ষড়ছন্দৰ গীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মহাপুৰুষ শংকৰদেৱ বিৰচিত, ৰাগৰ লগতে তালো নিৰ্দ্দিষ্ট কেইটিমান বৰগীত ষড়ছন্দৰ গীত নামেৰে জনাজাত। বৰগীতত সাধাৰণতে ৰাগহে নিৰ্দ্দিষ্ট কৰি বন্ধা থাকে, তালৰ নাম উল্লেখ কৰা নহয়। মাত্ৰ শংকৰদেৱ বিৰচিত তিনিটি গীতৰ প্ৰত্যেকটি গীততে তাল ধৰি দিয়া আছে। এই গীতকেইটিকে ‘ষড়ছন্দৰ গীত’ বোলা হয়। এই গীতকেইটি ভূপালী, ধনশ্ৰী আৰু অহিৰ ৰাগৰ। প্ৰত্যেকটি গীততে তিনিটাকৈ খণ্ড পোৱা যায় আৰু প্ৰত্যেকটো খণ্ডই ভাব আৰু গঠনৰ ফালৰ পৰা একো একোটা স্বতন্ত্ৰ গীত। প্ৰত্যেকটো খণ্ডই ধ্ৰুৱক আৰু পদেৰে গঠিত; কিন্তু গীতৰ একেবাৰে শেষ খণ্ডটোৰ শেষতহে ভণিতা দিয়া হৈছে। গীতকেইটিৰ প্ৰথমৰ খণ্ডকেইটাত অন্যান্য বৰগীতৰ দৰে তাল নিৰ্দ্দিষ্ট কৰি দিয়া নাই, পিচৰ অংশ দুটাতহে তাল নিৰ্দ্দিষ্ট কৰি দিয়া হৈছে। ভূপালী ৰাগৰ গীত দুটিত চুটা আৰু খৰমান তাল, ধনশ্ৰী ৰাগৰ গীত দুটিত পৰিতাল আৰু একতালি, অহিৰ ৰাগৰ গীত দুটিত যতিমান আৰু মানচোক ব্যৱহাৰ কৰা হৈছে। গীতসমূহৰ বিষয়বস্তু গোপী-কৃষ্ণৰ বিৰহ। ষড়ছন্দৰ গীতকেইটি গোৱাৰ পৰ আৰু উপলক্ষ্যও বেলেগ।