ষ্ট্ৰ’মা (কলা)
| ষ্ট্ৰ’মা | |
|---|---|
অপটিকেল মাইক্ৰস্কোপৰ অধীনত প্ৰষ্টেট। এই মাইক্ৰ’গ্ৰাফত প্ৰষ্টেটৰ অণুবীক্ষণিক গ্ৰন্থিবোৰ দেখুওৱা হৈছে। | |
| সবিশেষ | |
| Part of | সংযোগী কলা |
| চিনাক্তকাৰক | |
| লেটিন | ষ্ট্ৰ’মা |
| TH | সাঁচ:TerminologiaHistologica |
| FMA | 81494 81494, 81494 |
| দেহতাত্ত্বিক পৰিভাষা | |
ষ্ট্ৰ’মা (প্ৰাচীন গ্ৰীক ভাষাৰ পৰা στρῶμα (strôma) 'স্তৰ, বিচনা, বিচনাৰ আৱৰণ') হৈছে কোনো কলা বা অংগৰ গাঁথনিগত বা সংযোগী ভূমিকা থকা অংশ। ই অংগটোৰ নিৰ্দিষ্ট কাম-কাজ নথকা সকলো অংশৰে গঠিত - যেনে- সংযোগী কলা, ৰক্তবাহী নলী, নলী আদি। আনটো অংশ পেৰেনকাইমা কলা বা অংগটোৰ কাৰ্য সম্পাদন কৰা কোষেৰে গঠিত।[1]
কলাৰ শ্ৰেণীবিভাজনৰ একাধিক উপায় আছে: এটা শ্ৰেণীবিভাজন আঁচনি কলাৰ কাৰ্যৰ ওপৰত ভিত্তি কৰি আৰু আনটোৱে ইয়াৰ কোষীয় উপাদানসমূহ বিশ্লেষণ কৰে। ষ্ট্ৰ'মেল কলা "কাৰ্যকৰী" শ্ৰেণীত পৰে যিয়ে শৰীৰৰ সমৰ্থন আৰু গতিবিধিত অৰিহণা যোগায়। ষ্ট্ৰ’মা কলা গঠন কৰা কোষবোৰে এটা মেট্ৰিক্স হিচাপে কাম কৰে য’ত আন কোষবোৰ নিহিত হৈ থাকে।[2] ষ্ট্ৰ’মা বিভিন্ন ধৰণৰ ষ্ট্ৰ’মাল কোষৰ দ্বাৰা গঠিত।
ষ্ট্ৰ’মাৰ উদাহৰণ হ'ল-
- আইৰিছৰ ষ্ট্ৰ’মা
- কৰ্ণিয়াৰ ষ্ট্ৰ’মা
- ডিম্বাশয়ৰ ষ্ট্ৰ’মা
- থাইৰয়ড গ্ৰন্থিৰ ষ্ট্ৰ’মা
- থাইমাছৰ ষ্ট্ৰ’মা
- হাড়ৰ মজ্জাৰ ষ্ট্ৰ’মা
- লিম্ফ ন’ড ষ্ট্ৰ’মাল কোষ
- ষ্ট্ৰ’মেল চেল (মেচেনচাইমেল ষ্টেম চেল)
গাঁঠনি
[সম্পাদনা কৰক]ষ্ট্ৰ’মাত ষ্ট্ৰ’মাল সংযোগী কলা পোৱা যায়; এই কলাটো সংযোগী কলাৰ প্ৰপ’ৰ্ট গোটৰ অন্তৰ্গত। সংযোগী কলাৰ প্ৰপ’ৰ্টৰ কাম হ’ল ষ্ট্ৰ’মাৰ ৰক্তবাহী নলী আৰু স্নায়ুকে ধৰি পেৰেনকাইমেল কলাক সুৰক্ষিত কৰা আৰু স্থানীয় চাপ হ্ৰাস কৰিবলৈ অংগ নিৰ্মাণ আৰু যান্ত্ৰিক টান বিয়পোৱা। ষ্ট্ৰ’মেল কলা মূলতঃ সংযোগী কলাৰ কোষ থকা বহিঃকোষীয় মেট্ৰিক্সৰ দ্বাৰা গঠিত। বহিঃকোষীয় মেট্ৰিক্স মূলতঃ আধাৰ পদাৰ্থ - এটা ছিদ্ৰযুক্ত, হাইড্ৰেটেড জেল, মূলতঃ প্ৰটিঅ'গ্লাইকেন গোটৰ পৰা তৈয়াৰী - আৰু সংযোগী কলাৰ আঁহেৰে গঠিত। ষ্ট্ৰ’মাৰ ভিতৰত সাধাৰণতে তিনি প্ৰকাৰৰ আঁহ পোৱা যায়: কলাজেন প্ৰকাৰ I, ইলাষ্টিক আৰু ৰেটিকুলাৰ (কলাজেন প্ৰকাৰ III) আঁহ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "SIU SOM Histology INTRO". www.siumed.edu. http://www.siumed.edu/~dking2/intro/ct.htm। আহৰণ কৰা হৈছে: 2017-10-06.
- ↑ "tissue | biology" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/science/tissue#ref163759.