সমললৈ যাওক

ষ্টৰ্ম ৰিড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ষ্টৰ্ম ৰিড

২০২০ চনত ৰিড
জন্ম ১ জুলাই, ২০০৩ (২২ বছৰ)
আটলাণ্টা, জৰ্জিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১২–বৰ্তমান

ষ্টৰ্ম ৰিড (ইংৰাজী: Storm Reid; জন্ম: ১ জুলাই, ২০০৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। টেলিভিছন শ্ব’ এ ক্ৰছ টু বিয়েৰ (২০১২), ড্ৰামা ছবি ১২ য়েৰ্ছ এ স্লেভ (২০১৩) আৰু ছুপাৰহিৰো ছবি শ্লেট (২০১৬)-ত প্ৰাৰম্ভিক অভিনয়ৰ পিছত তেওঁ ফেণ্টাছী ছবি এ ৰিংকল ইন টাইম (২০১৮)-ত মেগ মাৰীৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। থ্ৰিলাৰ ছবি ড’ণ্ট লেট গ’ (২০১৯) আৰু হৰৰ ছবি দ্য ইনভিজিবল মেন (২০২০)-ত অভিনয় কৰি তেওঁ অধিক স্বীকৃতি লাভ কৰে।

ৰিডে নেটফ্লিক্সৰ মিনি ছিৰিজ হোৱেন দে চি আছ (২০১৯) আৰু এইচবিঅ’ ড্ৰামা ধাৰাবাহিক ইউফ’ৰিয়া (২০১৯–২০২২)-ত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। ড্ৰামা ধাৰাবাহিক দ্য লাষ্ট অৱ আছ (২০২৩)-ৰ "লেফ্ট বিহাইণ্ড" খণ্ডত ৰাইলী এবেলৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে ৰিডে ড্ৰামা ছিৰিজৰ আউটষ্টেণ্ডিং গেষ্ট এক্ট্ৰেছ শিতানত প্ৰাইমটাইম এমি বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ মিষ্ট্ৰী ছবি মিচিং (২০২৩) আৰু হৰৰ ছবি দ্য নান ২ (২০২৩)-ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰিডৰ জন্ম ২০০৩ চনৰ ১ জুলাইত জৰ্জিয়াৰ আটলাণ্টাত ৰডনী আৰু ৰবিন চিম্পছন ৰিডৰ ঘৰত হৈছিল।[1][2] তেওঁ চাৰিজন ভাই-ভনীৰ ভিতৰত আটাইতকৈ সৰু; তেওঁৰ ককায়েক জচ আৰু ইমান আৰু পেৰিছ নামৰ দুগৰাকী ভনীয়েক আছে।[3] সৰুৰেপৰাই ৰিডে এগৰাকী অভিনেত্ৰী হোৱাৰ আকাংক্ষা কৰিছিল আৰু ৯ বছৰ বয়সত অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ তেওঁ আৰু তেওঁৰ পৰিয়াল লছ এঞ্জেলছলৈ গুচি গৈছিল।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰিডে অতি কম বয়সতে পেছাদাৰী অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ২০১২ চনত টেলিভিছন ফিল্ম এ ক্ৰছ টু বিয়েৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। ২০১৩ চনত তেওঁ ঐতিহাসিক ড্ৰামা ছবি ১২ য়েৰ্ছ এ স্লেভত এমিলীৰ চৰিত্ৰত অভিনয় কৰে, যিয়ে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছিল।[4] ২০১৬ চনত তেওঁ বিজ্ঞান ভিত্তিক ড্ৰামা ছবি শ্লেটত টিনাৰ চৰিত্ৰত অভিনয় কৰিছিল, যি ছবিখনৰ নায়ক ব’ৰ সৰু ভনীয়েক আছিল।[5] ছবিখন সফল হোৱাৰ লগতে ইতিবাচক সঁহাৰি লাভ কৰিছিল।[6][7] ২০১৬ চনত তেওঁ লিয়া টু দ্য ৰেস্কিউ নামৰ ছবিখনত আকিৰ চৰিত্ৰত অভিনয় কৰিছিল, যি ছবিখন আমেৰিকান গাৰ্ল ছবি শৃংখলাৰ অংশ আছিল।[8][9]

