ষষ্ঠী (তিথি)
অৱয়ব
ষষ্ঠী (ইংৰাজী: Shashthi, সংস্কৃত: षष्ठी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিকৰ (পক্ষ) ষষ্ঠ দিন (তিথি)।[1] প্ৰত্যেক মাহত দুটিকৈ ষষ্ঠী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ ষষ্ঠ দিন।
উৎসৱ
[সম্পাদনা কৰক]ষষ্ঠী তিথি, বিশেষকৈ শুক্লপক্ষ, কেইবাটাও আচাৰ-অনুষ্ঠান পালিত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ:
- দুৰ্গা পূজা
- শীতলাষষ্ঠী[2]
- স্কন্দ ষষ্ঠী বা সুব্ৰামণ্য ষষ্ঠী[3]
- চন্দ্ৰ ষষ্ঠী (চন্নান ছট): ভাদ মাহৰ কৃষ্ণপক্ষ ষষ্ঠীত এই উৎসৱ পালন কৰা হয়। এই উৎসৱটি জম্মু বিভাগৰ ডোগৰা জনগোষ্ঠীৰ মাজত অধিক জনপ্ৰিয়।[4] ইয়াক বলোৰামৰ জন্মদিন হিচাপে পালন কৰা হয় আৰু সেয়ে ইয়াক বলৰাম ছট বা বলদেব ছঠও বোলা হয়।
- সূৰ্য ষষ্ঠী (ছট পূজা), হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ সূৰ্য-উপাসনাৰ এক প্ৰধান দিৱস। কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠ দিনত এই উৎসৱ পালন কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Monier-Williams, Monier (1872) (en ভাষাত). A Sanskrit-English Dictionary: ...with Special Reference to Greek, Latin, Gothic, German, Anglo-saxon.... Clarendon. পৃষ্ঠা. 1034. https://books.google.com/books?id=1Hp1MX8d8osC&dq=shashthi+sixth+day&pg=PA1034.
- ↑ "Festivals of India : Sital Shashti". Aryabhatt.com. http://www.aryabhatt.com/fast_fair_festival/Festivals/Sital%20Sasthi.htm। আহৰণ কৰা হৈছে: 2017-07-29.
- ↑ Kannikeswaran, Kanniks. "Skanda Sashti". Indiantemples.com. http://www.indiantemples.com/sashti.html। আহৰণ কৰা হৈছে: 29 July 2017.
- ↑ Śāstrī, Rāmanātha; Mohana, Madana (1970) (hi ভাষাত). (Rajata jayantī abhinandana grantha).. Ḍogarī Saṃsthā. https://books.google.com/books?id=SAASAQAAIAAJ&q=%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%A8+%E0%A4%9B%E0%A4%A0.