণ দিয়ে। বিশেষকৈ বিবাহিত নাৰী-পুৰুষ সকলে, কাৰণ শৰণীয়া কছাৰী সমাজত বিবহিত সকলক চুৱা বুলি গণ্য কৰা হয়। ঋতুমতীসকলৰ ‍ক্ষেত্ৰত বিবাহিতা-অবিবাহিতা বুলি কোনো কথা নাই, ঋতুমতী হোৱাৰ তিনি দিনৰ দিনা সূৰ্য অস্ত যোৱাৰ আগে আগে ভাত-পানী খাই ৰাতি লঘোণ দিয়াটো শৰণীয়া কছাৰী নাৰী সকলৰ পৰম্পৰা।

ভকত সেৱাঃ বৰ্তমান ভকত সেৱা প্ৰথাটো শৰণীয়া কছাৰী সমাজত চেগাচেৰেকাকৈ প্ৰচলন হৈ থকা দেখা যায়। ১৯ শতিকাৰ মাজ ভাগলৈ শৰণীয়া কছাৰী জনগোষ্ঠীৰ সম্ভ্ৰান্ত মানুহৰ ঘৰত বছৰত এবাৰকৈ ভকত সেৱা উত্সৱ পতাটো এক প্ৰকাৰ পৰম্পৰাই আছিল। ভকত সেৱাত দুটা পন্থী আছে- এটা পূৰ্ণধাৰী (মাংসাহৰী) আৰু আনটো হ’ল পুঠিমেইছা(শাকাহাৰী)।

আগ আনাঃ কৃষিকৰ্মৰ লগত জড়িত শৰণীয়া কছাৰী খেতিয়্কসকলৰ নতুনকৈ ওলোৱা শালি ধানৰ আগ অনাটো পৰম্পৰা। আগ ননাকৈ শালি ধান কটিৱ নাপায় বুলি শৰণীয়া কছাৰী সকলৰ মাজত জন বিশ্বাস আছে।

বাম্বোল পিতা উত্সৱঃবাম্বোল পিতা উ্ত্‍সৱ শৰণীয়া কছাৰী সকলৰ এটি সুকীয়া সাংস্কৃতিক বৈশিষ্ট। এইউ্ত্‍ সৱ ভাদ মাহৰ পূৰ্ণিমা তিথিৰ পৰা আৰম্ভ কৰি পাঁচদিন পালন কৰা হয়। বাম্বোলৰ অৰ্থ হ’ল- বাম মানে বাঁহ আৰু বোল মানে টুকুৰীয়াই গোৱা গীত।

ম’হ খেদা উ্ত্‍সৱ: শৰণীয়া কছাৰী জনগোষ্ঠী লোকসকল মুলত কৃষিজীৱী, এই কৃষিজীৱী সমাজত ম’হ খেদা উত্সৱো এটি তাত্পৰ্যপূৰ্ণ লোক উত্সৱ। এই উত্সৱ আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ পৰা আৰম্ভ কৰি পাঁচদিন পালন কৰা হয়।

পহু চিকাৰ নৃত্যঃ পহু চিকাৰ নৃত্য শৰণীয়া কছাৰী জনগোষ্ঠীৰ এটি লুপ্তপ্ৰায় নৃত্য। মাঘৰ বিহুক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল পহু চিকাৰ নৃত্য। শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে মাঘৰ বিহুৰ উৰুকাৰ দিনা সমুহীয়া ভাৱে গাঁৱৰ ডেকা সকলে কান্ধত জাল-জৰি, হাতত দা-যাঠি জোং লৈ হাবিত পহু, গাহৰি, সহা, জহামাল্লা আদি চিকাৰ কৰিবলৈ গৈছিল। এইদৰে চিকাৰলৈ যাওঁতে তেওঁলোকে মনৰ উলাহতে বিভিন্ন ধৰণৰ ধেমেলীয়া গীত মাত গাই গৈছিল। এই গীত আৰু নৃত্য পৰাই সৃষ্টি হৈছিল পহু চিকাৰ নৃত্য।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰঙালী বিহুৰ পৰম্পৰা আৰু বাঁহ-গোসাঁই উৎসৱ, ইছমাইল হোছেইন, (প্ৰান্তিক-৩২শ বছৰ ১০ম সংখ্যা ১৬-৩০ এপ্ৰিল/২০১৩)
  2. শৰণীয়া কছাৰী সমাজ আৰু সংস্কৃতিৰ আভা, নলিনী ডেকা শৰণীয়া (শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰূপৰেখা, পৃ: ৪৫)