ষ্টাইক্স
ষ্টাইক্স | |
---|---|
দেৱী আৰু পাতালৰ নদী | |
অ'চেনিড-ৰ সদস্য | |
![]() | |
সঙ্গী | পালাছ |
পিতৃ-মাতৃ | অচেনাছ আৰু টেথিছ |
সহোদৰ | অ'চেনিড, নদী দেৱতাসকল |
সন্তান | জেলাছ, নাইক, ক্ৰাটছ আৰু বিয়া |
ষ্টাইক্স (/ˈstɪks/; প্ৰাচীন গ্ৰীক: Στύξ [stýks];[1] ইংৰাজী: Styx, ষ্টাইক্স নদী বুলিও কোৱা হয়) গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী দেৱী আৰু পাতাল জগতৰ এখন অন্যতম নদী। টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷[2][3][4] তেওঁ টাইটান পালাছৰ পত্নী আৰু জেলাছ, নাইক, ক্ৰাটছ আৰু বিয়াৰ মাতৃ। টাইটানৰ বিৰুদ্ধে হোৱা যুদ্ধত তেওঁ জ্যুছৰ পক্ষ লৈছিল আৰু ইয়াৰ বাবে তেওঁক সন্মান জনাবলৈ জ্যুছে দেৱতাসকলক ষ্টাইক্সৰ পানীৰ দ্বাৰা শপত খাবলৈ আদেশ দিছিল।[5]
পৰিয়াল
[সম্পাদনা কৰক]গ্ৰীক কাহিনী অনুসৰি অনুসৰি ষ্টাইক্স হৈছে বিশ্বক আগুৰি থকা মহান নদী টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিড কন্যাৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠা।[6] কিন্তু ৰোমান পৌৰাণিক লেখক হাইজিনাছৰ মতে তেওঁ নক্স ("ৰাতি", নাইক্সৰ ৰোমান সমতুল্য) আৰু ইৰেবাছৰ (অন্ধকাৰ) কন্যা।[7]
তেওঁ টাইটান পালাছৰ লগত বিয়া হয় আৰু তেওঁৰ দ্বাৰা জেলাছ, নাইক, ক্ৰাটছ, আৰু বিয়াৰ জন্ম হয়।[8] ভূগোলবিদ পৌছানিয়াছে উল্লেখ কৰিছে যে ক্ৰিটৰ এপিমেনিডেছৰ মতে ষ্টাইক্স আছিল ইচিডনা দানৱৰ মাতৃ৷ ইচিডনাৰ পিতৃৰ বিষয়ে কোনো তথ্য নাই হয়তো পেৰিয়াছ হ’ব পাৰে।[9]
সাধাৰণতে জ্যুছৰ কন্যা পাতাল-দেৱী পাৰ্চেফোনৰ মাতৃ বুলি ডিমিটাৰক গণ্য কৰা হয়, তথাপি পৌৰাণিক লেখক এপ'ল'ড'ৰাছৰ মতে তেওঁৰ মাতৃ আছিল ষ্টাইক্স। কিন্তু যেতিয়া এপ'ল'ড'ৰাছে পাৰ্চেফোনক অপহৰণ কৰাৰ বিখ্যাত কাহিনীত খঙাল আৰু বিচলিত মাকে পাৰ্চেফোনক বিচাৰি উলিওৱা কাহিনীৰ সৈতে সম্পৰ্ক বিচাৰ কৰা হয়, তেতিয়া সেই মাতৃগৰাকী ডিমিটাৰ বুলি বুজিব পাৰি।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ West 2003, p. 53 n. 11.
- ↑ Hesiod, Theogony 349 & 362–366; Homeric Hymn to Demeter 5 & 418; Apollodorus,1.2.2
- ↑ Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 41.
- ↑ Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 122. ISBN 9780786471119.
- ↑ Jost, s.v. Styx; Antoni, s.v. Styx; Grimal, s.v. Styx; Tripp, s.v. Styx; Parada, s.v. Styx; Smith, s.v. Styx.
- ↑ Grimal, s.v. Styx; Hesiod, Theogony 361–362, 775–776; Apollodorus, 1.2.2. Compare with Epimenides, fr. 7 Fowler [= FGrHist F6B = Vorsokr. 3B9], and Homeric Hymn 2 to Demeter (which both have Styx as the daughter of Oceanus without mentioning Tethys); Callimachus, Hymn to Zeus 33–36.
- ↑ Jost, s.v. Styx; Grimal, s.v. Styx; Hyginus, Fabulae 1.2–1.5.
- ↑ Gantz, pp. 25–26; Hesiod, Theogony 383–385; Apollodorus, 1.2.4; Compare with Hyginus, Fabulae 1.1–17.1–2, which gives the offspring of Pallas and Styx as Scylla, Force, Envy, Power, Victory, Fountains, and Lakes.
- ↑ Gantz, p. 22; Fowler 2013, p. 9; Pausanias, 8.18.2 [= Epimenides, fr. 7 Fowler] [= FGrHist F6B = Vorsokr. 3B9]. Other authors give other parents for Echidna, see Hesiod, Theogony 270–300 (where, according to Athanassakis, p. 44, her parents are "likely" Ceto and Phorcys); Apollodorus, 2.1.2 (Echidna is the daughter of Tartarus and Gaia).