ষ্টেলা নানচিকোম্বি মাকুবুয়া
| ষ্টেলা নানচিকোম্বি মাকুবুয়া | |
|---|---|
| জন্ম | ১১ নৱেম্বৰ, ১৯৬৭ উগাণ্ডা |
| মৃত্যু | ০৫ ছেপ্টেম্বৰ, ২০১৮ (৫০ বছৰ) ভাৰ্জিনিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| নাগৰিকত্ব | উগাণ্ডা |
| পেচা | মানৱ অধিকাৰ অধিবক্তা |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৩ — ২০১৮ |
| জনা যায় | Legal expertise |
ষ্টেলা নানচিকোম্বি মুকাছা মাকুবুয়া (ইংৰাজী: Stella Nansikombi Makubuya), (১১ নৱেম্বৰ ১৯৬৭ – ৫ ছেপ্তেম্বৰ ২০১৮), উগাণ্ডাৰ এগৰাকী মানৱ অধিকাৰ অধিবক্তা, আৰু মহিলা অধিকাৰ কৰ্মী যি আন্তঃৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ (ICRW) ত আফ্ৰিকাৰ বাবে আঞ্চলিক পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (ICRW)[1][2]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৬৭ চনৰ ১১ নৱেম্বৰত উগাণ্ডাৰ বুগাণ্ডা অঞ্চলত প্ৰয়াত ডৰ্কাছ নালুজে মুকাছা আৰু পিটাৰ মুকাছাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ গয়াজা জুনিয়ৰ স্কুল আৰু তাৰ পিছত গয়াজা হাইস্কুলত পঢ়ি হাইস্কুল ডিপ্লমা লাভ কৰে।[1]
তেওঁ মাকেৰেৰে বিশ্ববিদ্যালয়ৰ আইন বিদ্যালয়ত ভৰ্তি হয় আৰু তাৰ পৰাই আইনত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ উগাণ্ডাৰ ৰাজধানী চহৰ কাম্পালাৰ ল ডেভেলপমেণ্ট চেণ্টাৰৰ পৰা লিগেল প্ৰেকটিছত ডিপ্লমা লাভ কৰে। তাৰ পিছত তেওঁক উগাণ্ডাৰ বাৰত প্ৰেকটিচিং এটৰ্নী হিচাপে ভৰ্তি কৰা হয়। পিছলৈ তেওঁ যুক্তৰাজ্যৰ ৱাৰউইক বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]ষ্টেলা মাকুবুয়াই উগাণ্ডাৰ লিংগ, শ্ৰম আৰু সামাজিক উন্নয়ন মন্ত্ৰালয়ৰ আইনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত তেওঁ নৰ্ডিক কনছালটিং গ্ৰুপ উগাণ্ডাৰ সঞ্চালক, পৰিচালক আৰু পৰামৰ্শদাতা হিচাপে কাম কৰে।[1][3]
ন্নাবাগেৰেকা ডেভেলপমেণ্ট ফাউণ্ডেশ্যনকে ধৰি কেইবাখনো চৰকাৰ, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় এন জি অ’ আৰু উন্নয়ন সংস্থাৰ উপদেষ্টা হিচাপে কাম কৰিছিল। তেখেতে আকিনা মামা ৱা আফ্ৰিকা, আন্তৰ্জাতিক মহিলা উকীল ফেডাৰেচন (ফিডা), একচনএইড উগাণ্ডা আৰু ইষ্ট আফ্ৰিকাৰ বাবে মুকলি সমাজ পদক্ষেপ (OSIEA)ৰ ব'ৰ্ডত অধ্যক্ষ আৰু ভাইচ চেয়াৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।.[1][2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 Mazinga, Mathias (17 September 2018). "Nansikombi Laid to Rest As Tributes Flow". প্ৰকাশক Kampala. https://www.newvision.co.ug/new_vision/news/1485856/nansikombi-laid-rest-tributes-flow। আহৰণ কৰা হৈছে: 25 February 2019.
- ↑ 2.0 2.1 ActionAid (9 September 2018). "A Tribute to Stella Mukasa". প্ৰকাশক Kampala: ActionAid Uganda. Archived from the original on 26 February 2019. https://web.archive.org/web/20190226050016/http://www.actionaid.org/uganda/2018/09/tribute-stella-mukasa। আহৰণ কৰা হৈছে: 25 February 2019.
- ↑ 3.0 3.1 Mubiru, Apollo (7 September 2018). "Makubuya's Wife Advised UK, US On Gender Issues". প্ৰকাশক Kampala. https://www.newvision.co.ug/new_vision/news/1485313/makubuya-wife-advised-uk-us-gender-issues। আহৰণ কৰা হৈছে: 25 February 2019.