সমললৈ যাওক

ষ্টনৱাল বিদ্ৰোহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ষ্টনৱাল বিদ্ৰোহ
the events leading to gay liberation and the modern LGBTQ rights movement-ৰ অংশ

[1]
তাৰিখ June 28 – July 3, 1969 (1969-06-28 – 1969-07-03)[2]
স্থান
Stonewall Inn,
New York City

40°44′02″N 74°00′08″W / 40.7338°N 74.0021°W / 40.7338; -74.0021স্থানাংক: 40°44′02″N 74°00′08″W / 40.7338°N 74.0021°W / 40.7338; -74.0021
কাৰণ
  • Police raid on the Stonewall Inn (specifically)
  • General repression of LGBTQ rights (more broadly)
ফল Gay liberation and LGBTQ rights in the United States
পদ্ধতি
জড়িত থকা গোটসমূহ
  • Stonewall Inn patrons
  • and other sympathizers
পৰিসংখ্যা
Day 1: 10 NYPD officers (inside the Inn)
Day 2: Multiple NYPD precincts
Day 1: 500–600 supporters outside
Day 2: ~1,000 supporters inside and outside
Arrests, etc.
4 policemen injured
Unknown number of rioters injured. 13–20 arrested.

ষ্টনৱাল বিদ্ৰোহ (ষ্টনৱাল অপ্ৰাইজিং, ষ্টনৱাল ৰেবেলিয়ন, ষ্টনৱাল ৰিভলিউশ্যন, [3] বা বা চমুকৈ ষ্টনৱাল নামেৰেও জনাজাত) আছিল ১৯৬৯ চনৰ ২৮ জুনৰ পুৱতি নিশা নিউয়ৰ্ক চহৰৰ ল'ৱাৰ মেনহেটনৰ গ্ৰীণউইচ ভিলেজ অঞ্চলত অৱস্থিত ষ্টনৱাল ইনত হোৱা এক আৰক্ষীৰ অভিযানৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে গঢ়ি উঠা ধাৰাবাহিক প্ৰতিবাদ আৰু কাৰ্যসূচী। যদিও আমেৰিকাৰ এলজিবিটিকিউ (LGBTQ) লোকসকলে চৰকাৰী পৃষ্ঠপোষকতাত যৌন সংখ্যালঘুসকলৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিয়াৰ এইয়া প্ৰথম ঘটনা নাছিল, তথাপিও ষ্টনৱাল বিদ্ৰোহে আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতে সমকামী অধিকাৰ আন্দোলনৰ এক নতুন যুগৰ সূচনা কৰিছিল। [ টোকা ১ ]

১৯৫০ আৰু ১৯৬০-ৰ দশকত আমেৰিকাৰ সমকামী (গে' আৰু লেছবিয়ান) লোকসকলে অন্যান্য কিছুমান পশ্চিমীয়া আৰু পূবৰ দেশৰ তুলনাত অধিক সমকামী-বিৰোধী আইনী ব্যৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছিল। আমেৰিকাৰ প্ৰাৰম্ভিক সমকামী গোটসমূহে (homophile groups) সমাজত সমকামী লোকসকলকো সহজভাৱে গ্ৰহণ কৰিব পৰা যায় বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল, আৰু তেওঁলোকে সমকামী আৰু বিষমকামী (heterosexuals) উভয়ৰে বাবে এক সংঘাতহীন শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। অৱশ্যে, ১৯৬০-ৰ দশকৰ শেষৰ বছৰবোৰ আছিল অতি সংঘাতপূৰ্ণ, কিয়নো সেই সময়ছোৱাত নাগৰিক অধিকাৰ আন্দোলন, ১৯৬০-ৰ দশকৰ প্ৰতি-সংস্কৃতি (counterculture) আৰু যুদ্ধ-বিৰোধী প্ৰতিবাদকে ধৰি বহুতো সামাজিক আন্দোলন সক্ৰিয় হৈ আছিল। এই প্ৰভাৱসমূহ আৰু গ্ৰীণউইচ ভিলেজৰ উদাৰ পৰিৱেশে ষ্টনৱাল বিদ্ৰোহৰ বাবে অনুঘটক হিচাপে কাম কৰিছিল।