২০১৭ চনত তেওঁ কমেডী-ড্ৰামা ছবি এ হেপেনিং অৱ মনুমেণ্টেল প্ৰপ’ৰচনছত পেট্ৰিচিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে সমালোচকৰপৰা নেতিবাচক সঁহাৰি পাইছিল।[10] ইয়াৰ বিপৰীতে একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত আভা ডুভাৰ্নেৰ ছবি এ ৰিংকল ইন টাইমত মেগ মাৰীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক ইতিবাচক সঁহাৰি লাভ কৰিছিল।[11] ছবিখন বক্স অফিচত বিফল হোৱা সত্ত্বেও ৰিডৰ অভিনয়ে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল, বহুতে তেওঁৰ অভিনয়ক ছবিখনৰ বিশেষ আকৰ্ষণ বুলি অভিহিত কৰিছিল।[12] দ্য হলিউড ৰিপ’ৰ্টাৰৰ হৈ লিখা জচ স্পিগেলৰ মতে, "ৰিড ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ; মেগৰ মনত থকা সন্দেহৰপৰা আৰম্ভ কৰি নিজৰ ভুলবোৰ আৰু বিশৃংখল পৰিয়ালটোক আঁকোৱালি লোৱালৈকে হোৱা পৰিৱৰ্তনখিনি ৰিডৰ অভিব্যক্তি আৰু সূক্ষ্ম অভিনয়ৰ জৰিয়তে সুন্দৰকৈ ফুটি উঠিছে।" [13] এই চৰিত্ৰটোৰ বাবে তেওঁ টিন চয়ছ এৱাৰ্ড আৰু এন.এ.এ.চি.পি. ইমেজ এৱাৰ্ডৰ মনোনয়ন লাভ কৰিছিল।[14][15][16]

২০১৯ চনত ৰিডে নেটফ্লিক্সৰ মিনি ছিৰিজ হোৱেন দে চি আছৰ দুটা খণ্ডত লিচাৰ চৰিত্ৰত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰিড ইয়াৰ পূৰ্বে অভিনেতা ছায়ীদ শ্বাহিদীৰ সৈতে সম্পৰ্কত আছিল।[17][18][19]