১৯৫০ আৰু ১৯৬০-ৰ দশকত মুকলিভাৱে সমকামী লোকসকলক আদৰণি জনোৱা প্ৰতিষ্ঠানৰ সংখ্যা আছিল অতি কম। যিবোৰ প্ৰতিষ্ঠানে আদৰণি জনাইছিল, সেইবোৰ আছিল প্ৰায়ে বাৰ (bar), যদিও এই বাৰসমূহৰ গৰাকী বা পৰিচালকসকল সাধাৰণতে সমকামী নাছিল। ষ্টনৱাল ইনৰ মালিক আছিল মাফিয়াসকল আৰু ইয়াত বিভিন্ন ধৰণৰ গ্ৰাহকৰ সমাগম হৈছিল। [4] [5] সমকামী সম্প্ৰদায়ৰ আটাইতকৈ দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰ মাজত ই আছিল অতি জনপ্ৰিয়: ড্ৰেগ কুইন (drag queens), হিজড়া সম্প্ৰদায়ৰ প্ৰতিনিধি, নাৰীসুলভ যুৱক, দেহ ব্যৱসায়ী (hustlers) আৰু গৃহহীন যুৱক-যুৱতীসকল। ১৯৬০-ৰ দশকত সমকামী বাৰবোৰত আৰক্ষীৰ অভিযান চলোৱাটো এটা নিয়মীয়া ঘটনা আছিল, কিন্তু সেই সময়ৰ সাধাৰণ অভিযানৰ বিপৰীতে, এইবাৰ আৰক্ষীয়ে মাফিয়াক পূৰ্বতে সতৰ্ক কৰি দিয়া নাছিল, আনকি নিউয়ৰ্ক আৰক্ষীৰ ষষ্ঠ প্ৰেচিন্টকো (six precinct) জনোৱা হোৱা নাছিল। ইয়াৰ উপৰি, সাধাৰণতে এনে অভিযানসমূহ সপ্তাহৰ কৰ্মদিনবোৰৰ গধূলি সময়ত কৰা হৈছিল, যেতিয়া বাৰত ভিৰ কম হোৱাৰ সম্ভাৱনা থাকে। কিন্তু ইয়াৰ বিপৰীতে, ষ্টনৱালৰ অভিযানটো শুকুৰবাৰে পলমকৈ নিশা কৰাৰ পৰিকল্পনা কৰা হৈছিল, যেতিয়া গ্ৰাহকৰ ভিৰ আটাইতকৈ বেছি হোৱাৰ আশা কৰা হৈছিল।[6] বিষয়াসকলে অতি সোনকালেই ষ্টনৱাল ইনৰ পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু ই এক বৃহৎ জনতাক আকৰ্ষিত কৰে, যিয়ে পিছলৈ দংগাৰ ৰূপ লয়। নিউয়ৰ্ক চহৰৰ আৰক্ষী আৰু গ্ৰীণউইচ ভিলেজৰ সমকামী বাসিন্দাৰ মাজত থকা উত্তেজনাই পিছদিনা সন্ধিয়া আৰু তাৰ কেইবাদিনো ধৰি অধিক প্ৰতিবাদৰ সৃষ্টি কৰে। কেইসপ্তাহমানৰ ভিতৰতে, ভিলেজৰ বাসিন্দাসকলে একত্ৰিত হৈ সক্ৰিয় কৰ্মী গোট গঠন কৰে যাতে সমকামী লোকসকলে গ্ৰেপ্তাৰ হোৱাৰ ভয় নোহোৱাকৈ নিজৰ যৌন পৰিচয় মুকলি কৰিব পৰা স্থান প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিব পৰা যায়।

ষ্টনৱাল বিদ্ৰোহৰ পিছতো, নিউয়ৰ্ক চহৰৰ যৌন আৰু লিংগ সংখ্যালঘুসকলে এটা একত্ৰিত সম্প্ৰদায় হিচাপে গঢ়ি উঠাৰ ক্ষেত্ৰত লিংগ, শ্ৰেণী আৰু প্ৰজন্মগত বাধাৰ সন্মুখীন হৈছিল। তাৰ পিছৰ কেইসপ্তাহ আৰু কেইমাহমানৰ ভিতৰত, তেওঁলোকে ৰাজনৈতিকভাৱে সক্ৰিয় সামাজিক সংগঠন গঢ়ি তোলে আৰু সমকামী তথা হিজড়া লোকৰ অধিকাৰৰ বিষয়ে মুকলিভাৱে চৰ্চা কৰা আলোচনী প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। এই বিদ্ৰোহৰ প্ৰথম বৰ্ষপূৰ্তি আমেৰিকাৰ কেইবাখনো চহৰত শান্তিপূৰ্ণ প্ৰদৰ্শনীৰ জৰিয়তে পালন কৰা হৈছিল, যিবোৰ পিছলৈ বিকশিত হৈ প্ৰাইড পেৰেড (Pride parades) বা গৌৰৱ সমদলত পৰিণত হয়। ২০১৬ চনত এই স্থানত ষ্টনৱাল ৰাষ্ট্ৰীয় স্মৃতিসৌধ (Stonewall National Monument) প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান, ষ্টনৱাল বিদ্ৰোহৰ স্মৃতিত প্ৰতি বছৰে জুন মাহৰ শেষৰ ফালে সমগ্ৰ বিশ্বতে প্ৰাইড ইভেণ্ট বা গৌৰৱ উদযাপনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Carter 2004, পৃষ্ঠা. 162.
  2. ↑ Grudo, Gideon (June 15, 2019). "The Stonewall Riots: What Really Happened, What Didn't and What Became Myth". The Daily Beast. https://www.thedailybeast.com/the-stonewall-riots-what-really-happened-what-didnt-and-what-became-myth.; "New-York Historical Society commemorates 50th anniversary of Stonewall Uprising with special exhibitions and programs". New-York Historical Society. April 23, 2019. https://www.nyhistory.org/press/releases/new-york-historical-society-commemorates-50th-anniversary-stonewall-uprising-special। আহৰণ কৰা হৈছে: June 28, 2025.; "Movies Under the Stars: Stonewall Uprising". New York City Department of Parks and Recreation. June 26, 2019. Archived from the original on August 7, 2020. https://web.archive.org/web/20200807135756/https://www.nycgovparks.org/events/2019/06/26/movies-under-the-stars-stonewall-uprising। আহৰণ কৰা হৈছে: July 5, 2019.
  3. ↑ Jenkins, Andrea (2019). "Power to the People: The Stonewall Revolution". QED: A Journal in GLBTQ Worldmaking খণ্ড 6 (2): 63–68. doi:10.14321/qed.6.2.0063. ISSN 2327-1590. Archived from the original on September 20, 2024. https://web.archive.org/web/20240920095410/https://muse.jhu.edu/pub/26/article/733297। আহৰণ কৰা হৈছে: August 5, 2024.
  4. ↑ Duberman 1993.
  5. ↑ Carter 2004.
  6. ↑ "Stonewall Uprising | American Experience | PBS" (en ভাষাত). PBS. Archived from the original on November 25, 2020. https://web.archive.org/web/20201125023233/https://www.pbs.org/wgbh/americanexperience/films/stonewall/। আহৰণ কৰা হৈছে: June 22, 2025.