২০২১ চনৰ শৰৎকালত ৰিডে ইউনিভাৰ্চিটি অৱ চাউদাৰ্ণ কেলিফৰ্ণিয়াত নাটকীয় কলাক (dramatic arts) মুখ্য বিষয় আৰু আফ্ৰিকান আমেৰিকান অধ্যয়নক গৌণ বিষয় হিচাপে লৈ অধ্যয়ন আৰম্ভ কৰে।[20][21] তেওঁ এগৰাকী খ্ৰীষ্টান।[22]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rose, Mike (July 1, 2022). "Today's famous birthdays list for July 1, 2022 includes celebrities Dan Aykroyd, Alan Ruck". Cleveland.com. https://www.cleveland.com/entertainment/2022/07/todays-famous-birthdays-list-for-july-1-2022-includes-celebrities-dan-aykroyd-alan-ruck.html আহৰণ কৰা হৈছে: February 27, 2023.
  2. 1 2 Barth, Lauren (March 5, 2020). "The untold truth of Storm Reid" (en-US ভাষাত). TheList.com. https://www.thelist.com/192630/the-untold-truth-of-storm-reid/ আহৰণ কৰা হৈছে: March 26, 2020.
  3. "Facts About Storm Reid – Parents, Brother, Net Worth and Pictures" (en ভাষাত). glamourpath.com. June 25, 2019. https://glamourpath.com/storm-reid আহৰণ কৰা হৈছে: March 26, 2020.
  4. Brooks, Brian (October 20, 2013). "Specialty Box Office: '12 Years A Slave' Triumphs In Limited Debut; 'All Is Lost,' 'Kill Your Darlings' Open Solid" (en ভাষাত). Deadline. https://deadline.com/2013/10/indie-box-office-12-years-a-slave-robert-redford-all-is-lost-616087/ আহৰণ কৰা হৈছে: March 26, 2020.
  5. Atkinson, S. (September 14, 2016). "Who Is Storm Reid? 'A Wrinkle In Time's Meg Murry Is Played By A Formidable Young Actress". Bustle. https://www.bustle.com/articles/183963-who-is-storm-reid-a-wrinkle-in-times-meg-murry-is-played-by-a-formidable আহৰণ কৰা হৈছে: June 1, 2017.
  6. D'Alessandro, Anthony (April 30, 2017). "'Latin Lover' Sets $12M Pantelion Record, 'Baahubali 2' Mighty With $10M+, 'Circle' A Square As 'F8' Leads Listless Weekend" (en ভাষাত). Deadline. https://deadline.com/2017/04/emma-watson-the-circle-fate-of-the-furious-weekend-box-office-how-to-be-a-latin-lover-1202079002/ আহৰণ কৰা হৈছে: March 26, 2020.
  7. (en ভাষাত) Sleight (2017), https://www.rottentomatoes.com/m/sleight, আহৰণ কৰা হৈছে: March 26, 2020
  8. "'Don't Let Go' Star Storm Reid on Watching 'Euphoria' and Shooting 'Invisible Man'" (en ভাষাত). The Hollywood Reporter. September 5, 2019. https://www.hollywoodreporter.com/heat-vision/don-t-let-go-storm-reid-euphoria-shooting-invisible-man-1237020 আহৰণ কৰা হৈছে: March 31, 2020.
  9. "Storm Reid - Speakers Bureau and Booking Agent Info". All American Speakers Bureau. https://www.allamericanspeakers.com/speakers/Storm-Reid/398963 আহৰণ কৰা হৈছে: June 1, 2017.
  10. (en ভাষাত) A Happening of Monumental Proportions (2018), August 24, 2018, https://www.rottentomatoes.com/m/a_happening_of_monumental_proportions, আহৰণ কৰা হৈছে: March 26, 2020
  11. Busch, Anita (September 14, 2016). "Ava DuVernay Sets Lead With 13-Year-Old Storm Reid For 'A Wrinkle In Time'". Deadline. https://deadline.com/2016/09/a-wrinkle-in-time-movie-storm-read-lead-disney-ava-duvernay-1201819349/ আহৰণ কৰা হৈছে: June 1, 2017.
  12. Ma, Wenlei (March 29, 2018). "Oprah epic Disney banked $100 million on". news.com.au. https://news.com.au/entertainment/movies/new-movies/a-wrinkle-in-time-is-visually-spectacular-but-unsatisfying/news-story/34b157d9b945dd31f582d17362d9d10d.
  13. Spiegel, Josh (March 10, 2018). "The Brightest Star of 'A Wrinkle in Time'" (en-US ভাষাত). The Hollywood Reporter. https://www.hollywoodreporter.com/movies/movie-news/a-wrinkle-time-storm-reid-is-brightest-star-1092977/ আহৰণ কৰা হৈছে: September 25, 2022.
  14. "Teen Choice Awards: Winners List" (en ভাষাত). The Hollywood Reporter. August 12, 2018. https://www.hollywoodreporter.com/lists/teen-choice-awards-2018-full-list-winners-1134169 আহৰণ কৰা হৈছে: March 26, 2020.
  15. D'Alessandro, Anthony (April 8, 2019). "The Biggest Box Office Bombs Of 2018: Deadline's Most Valuable Blockbuster Tournament" (en ভাষাত). Deadline. https://deadline.com/2019/04/box-office-bombs-2018-solo-a-star-wars-story-mortal-engines-wrinkle-in-time-robin-hood-nutcracker-1202591271/ আহৰণ কৰা হৈছে: June 21, 2020.
  16. "NAACP Image Awards |" (en-US ভাষাত). https://naacpimageawards.net/ আহৰণ কৰা হৈছে: July 16, 2020.
  17. Khalifeh, Mona (February 17, 2021). "Storm Reid Says Her 'Suicide Squad' Character Is 'Sassy'" (en-US ভাষাত). Entertainment Tonight. https://www.etonline.com/storm-reid-says-her-suicide-squad-character-is-sassy-with-a-little-bit-of-swag-exclusive-160719.
  18. "Yara Shahidi's Brother Sayeed Just Asked Storm Reid to Prom in the Sweetest Way". E! Online. 2019-04-10. https://www.eonline.com/news/1031488/yara-shahidi-s-brother-sayeed-just-asked-storm-reid-to-prom-in-the-sweetest-way.
  19. Delgado, Sara (2019-04-10). "Yara Shahidi Helped Her Brother Sayeed Give Storm Reid the Best Promposal Ever" (en-US ভাষাত). Teen Vogue. https://www.teenvogue.com/story/yara-shahidi-sayeed-storm-reid-promposal.
  20. Elizabeth, De (May 2, 2021). "Storm Reid Confirms She Will Attend USC" (en-US ভাষাত). Entertainment Tonight. https://www.teenvogue.com/story/storm-reid-confirms-she-will-attend-usc আহৰণ কৰা হৈছে: January 23, 2022. "It's official: Storm Reid is headed to the University of Southern California in the fall!"
  21. Apple. (2023, October 11). Study With Me feat. Storm Reid x Apple [Video]. YouTube. https://www.youtube.com/watch?v=ti6r17_TWf4
  22. Neffinger, V. (2018, March 6). 'A Wrinkle in Time' Actress Storm Reid Says God Called Her into Acting. 93.9 KPDQ. https://kpdq.com/articles/blogs/religion-today-blog/a-wrinkle-in-time-actress-storm-reid-says-god-called-her-into-acting

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]